Blood Pressure Range: স্বাভাৱিক নহয় ১২০/৮০ ৰক্তচাপ! জাৰি নতুন নিৰ্দেশনা…

Blood Pressure New Guideline: বৰ্তমান সময়ত উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যি এক গুৰুতৰ সমস্যা। ইয়াৰ মাজতে AHA আৰু ACC য়ে ব্লাড প্ৰেচাৰ সন্দৰ্ভত নতুন গাইডলাইন জাৰি কৰিছে।

Blood Pressure Range: স্বাভাৱিক নহয় ১২০/৮০ ৰক্তচাপ! জাৰি নতুন নিৰ্দেশনা...

ব্লাড প্ৰেচাৰ

Published: 

10 Dec 2025 21:24 PM

বৰ্তমান সময়ত তীব্ৰগতিত বৃদ্ধি পাইছে ৰক্তচাপজনিত সমস্যা। মানসিক চাপ, বেয়া টোপনি, খাদ্য, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, স্ক্ৰীণ বেছি ব্যৱহাৰ কৰা আদি ইয়াৰ কাৰণ বুলি কব পাৰি। বৃদ্ধি পোৱা সমস্যালৈ লক্ষ্য কৰি  AHA (American Heart Association) আৰু ACC (American College of Cardiology) য়ে এক নিৰ্দেশনা জাৰি কৰিছে। য’ত নতুন ৰক্তচাপৰ শ্ৰেণী, বিপদৰ সূচাংক আদি বিভিন্ন দিশৰ বিষয়ে উল্লেখ আছে।

নতুন BP ৰ কেটেৰগী কি?

পূৰ্বে স্বাভাৱিক ৰক্তচাপ 120/80 mmHg আছিল। ইয়াৰ অলপ হ্ৰাস-বৃদ্ধি হ’লে বিশেষ চিন্তাৰ কাৰণ নাছিল। কিন্তু  AHA আৰু ACC য়ে এতিয়া নতুন নিৰ্দেশনাত ৰক্তচাপৰ পৰিসৰ অধিক স্পষ্ট কৰি দিছে। এতিয়া 120/80 mmHg ৰ তলত স্বাভাৱিক ৰক্তচাপ, ইয়াতকৈ ওপৰত ৰিডিংক শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়।

উদাহৰণ স্বৰূপে- 120-129 ক Elevated অৰ্থাৎউচ্চ ৰক্তচাপৰ (উচ্চ ৰক্তচাপৰ আগতীয়া সতৰ্কবাণী চিন) বুলি ধৰা হয়, 130-139 ক Stage 1 Hypertension বা উচ্চ ৰক্তচাপৰ প্ৰথম পৰ্যায় আৰু 140/90 mmHg ৰ ওপৰক Stage 2 Hypertension বা গুৰুতৰ উচ্চ ৰক্তচাপ বুলি ধৰা হয়।

ৰক্তচাপৰ ১০টা নতুন নিৰ্দেশনা কি?

১/ 120/80 mmHg ৰ তলত স্বাভাৱিক ৰক্তচাপঃ যদি ৰক্তচাপ 120/80 mmHg  ৰ তলত থাকে তেন্তে এয়া স্বাভাৱিক আৰু নিৰাপদ। ইয়াৰ ওপৰত হলে আওকাণ কৰিব নালাগে।

২/ 120-129 Elevated BP: এই পৰ্যায় High BP হোৱাৰ সতৰ্কবাণী। এই পৰ্যায়ত ঔষধৰ প্ৰয়োজন নাই। খাদ্যভাস, জীৱনশৈলীৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

৩/ 130-139 को Stage 1 Hypertension: এই পৰ্যায় মানে ব্লাড প্ৰেচাৰ বৃদ্ধি পাইছে আৰু ইয়াক গুৰুত্ব দিয়া প্ৰয়োজন। চিকিৎসকে প্ৰথমে জীৱনশৈলী সলনি কৰাৰ পৰামৰ্শ দিয়ে। পৰৱৰ্তী সময়ত ঔষধ দিয়ে। এই পৰ্যায়ত হৃদযন্ত্ৰ আৰু বৃক্কৰ ওপৰত চাপ বৃদ্ধি পায়।

৪)  140/90 mmHg তকৈ ওপৰত Stage 2 Hypertension:  ই গুৰুতৰ সমস্যা আৰু তৎকালীন চিকিৎসাৰ প্ৰয়োজন। এই সময়ত ঔষধৰ প্ৰয়োজন। দীৰ্ঘসময় এনে হৈ থাকিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

৫/ ঔষধৰ আৰম্ভণিঃ নতুন নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, বিপদ বৃদ্ধি হোৱাৰ লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ঔষধ খাব লাগে। পুৰণি গাইডলাইনৰ দৰে অপেক্ষা কৰা ঠিক নহয়।

৬/ জীৱনশৈলীৰ পৰিৱৰ্তনঃ ব্যায়াম, ওজন নিয়ন্ত্ৰণ, নিখম কম খোৱাস মানসিক চাপ আদি কম কৰা প্ৰয়োজন। প্ৰতিদিনে অন্তত ৩০ মিনিট খোজ কাঢ়িব লাগে। জীৱনশৈলীত পৰিৱৰ্তন অনা প্ৰয়োজন।

৭/ ঘৰুৱা বি পি নিৰীক্ষণ অতি প্ৰয়োজনীয়ঃ ঘৰত বি পি পৰীক্ষা কৰা মেচিন থকা প্ৰয়োজন।

৮/ নিমখ হ্ৰাসঃ নিমখে সমস্যা বৃদ্ধি কৰে। গতিকে নিমখ, পেকেটত ভৰোৱা খাদ্য আদি কম খাব লাগে।

৯/ মানসিক চাপঃ মানসিক চাপ নিয়ন্ত্ৰণ কৰা দৰকাৰ। টোপনি, ব্যায়াম, উশাহ-নিশাহত গুৰুত্ব দিব লাগে।

১০) হাই ৰিস্ক ৰোগীঃ যিসকলৰ হৃদৰোগ, ডায়েবেটিছ বা বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি, তেওঁলোকৰ ৰক্তচাপ আনতকৈও কম কৰি ৰাখিব লাগিব যাতে হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্ক বিকল হোৱাৰ সম্ভাৱনা কম হয়।

বিশেষজ্ঞই কি কয়

এই সন্দৰ্ভত ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে কয় যে, নতুন গাইডলাইনৰ জৰিয়তে উচ্চ ৰক্তচাপৰ ৰোগীক আগতীয়াকৈ চিনাক্ত কৰিব পৰা যাব। যাৰ ফলত হৃদৰোগ, বৃক্ক ৰোগ, ষ্ট্ৰোক আদিৰ সম্ভাৱনা কম হ’ব।

গুৰুত্বপূৰ্ণ

  • প্ৰতিদিনে ৩০ মিনিট খোজ কাঢ়ক।
  • নিমখ, পেকেটৰ খাদ্য কমকৈ খাওক।
  • ৭-৮ঘন্টা টোপনি যাওক।
  • মানসিক চাপ কম কৰক।
  • পানী খাব।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ মুখৰ পৰা বেয়া গোন্ধ ওলাই নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক সকলো…

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...