পেটৰ তলৰ অংশত বিষ… এয়া জৰায়ুৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

মহিলাৰ জৰায়ুৰ সংক্ৰমণ এটা গুৰুতৰ সমস্যা। এনে ক্ষেত্ৰত ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জনাটো অতি গুৰুত্বপূৰ্ণ। পেটৰ তলৰ অংশৰ বিষৰ পৰা আৰম্ভ কৰি ইয়াৰ বহুতো লক্ষণ আছে।

পেটৰ তলৰ অংশত বিষ... এয়া জৰায়ুৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বগা স্ৰাৱৰ সমস্যা বেছি হৈছে নেকি

Updated On: 

10 Aug 2025 08:24 AM

আজিকালি প্ৰায় মহিলাৰ জৰায়ুৰ সংক্ৰমণ হয় যদিও ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ গম নাপাও। এই ৰোগ যদি সময়মতে চিনাক্ত নহয়, তেন্তে গুৰুতৰ ৰূপ ল’ব পাৰে। ইয়াৰ ফলত এগৰাকী নাৰীৰ মাতৃ হোৱাৰ সপোনো ভাঙিব পাৰে! জৰায়ুত সংক্ৰমণ হ’লে জৰায়ুত আন বহুতো সমস্যাই দেখা দিয়ে।

জৰায়ুৰ সংক্ৰমণ কি?

জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে মহিলাৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ। যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়। এই সংক্ৰমণৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে। গতিকে আপুনি এই বেমাৰক সহজভাৱে নল’ব। যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

জৰায়ুৰ সংক্ৰমণৰ মুখ্য কাৰণবোৰ হ’ল বেক্টেৰিয়া, ভাইৰাছ, বা ফাংগাছৰ সংক্ৰমণ, যৌন সংক্ৰমিত ৰোগ, কিছুমান চিকিৎসা পদ্ধতিৰ ফলত হোৱা জটিলতা, আৰু গৰ্ভপাত বা প্ৰসৱৰ পিছত হোৱা সংক্ৰমণ আদি। এইবোৰৰ বাহিৰেও, অস্বাস্থ্যকৰ পৰিৱেশ আৰু ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

লক্ষণ

  • যদি আপোনাৰ পেটৰ তলৰ অংশ ফুলি উঠা যেন লাগে আৰু প্ৰায়ে এনেকৈ থাকে তেন্তে পৰীক্ষা কৰক।
  • প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলেও সাৱধান হওক।
  • ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হ’লে সহজভাৱে নল’ব। ই জৰায়ুৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।

জৰায়ুৰ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব জানক

  1. সুৰক্ষিত যৌন সম্পৰ্ক কৰা
  2. পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া
  3. সুষম খাদ্য খোৱা
দক্ষিণ আফ্ৰিকা শৃংখলাৰ প্ৰাকক্ষণত অনুৰাগীলৈ ডাঙৰ খবৰ, প্ৰত্যাৱৰ্তন ঘটিব ৰোহিত শৰ্মাৰ!
কিয় যমুনাৰ পানী ঘৰত ৰখা নহয়, ইয়াৰ আঁৰৰ কাৰণ জানি হ'ব আচৰিত!
স্বামীৰ ভাগ্য উদয় হ’ব এই ৫ টা ৰাশিৰ কন্যা বিয়া পাতিলে!
শচীন, কোহলী, দ্ৰাবিড়ৰ সৈতে একে ক্লাবত গিল; দক্ষিণ আফ্ৰিকাৰ বিপক্ষে শৃংখলাতে পাব ডাঙৰ সুযোগ