Diabetes Diet: ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কি খাব লাগে কি নালাগে? জানক চিকিৎসকৰ পৰা…

Diabetes Diet: ডায়েবেটিছ ৰোগীয়ে খাদ্য, জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ডায়েবেটিছ সম্পূৰ্ণৰূপে ঠিক নহয় কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। খাদ্যৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

Diabetes Diet: ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কি খাব লাগে কি নালাগে? জানক চিকিৎসকৰ পৰা...

ডায়েবেটিছ ৰোগীৰ ডায়েট

Published: 

02 Jan 2026 | 02:00 PM

ডায়েবেটিছ আজিৰ সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে। পৰিৱৰ্তিত জীৱনশৈলী, খাদ্যভাস আদিৰ বাবে এই ৰোগে প্ৰায় সকলো বয়সৰ মানুহক চুইছে। দেশৰ লাখ লাখ লোক ডায়েবেটিছ (Diabetes) ত আক্ৰান্ত। শীতকালত এই সমস্যা বেছিকৈ হোৱা দেখা যায়। এই ঋতুত শৰীৰৰ প্ৰয়োজনীয়তা সলনি হয়, আৰু খাদ্যই তেজৰ চেনি (Blood Sugar)ৰ মাত্ৰাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। এনে অৱস্থাত ডায়েবেটিছ ৰোগীয়ে খাদ্য, জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।

ডায়েবেটিছ নিয়ন্ত্ৰণ ৰখাৰ বাবে পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। কিয়নো খালী পেটত কি খাদ্য গ্ৰহণ কৰে সেয়াই গোটেই দিনটোৰ চেনিৰ মাত্ৰাত প্ৰভাৱ পেলায়। ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কি কি খাব লাগে, কি খাদ্যই চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে সেয়া জনা দৰকাৰ।

খালী পেটত কি খাব লাগে?

এই সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে। তেওঁ কয় যে, ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত কুহুমীয়া পানী খাব লাগে। ইয়াৰোপৰি তিয়াই থোৱা আলমণ্ড বা আখৰোট সীমিত পৰিমাণে খাব পাৰে।

পুৱা লঘু, পুষ্টিকৰ আৰু ফাইবাৰযুক্ত খাদ্য গ্ৰহণকৰা ভাল। গঁজালি ওলোৱা মগু, অটছ বা দালিয়া আদি খাব পাৰে। এইবোৰে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰোপৰি আমলখি বা আমলখিৰ ৰস উপকাৰী। সেউজীয় শাক-পাচলি ডায়েবেটিছ ৰোগীৰ বাবে ভাল। সেউজীয়া শাক-পাচলি সব্জী বনাই বা চালাদ আকাৰে খাব পাৰে। এইবোৰে হজম শক্তি উন্নত কৰাৰ লগতে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে। এই খাদ্যই গোটেই শৰীৰটোক দিনটোৰ বাবে শক্তি প্ৰদান কৰি তেজত চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

কি খাব নালাগে?

ডায়েবেটিছ ৰোগীয়েপ পুৱা খালী পেটত কিছুমান খাদ্য খাব নালাগে। যেনে, মিঠা চাহ, চেনি বা গুড়ৰ সৈতে গাখীৰ, পেকেটত থোৱা ৰস আদি। ইয়াৰোপৰি বগা ব্ৰেড, বিস্কুট, কেক বা ভজা খাদ্যই চুগাৰ বৃদ্ধি কৰিব পাৰে। লগতে অত্যধিক মিঠা ফল, কলৰ দৰে উচ্চ চেনিযুক্ত ফল খালী পেটত খোৱা পৰিহাৰ কৰিব লাগে।

গুৰুত্বপূৰ্ণ

  • প্ৰতিদিনে নিয়মীয়া সময়ত আহাৰ গ্ৰহণ কৰক।
  • ব্যায়াম কৰক।
  • সময়মতে ঔষধ খাব।
  • ব্লাড চুগাৰ পৰীক্ষা কৰক।
  • পৰ্যাপ্ত টোপনি যাওক।
  • মানসিক চাপ কম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ ৫টা অভ্যাসে সলনি কৰিব জীৱন! আহিব সফলতা, হ’ব সুখী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব