আপোনাৰ নখেই দিব স্বাস্থ্যৰ অৱস্থাৰ সংকেত! কিদৰে জানিব পাৰিব, চাওক সহজ টিপছ

পুষ্টিৰ অভাৱ যেনে ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ প্ৰায়ে প্ৰথমে নখত দেখা দিয়ে। নখৰ ৰঙৰ পৰা আৰম্ভ কৰি নিস্তেজ পৰা অৱস্থালৈ নখে আপোনাক দিব পাৰে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সংকেত।

আপোনাৰ নখেই দিব স্বাস্থ্যৰ অৱস্থাৰ সংকেত! কিদৰে জানিব পাৰিব, চাওক সহজ টিপছ

নখে দিব স্বাস্থ্যৰ অৱস্থাৰ সংকেত

Published: 

10 Aug 2025 | 03:06 PM

আমাৰ দেহৰ এক বিশেষ অংগ নখ কেৱল সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰতহে যে ব্যৱহাৰ হয়, এনে নহয় নখৰ লগত আমাৰ সুস্বাস্থ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সাধাৰণতে দেখা যায়, কোনো ৰোগী চিকিৎসকৰ কাষলৈ যোৱাৰ সময়ত জিভাৰ লগতে নখৰ প্ৰতিও গুৰুত্ব দিয়ে। নখৰ ৰং চাই শৰীৰত কি সমস্যাই দেখা দিছে, তাৰ এক উমান লাভ কৰিব পাৰে বিশেষজ্ঞসকলে চিকিৎসকসকলৰ দৰে আপুনিও নিজৰ নখ চায়েই স্বাস্থ্যৰ এক উমান লাভ কৰিব পাৰে

পুষ্টিৰ অভাৱ যেনে ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ প্ৰায়ে প্ৰথমে নখত দেখা দিয়ে। নখৰ ৰঙৰ পৰা আৰম্ভ কৰি নিস্তেজ পৰা অৱস্থালৈ নখে আপোনাক দিব পাৰে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সংকেত চাওক এনে কিছু সহজ টিপছ

১) নখ শেঁতা পৰা বা বেঁকা হোৱাঃ আইৰণৰ অভাৱৰ ফলত এনে সমস্যা হব পাৰে। নখ শেঁতা পৰা বা বেঁকা হোৱাৰ লগত আইৰণৰ অভাৱ বা ৰক্তহীনতা জড়িত হৈ থাকে। নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ (NIH) গৱেষণাৰ মতে ক’ইল’নিচিয়া হৈছে নখৰ অস্বাভাৱিক বেঁকা হোৱা অৱস্থা, বহুকেইটা ৰোগৰ ইংগিত হ’ব পাৰে।

২) নখ ভাঙি যোৱাঃ সঘনাই নখ ভাঙি যোৱাটো সাধাৰণতে জিংক, ভিটামিন এ বা বি-কম্প্লেক্স ভিটামিনৰ অভাৱত দেখা যায়। পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন নাপালে সমস্যা অধিক বেয়া হ’ব পাৰে। ইণ্ডিয়ান জাৰ্নেল অৱ ডাৰ্মেট’লজি, ভেনেৰ’লজী এণ্ড লেপ্ৰ’লজী (২০১২)ৰ এক অধ্যয়ন অনুসৰি বিভিন্ন কাৰণত ব্ৰিটল নেল চিনড্ৰম (BNS) হ’ব পাৰে। বিশেষকৈ পুষ্টিহীনতাত ভুগি থকা ৰোগীৰ ক্ষেত্ৰত ই সাধাৰণ।

৩) নখত নীলা-ক’লা দাগ বা ৰং সলনি হোৱাঃ নখত ক’লা উলম্ব ৰেখা পৰা সমস্যাক মেলান’নাইচিয়া বুলি জনা যায়, ই বহুসময়ত ভিটামিন বি ১২ৰ অভাৱৰ বাবে হ’ব পাৰে।

৪) নখৰ বগা দাগঃ যদি নখ অত্যধিক শেঁতা পৰে বা নখৰ গুৰি বগা হয়, তেতিয়া ই হিম’গ্লবিন কম হোৱা বা ফ’লেটৰ অভাৱৰ লক্ষণ হ’ব পাৰে। প্ৰটিন আৰু ভিটামিন বি ১২ৰ অভাৱো ইয়াৰ লগত জড়িত হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...