Type 5 Diabetes : টাইপ-৫ ডায়েবেটিছ কি ? কোনসকল লোক আক্ৰান্ত হ’ব পাৰে ?

বেছিভাগেই টাইপ-১ আৰু টাইপ-২ৰ নাম শুনিছে। কিন্তু শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনে টাইপ-৫ ডায়েবেটিছৰ বিষয়ে উল্লেখ কৰিছে ।

Type 5 Diabetes : টাইপ-৫ ডায়েবেটিছ কি ? কোনসকল লোক আক্ৰান্ত হব পাৰে ?

টাইপ ৫ ডায়েবেটিছ

Published: 

16 Apr 2025 15:27 PM

টাইপ ৫ ডায়েবেটিছৰ বিষয়ে জানেনে ? আপুনি হয়তো ভাবিব পাৰে যে এইটো কেনেকুৱা ডায়েবেটিছ। কাৰণ এতিয়ালৈকে বেছিভাগেই টাইপ-১ আৰু টাইপ-২ৰ নাম শুনিছে। কিন্তু শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনে টাইপ-৫ ডায়েবেটিছৰ বিষয়ে উল্লেখ কৰিছে । এই ৰোগ আগতে আফ্ৰিকাত দেখা গৈছিল । কিন্তু এতিয়া ইয়াৰ কিছু ৰোগী আন বহু দেশত ধৰা পৰিছে।

টাইপ-৫ ডায়েবেটিছ ৰোগ পুষ্টিৰ অভাৱৰ ফলত হোৱা ৰোগ। খাদ্যত পুষ্টিকৰ উপাদানৰ অভাৱত এই ৰোগ হয়। যদি ব্যক্তিজনৰ জিনত মিউটেচন হয় আৰু সেই ব্যক্তিজনো পুষ্টিহীনতাত ভুগিছে, তেন্তে তেওঁ টাইপ-৫ ডায়েবেটিছত আক্ৰান্ত হ’ব পাৰে। এই ৰোগত ব্যক্তিজনৰ শৰীৰত ইনচুলিনৰ উৎপাদন কমিবলৈ আৰম্ভ কৰে। যিসকল লোকৰ ওজন কম, তেওঁলোকৰ এই ৰোগৰ আশংকা থাকে।

টাইপ-৫ ডায়েবেটিছ এটা দীৰ্ঘদিনীয়া ৰোগ

এই ৰোগ প্ৰথম আফ্ৰিকাৰ জামাইকাত চিনাক্ত কৰা হৈছিল। ইয়াৰ পিছত আফ্ৰিকাৰ আন আন অঞ্চলতো এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱা যায় । ১৯৮৫ চনত এই ৰোগক টাইপ-৫ ডায়েবেটিছৰ এটা সুকীয়া শ্ৰেণীত স্থান দিয়া হয় আৰু ইয়াক টাইপ-জে ডায়েবেটিছ নাম দিয়া হয়। কিন্তু ২০০০ চনলৈকে এই ৰোগৰ বিষয়ে কোনেও সবিশেষ জনা নাছিল আৰু ইয়াৰ ওপৰত কোনো গৱেষণাও হোৱা নাছিল। সেই সময়ত এই ৰোগৰ আক্ৰান্ত হাৰ কমি গৈছিল ।

তাৰ পিছত এই ৰোগক দিয়া টাইপ-জে ডায়েবেটিছৰ স্বীকৃতি প্ৰত্যাহাৰ কৰা হয়। কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনে ইয়াক টাইপ-৫ ডায়েবেটিছ নাম দিছে। এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে পুনৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনে ।

ৰোগীক চিনাক্ত

এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ অধ্যাপিকা মেৰেডিথ হকিন্সে কয় যে, এতিয়া এই ৰোগৰ ৰোগীক চিনাক্ত কৰাটো সহজ হৈ পৰিব। এতিয়া চিকিৎসকে টাইপ-৫ ডায়েবেটিছ ৰোগীক কেনেদৰে চিকিৎসা কৰিব লাগে সেই বিষয়ে সঠিকভাৱে বুজিব। এতিয়া এই ৰোগত আক্ৰান্ত ৰোগী বৃদ্ধি পাবলৈ ধৰিছে । গতিকে ইয়াৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ পূৰ্বে নাম নথকাৰ বাবে ৰোগী চিনাক্ত কৰিব পৰা নাছিল। এতিয়া এই ৰোগক ভালদৰে বুজিবলৈ আৰু ইয়াৰ চিকিৎসাৰ বাবে গৱেষণা কৰা হ’ব। ইয়াৰ বাবে আইডিএফে এটা দল গঠন কৰিছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension