ভিটামিন-E ৰ অভাৱ হ’লে শৰীৰত কি কি ৰোগ হ’ব পাৰে? জানক বিশেষজ্ঞৰ পৰা…
শৰীৰৰ বাবে ভিটামিন ই অতি গুৰুত্বপূৰ্ণ। ছাল আৰু চুলি ভালে ৰখাতো ই সহায় কৰে। যেতিয়া ইয়াৰ অভাৱ হয় শৰীৰত বহু সমস্যা আহিব পাৰে। গতিকে সাৱধান হোৱা ভাল।

ভিটামিন E
সুস্থ শৰীৰৰ বাবে বিভিন্ন পুষ্টিকৰ উপাদানৰ লগতে ভিটামিন ই অতি গুৰুত্বপূৰ্ণ। ই এবিধ অপৰিহাৰ্য এন্টিঅক্সিডেন্ট যিয়ে শৰীৰৰ কোষক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ছাল, চকু, পেশী আৰু মগজুৰ স্বাস্থ্যৰ বাবে ই অতি প্ৰয়োজনীয়। গতিকে যেতিয়া শৰীৰত ইয়াৰ অভাৱ হয় তেতিয়া কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনকি ই গুৰুতৰ ৰোগৰ ৰূপ ল’ব পাৰে।
ভিটামিনৰ অভাৱৰ ফলত কেতিয়াবা শৰীৰত চৰ্বি (Fat)) হজম কৰাত অসুবিধা হয়। ভিটামিন ই চৰ্বিত দ্ৰৱীভূত হয়, গতিকে চৰ্বি হজম নোহোৱাৰ ক্ষেত্ৰত ভিটামিন ইও শৰীৰত সঠিকভাৱে মিহলি নহয়। এই সমস্যা সাধাৰণতে যকৃত, অগ্নাশয় বা অন্ত্ৰৰ লগত জড়িত ৰোগ যেনে চিলিয়াক ৰোগ, ক্ৰ’ন ৰোগ বা পিত্তথলীৰ সমস্যাত দেখা যায়।
ভিটামিন-ইৰ অভাৱত কি কি সমস্যা হয়?
জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত কুমাৰে এই বিষয়ে সবিশেষ জনাইছে।
১/ পেশীৰ দুৰ্বলতা আৰু বিষঃ যেতিয়া শৰীৰত ভিটামিন ইৰ অভাৱ হয়, তেতিয়া পেশীবোৰে পুষ্টি নাপায়। ইয়াৰ ফলত দুৰ্বলতা, ভাগৰুৱা আৰু পেশীৰ বিষ হোৱাৰ সম্ভাৱনা থাকে। দীৰ্ঘদিন ধৰি এই সমস্যা থাকিলে পেশীয়ে কাম কৰাত অসুবিধা পায়।
২) স্নায়ু আৰু স্নায়ুজনিত সমস্যাঃ এই ভিটামিনে স্নায়ুতন্ত্ৰ সুৰক্ষিত কৰে। ইয়াৰ অভাৱত হাত-ভৰি অজ্ঞান হোৱা, টিংটিং, ভাৰসাম্যৰ সমস্যা আৰু খোজ কঢ়াত অসুবিধা আদি লক্ষণ দেখা দিয়ে। এক কথা স্নায়ুৰ ৰোগ হ’ব পাৰে।
৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বলঃ ভিটামিন ই ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় আৰু শক্তিশালী কৰে। ইয়াৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। যাৰ ফলত সঘনাই বেমাৰত পৰিব পাৰে।
৪/ দৃষ্টিশক্তি সম্পৰ্কীয় সমস্যাঃ এই ভিটামিনৰ অভাৱত চকুৰ দৃষ্টিশক্তিত প্ৰভাৱ পৰিব পাৰে। দৃষ্টিশক্তি কমি যাব পাৰে। ৰেটিনাৰ লগত জড়িত সমস্যাও হ’ব পাৰে।
৫) ছাল আৰু চুলিৰ স্বাস্থ্যৰ অৱনতিঃ ভিটামিন ইৰ অভাৱত ছাল শুকান আৰু নিৰ্জীৱ হৈ পৰে। ইয়াৰ ফলত বিষ, খজুৱতি বা অকাল বলিৰেখা হ’ব পাৰে। আনকি চুলিৰ স্বাস্থ্যতো ব্যাঘাত জন্মে।
৬/ ৰক্তহীনতাঃ ভিটামিন ইয়ে ৰক্তকণিকাক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে। ইয়াৰ অভাৱত কোষবোৰ সোনকালে ভাঙি যায়, যাৰ ফলত বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ ৰক্তহীনতাৰ সম্ভাৱনা বৃদ্ধি পায়।
ভিটামিন ইৰ অভাৱত কি খাব লাগে
- সেউজীয়া পাতৰ শাক-পাচলি,
- আলমণ্ড খাব,
- দৈনিক ১ চামুচ সূৰ্যমুখী গুটি খাব,
- এভোকেডো,
- আখৰোট,
- বাদাম,
- পিষ্টাচিয়া আদি খাব।
- চৰ্বিযুক্ত মাছ (ছালমন, মেকেৰেল) নিৰামিষভোজীসকলৰ বাবে এক উৎকৃষ্ট উৎস।
- লগতে ফ্লেক্স ছিডছ আৰু চিয়া ছিডছ, ভিটামিন ই চাপ্লিমেণ্ট (প্ৰয়োজন হ’লে) খাব লাগে ।
এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।
অন্য খবৰ পঢ়কঃ সঘনাই টেঙা উগাৰ আহি থাকে নেকি? ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় জানক…