জৰায়ুৰ সংক্ৰমণ কি? কাৰণ, লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানো আহক

জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। ডাঃ চঞ্চলে কয় যে, শৰীৰত বহু প্ৰকাৰৰ বিপদজনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়।

জৰায়ুৰ সংক্ৰমণ কি? কাৰণ, লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানো আহক

জৰায়ুৰ সংক্ৰমণ কি?

Published: 

27 Apr 2025 06:48 AM

আজিকালি মহিলাৰ জৰায়ুৰ সংক্ৰমণ সাধাৰণ সমস্যা যদিও ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ আমি জনা উচিত। কাৰণ এই ৰোগ যদি সময়মতে চিনাক্ত নহয়, তেন্তে এই ৰোগে গুৰুতৰ ৰূপ ল’ব পাৰে। ইয়াৰ ফলত এগৰাকী নাৰীৰ মাতৃ হোৱাৰ সপোনো ভাঙিব পাৰে! জৰায়ুত সংক্ৰমণ হ’লে জৰায়ুত আন বহুতো সমস্যাই দেখা দিব পাৰে।

আশা আয়ুৰ্বেদৰ সঞ্চালক তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চঞ্চল শৰ্মাই কয় যে, সাধাৰণ যেন লগ জৰায়ুৰ সংক্ৰমণ কেতিয়াবা গুৰুতৰ হৈ পৰে, যদিহে সহজে ধৰাত নপৰে। গতিকে লক্ষণসমূহ সময়মতে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়।

জৰায়ুৰ সংক্ৰমণ কি?

জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। ডাঃ চঞ্চলে কয় যে, শৰীৰত বহু প্ৰকাৰৰ বিপদজনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়। এই সংক্ৰমণৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে। গতিকে আপুনি এই বেমাৰক সহজভাৱে ল’ব নালাগে আৰু যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

  • যদি আপোনাৰ পেটৰ তলৰ অংশ ফুলি উঠা যেন লাগে আৰু প্ৰায়ে এনেকৈ থাকে তেন্তে পৰীক্ষা কৰক।
  • প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলেও সাৱধান হওক।
  • ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হ’লে সহজভাৱে নল’ব। ই জৰায়ুৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।
  • জৰায়ুৰ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব জানক
  • সুৰক্ষিত যৌন সম্পৰ্ক কৰা
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া
  • সুষম খাদ্য খোৱা
শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...