আপুনি প্ৰতিদিনে নিশ্চয় বাতৰি কাকত পঢ়ে, কিন্তু এই বাতৰি কাকতৰ তলত থকা চাৰিটা ৰঙীন বিন্দুৰ অৰ্থ কি জানেনে?

বাতৰি কাকত পঢ়ি বহু লোকে ভাল পায়, কিছুমানে বাতৰি কাকত পঢ়িহে ৰাতিপুৱাৰ চাহ কাপ হাতত লয়। আপুনি পঢ়া বাতৰি কাকতৰ পৃষ্ঠাৰ তলত চাৰিটা ৰঙীন বিন্দু থাকে। বিশেষ কথাটো হ’ল এই বিন্দুবোৰ প্ৰতিদিনে একে ৰঙৰ। কিন্তু কেতিয়াবা ভাবিছেনে এই বিন্দু ৩টা কিয় দিয়া হয়?

আপুনি প্ৰতিদিনে নিশ্চয় বাতৰি কাকত পঢ়ে, কিন্তু এই বাতৰি কাকতৰ তলত থকা চাৰিটা ৰঙীন বিন্দুৰ অৰ্থ কি জানেনে?

বাতৰি কাকতৰ তলত থকা চাৰিটা ৰঙীন বিন্দুৰ অৰ্থ কি জানেনে?

Published: 

06 Dec 2024 06:20 AM

এতিয়া ডিজিটেল যুগ কিন্তু আজিৰ সময়োতো বহুলোকৰ প্ৰথম পছন্দ বাতৰি কাকত। কিন্তু এতিয়াও এনে একাংশ মানুহ আছে যাৰ বাবে বাতৰিৰ অৰ্থ হ’ল সামাজিক মাধ্যমৰ খবৰ। কিছুমান লোকৰ আজিও বাতৰি কাকতৰ সৈতে আবেগ জড়িত হৈ আছে। আপুনি হয়টো লক্ষ্য কৰিছে প্ৰতিদিনে পঢ়া বাতৰি কাকতৰ তলত ৩টা ভিন্ন ৰঙৰ বিন্দু থাকে আৰু শিৰোনামৰো ৰং পৃথক পৃথক ব্যৱহাৰ কৰা হয়, ইয়াৰ আঁৰত কি কাৰণ আছে জানেনে?

প্ৰতিখন বাতৰি কাকতৰ পৃষ্ঠাৰ তলত প্ৰায় ৪টাকৈ ৰঙীন বিন্দু দেখা যায়। ইমান ডাঙৰ বাতৰি কাকতখনত এই সৰু বিন্দু দিয়াৰ কাৰম বাতৰি কাকততে আছে। এই বিন্দুৰ চাৰিটা ৰঙেৰে বাতৰি কাকতৰ শিৰোণাম লিখা হয়!ইয়াক CMYK কালাৰ মোড বোলা হয়। এইবোৰ কি জানো আহক?

CMYK কি?

এই বিন্দুবোৰে বাতৰি কাকতত সঠিক ৰঙৰ আৰ্হি সৃষ্টি কৰিবলৈ মাৰ্কাৰ হিচাপে কাম কৰে। শৈশৱত আমাক শিকাইছিল যে ৰঙা, হালধীয়া আৰু নীলা এনেকুৱা ৰং যিবোৰ আমি আন ৰঙৰ সহায়ত সৃষ্টি কৰিব নোৱাৰো। এইবোৰক প্ৰাথমিক ৰং বোলা হয়।

কিন্তু এই তিনিটা ৰঙৰ সহায়ত আমি নিশ্চিতভাৱে বিভিন্ন ধৰণৰ ৰং সৃষ্টি কৰিব পাৰো। যিকোনো দুটা প্ৰাথমিক ৰং সমান পৰিমাণে ব্যৱহাৰ কৰিলে তৃতীয় এটা ৰং গঠন হয়, যাক গৌণ ৰং বোলা হয়। উদাহৰণস্বৰূপে- ৰঙা + হালধীয়া = কমলা, হালধীয়া + নীলা = সেউজীয়া, ৰঙা + নীলা = বেঙুনীয়া ইত্যাদি।

