আপুনি মদ্যপান কৰে নেকি ? ফেটি লিভাৰ কেই প্ৰকাৰৰ ? কোন প্ৰকাৰৰ ফেটি লিভাৰ বেছি বিপদজনক ? জানক

সাধাৰণতে ফেটি লিভাৰ দুই প্ৰকাৰৰ থাকে । এটা হৈছে এলকহলিক ফেটি লিভাৰ আৰু আনটো হৈছে নন-এলকহলিক ফেটি লিভাৰ । এই দুয়োটাৰ কোনটো বেছি বিপদজনক জানক...

আপুনি মদ্যপান কৰে নেকি ? ফেটি লিভাৰ কেই প্ৰকাৰৰ ? কোন প্ৰকাৰৰ ফেটি লিভাৰ বেছি বিপদজনক ? জানক

প্ৰতীকী ফটো

Updated On: 

22 Apr 2025 20:05 PM

ফেটি লিভাৰ বিভিন্ন কাৰণত হ’ব পাৰে । সাধাৰণতে ফেটি লিভাৰ দুই প্ৰকাৰৰ থাকে । এটা হ’ল যিটো মদ খোৱাৰ বাবে হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়। কিন্তু মদ্যপান নকৰাকৈয়ো ফেটি লিভাৰৰ সমস্যা হ’ব পাৰে । যদি মদ্যপান নকৰাকৈ ফেটি লিভাৰ হয় তেন্তে তাক নন-এলকহলিক ফেটি লিভাৰ বোলা হয়। উল্লেখ্য যে, ফেটি লিভাৰৰ সমস্যা হ’লে সাৱধান হোৱাটো অতি প্ৰয়োজন । কিয়নো ই পিছলৈ একেবাৰে লিভাৰ বিকল কৰিব পাৰে ।

চিকিৎসকে কয় যে, লিভাৰত অত্যাধিক ফেট হ’লে ইয়াক ফেটি লিভাৰ ডিজিজ বুলি কোৱা হয়। বিগত সময়ছোৱাত ভাৰতত লিভাৰৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । লিভাৰ বিকল হোৱাৰ লগে লগে ট্ৰান্সপ্লাণ্টৰ বাবে অপেক্ষা কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। এনে পৰিস্থিতিত লিভাৰ সুস্থ কৰি ৰখাটো জৰুৰী।

এলকহলিক ফেটি লিভাৰ (AFLD)

অত্যাধিক মদ্যপান কৰা লোকসকল এই ৰোগত আক্ৰান্ত হয়। কাৰণটো হ’ল মদ খোৱাৰ পিছত তেওঁলোকৰ লিভাৰে ইয়াক হজম কৰিবলৈ সংগ্ৰাম কৰে। ইয়াৰ বাবে ফেট গঠন হ’বলৈ আৰম্ভ কৰে আৰু লিভাৰৰ কোষৰ ক্ষতি হয়। যদি মদ্যপান কৰি থাকে তেন্তে এ এফ এল ডি দ্ৰুতভাৱে এলকহলিক হেপাটাইটিছ, ফাইব্ৰ’ছিছ আৰু শেষত চিৰ’ছিছ বা যকৃতৰ বিকলতালৈ গতি কৰিব পাৰে। যিটো মাৰাত্মক। ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে।

এলকহলিক ফেটি লিভাৰৰ বিপদ

অত্যাধিক মদ্যপান কৰাৰ ফলত এই প্ৰকাৰৰ ফেটি লিভাৰ হয় । ইয়াৰ ফলত দেহত পুষ্টিৰ অভাৱ হয় । হেপাটাইটিছ বি বা চিৰ দৰে সংক্ৰমণ আশংকা বৃদ্ধি পায় ।

নন-এলকহলিক ফেটি লিভাৰৰ বিপদ(NAFLD)

এই সমস্যা মদ্যপানৰ সৈতে কোনো সম্পৰ্ক নাই। মেদবহুলতাৰ বাবে এই প্ৰকাৰৰ ফেটি লিভাৰ হয় । টাইপ ২ ডায়েবেটিছ আৰু উচ্চ কলেষ্টেৰলৰ আশংকা থাকে ।

কোনটো বেছি বিপদজনক?

চিকিৎসকৰ মতে, এই দুয়োটা সমস্যাই বিপদজনক। এইবোৰৰ ফলত লিভাৰ চিৰ’ছিছ, লিভাৰ কেন্সাৰ আনকি মৃত্যুও হ’ব পাৰে। কিন্তু নন-এলক’হলিক ফেটি লিভাৰৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । এই ক্ষেত্ৰত চিন্তনীয় কথাটো হ’ল যে, ই গুৰুতৰ হৈ নোযোৱালৈকে কোনেও ইয়াক গুৰুত্ব নিদিয়ে।

নন-এলকহলিক ফেটি লিভাৰৰ সমস্যা আগতীয়াকৈ নিৰ্ণয় কৰাটো কঠিন। ই নিৰৱে বাঢ়ি গৈ থাকে আৰু হঠাতে গুৰুতৰ ৰূপ ল’লেহে স্পষ্ট হৈ পৰে। কাৰণ এজন ব্যক্তিয়ে ভাবে যে, যদি তেওঁ মদ নাখায় তেন্তে তেওঁৰ লিভাৰ ভাল হৈ আছে । আপোনাৰ বেয়া খাদ্যাভ্যাসেও মদৰ দৰে লিভাৰৰ ক্ষতি কৰিব পাৰে।

লিভাৰ কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি

বিশেষকৈ লিভাৰৰ সমস্যা থাকিলে মদ্যপান সীমিত বা পৰিহাৰ কৰক । নিয়মীয়া ব্যায়ামৰ জৰিয়তে সুস্থ ওজন বজাই ৰাখিব লাগে । ফলমূল, শাক-পাচলি খাব । অধিক পৰিমাণৰ ৰিফাইন আটা খোৱাৰ পৰা বিৰত থাকক ।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব