ব্ৰেইন টিউমাৰৰ মূল কাৰণ কি ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ জানক

এই ৰোগ সময়ত চিনাক্ত নকৰিলে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। মগজুৰ টিউমাৰ কি আৰু কিয় হয় আৰু ইয়াৰ লক্ষণবোৰ বিশেষজ্ঞৰ পৰা জানোঁ আহক।

ব্ৰেইন টিউমাৰৰ মূল কাৰণ কি ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ জানক
Published: 

30 Nov 2025 | 10:11 AM

আমি প্ৰায়ে মূৰৰ বিষক কেৱল ভাগৰ বা মানসিক চাপ বুলি আওকাণ কৰোঁ। কিন্তু আপুনি জানেনে যে, এই সৰু সৰু লক্ষণবোৰ কেতিয়াবা ব্ৰেইন টিউমাৰৰ দৰে গুৰুতৰ অৱস্থাৰ লক্ষণ হ’ব পাৰে। এই ৰোগ সময়ত চিনাক্ত নকৰিলে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। মগজুৰ টিউমাৰ কি আৰু কিয় হয় বিশেষজ্ঞৰ পৰা জানোঁ আহক।

ব্ৰেইন টিউমাৰ কি আৰু কিয় হয়?

স্নায়ু বিশেষজ্ঞ ডাঃ ভাৰ্ন ভেলহ’ৰ মতে মগজুৰ কোষবোৰ অস্বাভাৱিক আৰু দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে মগজুৰ টিউমাৰৰ সৃষ্টি হয়। এই কোষবোৰে স্বাভাৱিক কোষৰ ঠাই লয় আৰু মগজুত ‘স্পেচ অকুপিং ৰিজিঅ’ন’ (SOL) সৃষ্টি কৰে।

জিনত হোৱা মিউটেচন মগজুৰ টিউমাৰৰ আটাইতকৈ সাধাৰণ কাৰণ। আন কাৰণো থাকিব পাৰে, যিবোৰ এতিয়াও গৱেষণাৰ অধীনত আছে। টিউমাৰ জিনীয় কাৰণত হব পাৰে। পিতৃ-মাতৃৰ পৰা সন্তানলৈ সংক্ৰমিত হ’ব পাৰে।

ইয়াৰ লগতে অন্যান্য কাৰণবোৰ হৈছে- বিকিৰণৰ অত্যধিক সংস্পৰ্শ। একেদৰে কীটনাশক বা পেট্ৰলিয়াম ৰাসায়নিক দ্ৰব্যৰে কাম কৰা লোকসকলে উপযুক্ত সুৰক্ষা (মাস্ক, গ্ল’ভছ) ব্যৱহাৰ নকৰিলে বিপদ বৃদ্ধি পায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ’লে টিউমাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

মগজুৰ টিউমাৰৰ মূল লক্ষণ

এই লক্ষণসমূহ কেতিয়াও আওকাণ কৰিব নালাগে, আৰু যদি দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক:

তীব্ৰ আৰু স্থায়ী মূৰৰ বিষ: এই মূৰৰ বিষ ইমানেই তীব্ৰ যে ৰোগীয়ে সহ্য কৰিব নোৱাৰে আৰু এই বিষ স্থায়ী হয়।

মূৰৰ বিষৰ লগত বমি: ৰাতিপুৱা যদি মূৰৰ বিষ তীব্ৰ হয় আৰু তাৰ পিছত বমি হয়, তেন্তে ইয়াৰ দ্বাৰা মগজুৰ চাপ বৃদ্ধি পোৱাৰ ইংগিত পোৱা যায়। এয়া এক গুৰুতৰ সতৰ্কবাণী।

মূৰ্ছা যোৱা : কেতিয়াবা, ৰোগীয়ে হঠাতে এটেক, মূৰ্ছা যোৱা, পাঁচ মিনিটৰ পিছত চেতনা ঘূৰাই পোৱাৰ অনুভৱ কৰে।

আচৰণৰ পৰিৱৰ্তন: ৰোগীৰ আচৰণ আৰু বাক্যৰ পৰিৱৰ্তন হ’ব পাৰে।

দৃষ্টিশক্তিৰ অক্ষমতা (দুৰ্বলতা): এগৰাকী ৰোগীৰ দৃষ্টিশক্তি কমি যাব পাৰে। লগতে শৰীৰৰ যিকোনো অংশত দুৰ্বলতা অনুভৱ কৰা।

শিশুৰ ক্ষেত্ৰত বিশেষ মনোযোগ: যদি কোনো শিশুৱে সঘনাই মূৰৰ বিষ, দৃষ্টিশক্তি বেয়া হোৱাৰ অভিযোগ কৰে বা ভোকহীনতা আৰু অলস হৈ থাকে, তেন্তে তৎক্ষণাত পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...