জৰায়ুৰ সংক্ৰমণ কি? কাৰণ, লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানো আহক

জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। ডাঃ চঞ্চলে কয় যে, শৰীৰত বহু প্ৰকাৰৰ বিপদজনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়।

জৰায়ুৰ সংক্ৰমণ কি? কাৰণ, লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানো আহক

জৰায়ুৰ সংক্ৰমণ কি?

Published: 

27 Apr 2025 | 06:48 AM

আজিকালি মহিলাৰ জৰায়ুৰ সংক্ৰমণ সাধাৰণ সমস্যা যদিও ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ আমি জনা উচিত। কাৰণ এই ৰোগ যদি সময়মতে চিনাক্ত নহয়, তেন্তে এই ৰোগে গুৰুতৰ ৰূপ ল’ব পাৰে। ইয়াৰ ফলত এগৰাকী নাৰীৰ মাতৃ হোৱাৰ সপোনো ভাঙিব পাৰে! জৰায়ুত সংক্ৰমণ হ’লে জৰায়ুত আন বহুতো সমস্যাই দেখা দিব পাৰে।

আশা আয়ুৰ্বেদৰ সঞ্চালক তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চঞ্চল শৰ্মাই কয় যে, সাধাৰণ যেন লগ জৰায়ুৰ সংক্ৰমণ কেতিয়াবা গুৰুতৰ হৈ পৰে, যদিহে সহজে ধৰাত নপৰে। গতিকে লক্ষণসমূহ সময়মতে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়।

জৰায়ুৰ সংক্ৰমণ কি?

জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। ডাঃ চঞ্চলে কয় যে, শৰীৰত বহু প্ৰকাৰৰ বিপদজনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়। এই সংক্ৰমণৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে। গতিকে আপুনি এই বেমাৰক সহজভাৱে ল’ব নালাগে আৰু যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

  • যদি আপোনাৰ পেটৰ তলৰ অংশ ফুলি উঠা যেন লাগে আৰু প্ৰায়ে এনেকৈ থাকে তেন্তে পৰীক্ষা কৰক।
  • প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলেও সাৱধান হওক।
  • ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হ’লে সহজভাৱে নল’ব। ই জৰায়ুৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।
  • জৰায়ুৰ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব জানক
  • সুৰক্ষিত যৌন সম্পৰ্ক কৰা
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া
  • সুষম খাদ্য খোৱা
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...