টোপনিৰ অভাৱ হ’লে শৰীৰত দেখা দিয়ে এইসমূহ গুৰুতৰ ৰোগ, সাৱধান হওক…

Sleep: দীৰ্ঘদিন ধৰি পৰ্যাপ্ত পৰিমাণে টোপনি নগ'লে শৰীৰত বিভিন্ন গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। জানো আহক সেইবোৰ কি...

টোপনিৰ অভাৱ হলে শৰীৰত দেখা দিয়ে এইসমূহ গুৰুতৰ ৰোগ, সাৱধান হওক...

টোপনিৰ অভাৱ

Published: 

17 Aug 2025 09:21 AM

শৰীৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত আৰু গভীৰ টোপনি অতি প্ৰয়োজনীয়। বিশেষজ্ঞসকলৰ মতে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতিদিনে গড়ে ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। কিন্তু আধুনিক জীৱনৰ ব্যস্ততা, মানসিক চাপ, ইলেক্ট্ৰনিক যন্ত্ৰৰ অত্যধিক ব্যৱহাৰ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীয়ে বহুতৰে টোপনিত বাধাৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি পৰ্যাপ্ত পৰিমাণে টোপনি নাপালে শৰীৰত বিভিন্ন গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। জানো আহক সেইবোৰ কি কি…

টোপনিৰ অভাৱৰ ফলত হ’ব পৰা সমস্যাসমূহ হ’ল —

  • শক্তি আৰু মনোযোগৰ অভাৱ – যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে আপুনি ভাগৰুৱা অনুভৱ কৰে, আপোনাৰ মনোযোগ কমি যায় আৰু আপোনাৰ কৰ্ম উৎপাদনশীলতা কমি যায়।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল – টোপনিৰ সময়ত শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। টোপনিৰ অভাৱে শৰীৰক সহজেই ভাইৰাছ আৰু সংক্ৰমণৰ দিশে ঠেলি দিয়ে।
  • হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি – অধ্যয়নত দেখা গৈছে যে দীৰ্ঘদিন টোপনিৰ অভাৱত উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
  • ওজন বৃদ্ধি – টোপনিৰ অভাৱে ভোক নিয়ন্ত্ৰণ কৰা হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। ফলত অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ি যায়।
  • ডায়েবেটিছৰ আশংকা – টোপনিৰ অভাৱে ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সমস্যাৰ সৃষ্টি কৰে।
  • মানসিক সমস্যা – টোপনিৰ অভাৱত উদ্বেগ, খিংখিঙীয়া, হতাশা আৰু মানসিক অস্থিৰতাৰ সম্ভাৱনা বৃদ্ধি পায়।
  • ছালৰ ক্ষতি – পৰ্যাপ্ত টোপনিৰ অভাৱত ছাল শুকান, ক’লা বৃত্ত আৰু অকাল বয়স বৃদ্ধি হ’ব পাৰে।
  • স্মৃতিশক্তিৰ অক্ষমতা – টোপনিৰ সময়ত মগজুৱে স্মৃতি সঞ্চয় কৰে। টোপনিৰ অভাৱত শিক্ষণ ক্ষমতা আৰু স্মৃতিশক্তি হ্ৰাস পায়।

বিশেষজ্ঞৰ পৰামৰ্শ —

  • প্ৰতিদিনে নিৰ্দিষ্ট সময়ত শুবলৈ যাওক। আৰু এটা নিৰ্দিষ্ট সময়ত উঠিবলৈ চেষ্টা কৰক।
  • শোৱাৰ আগতে মোবাইল, টিভি আৰু লেপটপৰ ব্যৱহাৰ কমাই দিব। সম্ভৱ হ’লে শোৱাৰ ৩০ মিনিটৰ আগত এইবোৰৰ  পৰা আঁতৰি থাকক।
  • শোৱাৰ আগতে গধুৰ খাদ্য আৰু কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।
  • আৰামদায়ক আৰু অন্ধকাৰ পৰিৱেশত শুবলৈ চেষ্টা কৰক।

লগতে পঢ়ক: বাহি ৰুটি খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ উপকাৰ আৰু অপকাৰৰ বিষয়ে জানক…

এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক
দাঁত-হাড়ৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যও থাকিব অটুট, কেলচিয়াম সমৃদ্ধ এইকেইবিধ ফলে দিব আচৰিত লাভ