এতিয়া প্ৰাথমিক ৰঙৰ আৰ্হি প্ৰিন্টাৰতো ব্যৱহাৰ কৰা হয়। মাত্ৰ আৰু এটা ৰং ক’লা ইয়াত যোগ কৰা হৈছে। CMYK ত C মানে Cyan, আৰু সহজ ভাষাত ইয়াৰ অৰ্থ নীলা। M মানে মেজেন্টা, অৰ্থাৎ গোলাপী, Y মানে হালধীয়া আৰু K মানে ক’লা। বাতৰি কাকতৰ পৰা আলোচনী, ভিজিটিং কাৰ্ড, ফ্লেক্স বেনাৰ আৰু সকলো চৰকাৰী চিঠি, সকলোবোৰ ৪টা ৰঙেৰে ছপা হয়।

বাতৰি কাকতবোৰ ইমান ৰঙীন

এই চাৰিটা ৰং সঠিক অনুপাতত ৰাখি যিকোনো ৰং সৃষ্টি কৰিব পাৰি। ফটো এখন ছপাবলৈ এই সকলোবোৰ ৰঙীন প্লেট এটা পৃষ্ঠাত পৃথকে পৃথকে ৰখা হয় আৰু ছপা কৰাৰ সময়ত একে শাৰীতে থাকে।

কেতিয়াবা বাতৰি কাকতৰ ছবিবোৰ যদি ধোঁৱা ধোঁৱা দেখা যায়, তেন্তে ইয়াৰ অৰ্থ হ’ল এই চাৰিটা ৰঙৰ প্লেটবোৰ ওপৰা-ওপৰিকৈ সোমাই গৈছে। ইয়াৰ অৰ্থ হ’ল যদি কোনো ৰঙৰ বিন্দু আন এটা ৰঙৰ বিন্দুৰ ওপৰত পৰে, তেন্তে বুজিব যে সেই পৃষ্ঠাত ছপা কৰা ছবিবোৰৰ ৰংবোৰো বেয়া আৰু দাগী হ’ব।

কিতাপ ছপা কৰাৰ সময়তো CMYK চিহ্ন থাকে যদিও পৃষ্ঠা কাটি থাকোঁতে আঁতৰাই পেলোৱা হয়। এই ৰঙৰ ধৰণটো ব্ৰ’চাৰ আৰু ভিজিটিং কাৰ্ডতো ব্যৱহাৰ কৰা হয়। ঈগল প্ৰিন্টিং ইনকৰ্পৰেশ্যন কোম্পানীয়ে প্ৰথমবাৰৰ বাবে ১৯০৬ চনত চিএমৱাইকে ব্যৱহাৰ কৰিছিল।

এই তিনিটা ৰঙে টিভিক ৰঙীন কৰি তোলে

CMYKৰ ৰং বেছি হ’লে উজ্জ্বল দেখা নাযায়, বেয়াহে দেখা যায়। ইয়াত আন এটা ৰঙৰ মোড আহে, ইয়াৰ নাম RGB। অৰ্থাৎ ৰঙা, সেউজীয়া আৰু নীলা। টিভি হওক, কম্পিউটাৰ হওক বা মোবাইল হওক, এই সকলোবোৰৰ ৰঙীন ডিছপ্লে ৰঙীন কৰিবলৈ লাখ লাখ ৰং ব্যৱহাৰ কৰা হয়, কিন্তু মাত্ৰ ৩ টা মূল ৰঙে টিভিটোক ৰঙীন কৰি তোলে। এই তিনিটা ৰং হৈছে RGB অৰ্থাৎ ৰঙা, সেউজীয়া আৰু নীলা । এই তিনিটা ৰঙৰ বিভিন্ন শ্বেডে একেলগে ইলেক্ট্ৰনিকছ আৰু ডিজিটেল ডিভাইচৰ ১ কোটি ৬০ লাখ ৰং পূৰণ কৰে।

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?