জিম বা ডায়েট নকৰাকৈ কেনেকৈ হ্ৰাস কৰিব শৰীৰৰ ওজন ? | Weight Loss Tips Without Gym and Diet in Assamese Assam news - Assam Tv9

Weight Loss Tips: জিম বা ডায়েট নকৰাকৈ কেনেকৈ হ্ৰাস কৰিব শৰীৰৰ ওজন ? এই কেইটা সহজ উপায় জানক…

Published: 

13 Aug 2024 21:44 PM

আপুনি যিমান কষ্ট কৰিলেও শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ইয়াৰ লগতে সকলোৰে বাবে জিম বা ডায়েট কৰাৰো সম্ভৱ নহয়। তেন্তে কেনেকৈ কমাব ওজন? প্ৰতিদিনে প্ৰটিন আৰু আঁহযুক্ত খাদ্য বেছিকৈ খাব লাগে। ই বিপাকীয় হাৰ বৃদ্ধি কৰিব আৰু ওজন হ্ৰাস কৰাত সহায় কৰিব । ঘৰতে বনোৱা যিকোনো খাদ্য খালে ওজন কমাব পাৰি। মাত্ৰ ৰন্ধা সময়ত তেল, নিমখ, চেনি কম পৰিমাণে ব্যৱহাৰ কৰক। ইয়াৰ উপৰিও কেইটা উপায় জানি লওক...

1 / 8আপুনি যিমান কষ্ট কৰিলেও শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ইয়াৰ লগতে সকলোৰে বাবে জিম বা ডায়েট কৰাৰো সম্ভৱ নহয়। তেন্তে কেনেকৈ কমাব ওজন?

আপুনি যিমান কষ্ট কৰিলেও শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ইয়াৰ লগতে সকলোৰে বাবে জিম বা ডায়েট কৰাৰো সম্ভৱ নহয়। তেন্তে কেনেকৈ কমাব ওজন?

2 / 8

প্ৰতিদিনে প্ৰটিন আৰু আঁহযুক্ত খাদ্য বেছিকৈ খাব লাগে। ই বিপাকীয় হাৰ বৃদ্ধি কৰিব আৰু ওজন হ্ৰাস কৰাত সহায় কৰিব ।

3 / 8

দৈ, আচাৰ আদি প্ৰ’বায়’টিক খাদ্য খাব । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰিব ।

4 / 8

ঘৰতে বনোৱা যিকোনো খাদ্য খালে ওজন কমাব পাৰি। মাত্ৰ ৰন্ধা সময়ত তেল, নিমখ, চেনি কম পৰিমাণে ব্যৱহাৰ কৰক।

5 / 8

ওজন কমাবলৈ টোপনিৰ প্ৰয়োজন। অনিদ্ৰাৰ ফলত মেদবহুলতা, ডায়েবেটিছ আদি সমস্যাৰ সৃষ্টি হয়। শৰীৰৰ স্বাস্থ্য আৰু সঠিক শৰীৰৰ ওজন বজাই ৰাখিবলৈ নিশা কমেও ৭-৮ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন ।

6 / 8

মানসিক চাপ কমাব। মানসিক চাপ বাঢ়িলে শৰীৰৰ হৰম’নৰ ভাৰসাম্য হেৰাই যায়। ইয়াৰ ফলত প্ৰায়ে ওজন বৃদ্ধি পায়। গতিকে জিমলৈ গৈ ওজন কমাব নোৱাৰিলেও নিশ্চয় মানসিক চাপ কমাব পাৰিব।

7 / 8

ওজন কম কৰিবলৈ কম খাদ্য খোৱাৰ ভুল নকৰিব । শৰীৰত পুষ্টিৰ অভাৱ হ’লে ওজন হ্ৰাস কৰাত কঠিন হৈ পৰে। শৰীৰৰ পুষ্টিৰ প্ৰয়োজনীয়তা সৃষ্টি হ’লে ওজন কমি নাযায় । কিন্তু ইয়াৰ বিপৰীতে শাৰীৰিক সমস্যা বাঢ়িব।

8 / 8

প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে ওজন কমাবলৈ বহুত সহজ হৈ পৰে। কমেও ৩-৪ লিটাৰ পানী খাব লাগে।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…