আয়ুৰ্বেদত মাইগ্ৰেইন আৰু ছাইটিকাৰ কি চিকিৎসা আছে? জানক চিকিৎসকে কি কয়…

Migraine Ayurvedic treatment: আজিকালি প্ৰায়ে মাইগ্ৰেইনৰ সমস্যাত ভোগা দেখা যায়। ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ বিষৰ দৰৱ খায়। কিন্তু মাইগ্ৰেনৰ চিকিৎসা আয়ুৰ্বেদিকৰ জৰিয়তেও কৰিব পাৰি।

আয়ুৰ্বেদত মাইগ্ৰেইন আৰু ছাইটিকাৰ কি চিকিৎসা আছে? জানক চিকিৎসকে কি কয়...

মাইগ্ৰেইন

Published: 

08 May 2025 16:31 PM

মাইগ্ৰেইন আৰু ছাইটিকা এনে ৰোগ যাৰ ফলত ৰোগী যথেষ্ঠ অস্বস্তিত ভোগা দেখা যায়। মাইগ্ৰেইনৰ ফলত মূৰৰ এফালে তীব্ৰ বিষ অনুভৱ হয় আৰু এই বিষ ৪ ঘন্টাৰ পৰা ৭২ ঘন্টা পৰ্যন্ত অবিৰতভাবে থাকে। ইয়াৰ বিপৰীতে ছাইটিকাত নিতম্বৰ পৰা গোৰোহালৈকে বিষ হয়। এই বিষ অবিৰতভাৱে হৈ থাকে। বিষ যেতিয়া তীব্ৰতৰ হৈ উঠে তেতিয়া ৰোগী অসহ্যকৰ হৈ পৰে । আয়ুৰ্বেদত এনেধৰণৰ বহুতো প্ৰতিকাৰ আছে যিয়ে এই ৰোগ দুটাৰ বিষ বহু পৰিমাণে কমাব পাৰে বা ইয়াক নিৰ্মূল কৰিব পাৰে।

মাইগ্ৰেইন হ’লে মূৰৰ এফালে তীব্ৰ বিষ হয়। এই বিষ হ’লে ৰোগী একো কাম কৰিব পৰা অৱস্থাত নাথাকে। আনকি চকু মেলিব নোৱাৰা অৱস্থা পৰ্যন্ত হয়। আনহাতে ছাইটিকাত ৰোগীয়ে অহৰহ বিষত ভুগি থাকে। ভৰিৰ পিছফালে নিতম্বৰ পৰা গোৰোহালৈকে তীব্ৰ বিষ হয়। কেতিয়াবা এই বিষ ইমানেই তীব্ৰতৰ হৈ উঠে যে ৰোগী উঠিবলৈ, বহিবলৈ, খোজ কাঢ়িবলৈ বা আনকি ঘূৰি ফুৰিবলৈও অসুবিধাৰ সন্মুখীন হয়।

ইয়াৰ বাবে বহু সময়ত ৰোগীয়ে পেইনকিলাৰ খায়।ছাইটিকাৰ বাবে চিকিৎসকে ফিজিঅ’থেৰাপিৰ পৰামৰ্শ দিয়ে।  কিন্তু সকলো সময়তে পেইন কিলাৰ খোৱা ভাল নহয়। যাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।

আয়ুৰ্বেদত কি চিকিৎসা আছে

আয়ুৰ্বেদ আৰু ইউনানী বিশেষজ্ঞ ডাঃ অশোক ৰাণাই কয় যে মাইগ্ৰেইনৰ বহু কাৰণ আছে। আয়ুৰ্বেদিক চিকিৎসাত এই কাৰণবোৰ চিনাক্ত কৰাৰ পাছতহে ঔষধ দিয়া হয়। চিকিৎসাত বাতজা, পিত্তজ আৰু কফাজৰ জৰিয়তে চিকিৎসা কৰা হয়। তেওঁ কয় যে, মাইগ্ৰেইন হোৱাৰ সময়ত ৰোগীয়ে তীব্ৰ পোহৰৰ পৰা আঁতৰত থাকিব লাগে।

ইয়াৰ বিপৰীতে ছাইটিকাৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আজৱাইন, হাৰ্চিংগাৰ, কেশৰ,হালধী, মেথী আদি খাব পাৰে। ইয়াৰোপৰি গৰম পানীত ৰক ছল্ট দি বিষ হোৱা স্থানত লগালে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়। আজৱাইন আৰু হালধীত এন্টি ইনফলমেটৰী গুণ আছে। যিয়ে ইয়াৰ বিষ আৰু ফুলা কমোৱাত সহায় কৰে। ইয়াৰোপৰি হৰশিংগাৰ কেশৰ লগত ব্যৱহাৰ কৰিব পাৰি। আনহাতে পুৱা খালী পেটত মেথী খাব পাৰি।

কি কৰিব

যদি আপুনি মাইগ্ৰেইন বা ছাইটিকা বিষত ভুগি আছে আৰু চিকিৎসাৰ দ্বাৰাও সকাহ পোৱা নাই, তেন্তে আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। আয়ুৰ্বেদৰ মতে শৰীৰৰ বাট, পিত্ত আৰু কফাৰ অৱস্থাৰ অৱনতি ঘটিলেহে যিকোনো ৰোগ হয়। গতিকে এই তিনিটাক নিয়ন্ত্ৰণ কৰিব পাৰিল ৰোগ নাইকীয়া হয়। অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানতহে বাট, পিত্ত আৰু কাফা নিয়ন্ত্ৰণ কৰিব পাৰি।

 

অন্য খবৰ পঢ়কঃ গেছৰ সমস্যাত ভুগিছে নেকি? কেনেকৈ পাব পৰিত্ৰাণ? জানক চিকিৎসকৰ পৰা…

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...