Good morning: টোপনিৰ পৰা উঠিয়েই নকৰিব এই কাম, বেয়া প্ৰভাৱ পৰিব পাৰে জীৱনত…

Morning tips: পুৱা সাৰ পোৱাৰ পিছত মানি চলিবলগীয়া কিছুমান নিয়ম আছে যিবোৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰা প্ৰয়োজনীয় বুলি বিবেচিত। ইয়াৰ দ্বাৰা ব্যক্তিৰ সকলো সমস্যা দূৰ হয় আৰু জীৱনত সুখ- সৌভাগ্যৰ সৃষ্টি হয় বুলি কোৱা হয়।

Good morning: টোপনিৰ পৰা উঠিয়েই নকৰিব এই কাম, বেয়া প্ৰভাৱ পৰিব পাৰে জীৱনত...

গুড মৰ্ণিং

Published: 

01 Oct 2024 | 06:45 AM

হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি এনে কিছুমান নিয়ম আছে যিসমূহ মানি চলিলে এজন ব্যক্তিয়ে জীৱনত শুভ ফল লাভ কৰে। ব্ৰহ্ম মুহুৰ্তাত দৈনিক সাৰ পোৱাৰ বহু উপকাৰ আছে বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে যি ব্যক্তিয়ে পুৱা সোনকালে সাৰ পাই তেওঁৰ দিনটো ভালদৰে পাৰ হয়। পুৱা সাৰ পোৱাৰ পিছত মানি চলিবলগীয়া কিছুমান নিয়ম আছে যিবোৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰা প্ৰয়োজনীয় বুলি বিবেচিত। ইয়াৰ দ্বাৰা ব্যক্তিৰ সকলো সমস্যা দূৰ হয় আৰু জীৱনত সুখ- সৌভাগ্যৰ সৃষ্টি হয় বুলি কোৱা হয়। গতিকে সেই নিয়মবোৰ কি কি যিবোৰ পুৱা সাৰ পোৱাৰ লগে লগে মানি চলিলে দিনটো সুখকৰ হয়, জানো আহক-

  • পুৱা সাৰ পোৱাৰ লগে লগে কেতিয়াও আইনাখন চাব নালাগে। বাস্তু শাস্ত্ৰৰ মতে,  পুৱা উঠাৰ লগে লগে আইন চালে কিবা অঘটন ঘটিব পাৰে বুলি এটা বিশ্বাস আছে। একেদৰে সনাতন পৰম্পৰাত বিশ্বাস কৰা হয় যে পুৱা যদি আপোনাৰ প্ৰিয় ঈশ্বৰ বা সূৰ্য দেৱতাৰ দৰ্শন কৰে তেন্তে দিনটো শুভ হয়।
  • বাস্তু শাস্ত্ৰৰ মতে নিশা শুৱাৰ সময়ত পৰিধান  কৰা কাপোৰ পুৱা সলাই লব লাগে। যদি শুৱাৰ সময়ত পিন্ধা কাপোৰেই দিনটো ব্যৱহাৰ কৰা হয় তেন্তে জীৱনত অশুভ সংকেত পৰে বুলি কোৱা হয়।
  • পুৱা সাৰ পোৱাৰ পিছত কেতিয়াও বাহি খাদ্য গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ বাহিৰে কেতিয়াও নিচাযুক্ত সামগ্ৰী বা আন গুটখা জাতীয় সামগ্ৰী খাব নালাগে। ইয়াৰোপৰি গৰু, কুকুৰ, চৰাই আদিক খাদ্য দিব লাগে।
  • বাস্তু শাস্ত্ৰৰ মতে পাকঘৰৰ লগত জড়িত দোষবোৰে ব্যক্তিৰ জীৱনত বহু প্ৰভাৱ পেলায়। পুৱা সাৰ পোৱাৰ লগে লগে খালী বাচন-বৰ্তন দেখা বেয়া বুলি কোৱা হয়। ইয়াৰোপৰি বাহি বাচন থৈ দিব নালাগে বুলিও কোৱা হয়।
  • পুৱা সাৰ পোৱাৰ পিছত মনটোক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ বাবে যোগাসন কৰিব পাৰে। জোৰকৈ কেতিয়াও টোপনিৰ পৰা উঠিব নালাগে। ইয়াৰ বাবে গোটেই দিনটো মানসিক চাপত থাকিব পাৰে বুলি কোৱা হয়।
  • পুৱা সাৰ পোৱাৰ পাছতেই ভগৱানৰ নাম স্মৰণ কৰিব লাগে আৰু নেতিবাচক কথা চিন্তা কৰাৰ পৰা মনটো দূৰত ৰাখিব লাগে।

 

(ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু লোকবিশ্বাসৰ ওপৰত আধাৰিত, ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। সাধাৰণ জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত উপস্থাপন কৰা হৈছে।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...