ভুলতো এইসমূহ বস্তুত নিমখ দি নাখাব! জানক বিশেষজ্ঞই কি ক’লে…

খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে নিমখ অপৰিহাৰ্য। কিন্তু অত্যাধিক নিমখ খোৱা স্বাস্থ্যৰ বাবে ভাল নহয়। বিশেষজ্ঞৰ মতে, কিছুমান বস্তুত নিমখ দি খোৱা স্বাস্থ্যৰ বাবে অত্যন্ত বেয়া।

ভুলতো এইসমূহ বস্তুত নিমখ দি নাখাব! জানক বিশেষজ্ঞই কি কলে...

নিমখ

Published: 

06 Apr 2025 | 11:17 AM

খাদ্যৰ সোৱাদৰ বাবে নিমখ অপৰিহাৰ্য। নিমখে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে শৰীৰত আয়’ডিনৰ অভাৱ দূৰ কৰে। অৱশ্যে অত্যাধিক নিমখ খোৱা ভাল নহয়। তাৰ পাছতো একাংশই অত্যাধিক নিমখ সেৱন কৰা দেখা যায়। এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। পুষ্টিকৰ উপাদানৰ অভাৱে স্বাস্থ্যৰ ওপৰত যিদৰে প্ৰভাৱ পেলায়, শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধিয়েও প্ৰভাৱ পেলায়।

এই সন্দৰ্ভত ডায়টেচিয়ান মোহিনী ডোংগৰে কয় যে, মানুহে প্ৰায় প্ৰতিটো খোৱা বস্তুতে নিমখ দি খাই ভাল পায়। কিন্তু কিছুমান বস্তুত নিমখ দি খাব নালাগে। কিয়নো ই আমাৰ স্বাস্থ্যত ক্ষতিসাধন কৰিব পাৰে। বিশেষজ্ঞগৰাকীৰ মতে, তলত দিয়া বস্তুসমূহত নিমখ দি খাব নালাগে-

ফলৰ ৰস

বহু মানুহে কুহিয়াৰ বা মৌচুমীৰ ৰসত নিমখ দি খাই ভাল পায়। কিন্তু জুচত নিমখ দি খোৱা ভাল নহয়। ইয়াৰ ফলত ফলৰ পুষ্টিকৰ উপাদান লাভ কৰা নাযায়। ৰসত নিমখ মিহলাই খালে শৰীৰত নিমখৰ পৰিমাণ বৃদ্ধি পায়। বিশেষজ্ঞসকলৰ মতে, ফলৰ ৰসত নিমখ দি খাব নালাগে।

ফ্ৰুট চাট

বিশেষজ্ঞসকলৰ মতে, ফ্ৰুট চাটত কেতিয়াও নিমখ দি খাব নালাগে। যদি আপুনি ফ্ৰুট চাটত নিমখ ছটিয়াই খায়, তেন্তে ৱাটাৰ ৰিটেনশ্যনৰ সমস্যা হব পাৰে। ইয়াৰোপৰি ইয়াৰ ফলত ৰক্তচাৰক সমস্যা হব পাৰে। গতিকে ফ্ৰুট চালাদৰ ওপৰত নিমখ দি খাব নালাগে।

চালাড

বহুতে চালাডত নিমখ দি খাই ভাল পায়। কিন্তু ইয়াৰ ফলত শৰীৰত ছডিয়ামৰ মাত্ৰা বৃদ্ধি পাব পাৰে। চালাড খালে শৰীৰত ফাইবাৰ আৰু পানী পোৱা যায়। কিন্তু নিমখ দি খালে পানী জমা হোৱাৰ সমস্যা হ’ব পাৰে। বিশেষকৈ কেঁচা শাক-পাচলি নিমখ দি খাব নালাগে।

সীমিত পৰিমাণত নিমখ সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু অত্যাধিক নিমখ খোৱা ভাল নহয়। চিপচ, নুডলছ আৰু অন্যান্য জাংক ফুডত অধিক পৰিমাণৰ ছডিয়াম থাকে সেইবাবে সেইবোৰ বেছিকৈ খোৱা স্বাস্থ্যৰ বাবে উপকাৰী নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...