হ্ৰাস পাব ওজন! কেৱল পুৱাৰ ভাগত নাখাব এইসমূহ খাদ্য…

Weight loss tips: আজিকালি বহুতে ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যাত ভোগে। তেনে ক্ষেত্ৰত মানুহে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি ওজন হ্ৰাস কৰিব বিচাৰে।

হ্ৰাস পাব ওজন! কেৱল পুৱাৰ ভাগত নাখাব এইসমূহ খাদ্য...

ওজন হ্ৰাস

Published: 

23 Jan 2025 07:05 AM

আজিকালি প্ৰায় সকলোৱে ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। ওজন নিয়ন্ত্ৰণ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। কিন্তু ওজন হ্ৰাস কৰা ইমান সহজ নহয়। ওজন নিয়ন্ত্ৰণ কৰিবলৈ ডায়েট আুৰু ব্যায়ামৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া আৱশ্যক। ইয়াৰোপৰি পুৱা শুই উঠাৰ পাছত কৰা ব্ৰেকফাষ্টে আমাৰ শৰীৰৰ ওজনত যথেষ্ঠ প্ৰভাৱ পেলায়। গতিকে পুৱাৰ খাদ্যৰ দ্বাৰাও আমি ওজন বৃদ্ধি হোৱাত কিছু পৰিমাণে বাধা প্ৰদান কৰিব পাৰো।

নিউট্ৰিছনিষ্ট নমামী আগৰৱালাই কয় যে ব্ৰেকফাষ্টত যদি অস্বাস্থ্যকৰ বস্তু খোৱা হয় তেন্তে ই হজম প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। যাৰ ফলত ওজন হ্ৰাস হোৱা প্ৰক্ৰিয়া লেহেমীয়া হয়। এনেক্ষেত্ৰত বিশেষজ্ঞই জনাইছে যে আপুনি ব্ৰেকফাষ্টৰ পৰা কিছুমান বস্তু আঁতৰাই দিলে ওজন হ্ৰাস কৰাক সহজ হ’ব।

বগা ব্ৰেড

বগা ব্ৰেডত ফাইবাৰ মাত্ৰা কম থাকে আৰু কাৰ্বোহাইড্ৰেটৰ পৰিমাণ অধিক থাকে। যাৰ বাবে ওজন সোনকালে বৃদ্ধি পায়ষ ইয়াৰ পৰিৱৰ্তে গোটা শস্যৰ ব্ৰেড খাব পাৰে য’ত ফাইবাৰৰ পৰিমাণ অধিক থাকে।

ফলৰ পেকেটৰ খাদ্য

পেকেটত থকা বিভিন্ন প্ৰকাৰৰ ৰসত ফাইবাৰৰ পৰিমাণ কম থাকে আৰু চেনি বেছি থাকে। ই ওজন বৃদ্ধিৰ কাৰক হ’ব পাৰে। যদি আপুনি ফলৰ ৰস খাব বিচাৰিছে তেন্তে সতেজ ফল বা ইয়াৰ ৰস খাব পাৰে।

বেকাৰীৰ বস্তু

ব্ৰেকফাষ্টত বেকাৰীৰ সামগ্ৰী যেনে মাফিন আৰু ডোনাট আদি খাব নালাগে। এইবোৰত অধিক পৰিমাণৰ ৰিফাইনড আৰু ট্ৰেন্স ফেট থাকে। ওজন বৃদ্ধিৰ লগতে ৰোগৰ আশংকাও বৃদ্ধি পায়।

চাহ আৰু কফি

পুৱাৰ সময়ত চেনি দিয়া চাহ বা কফি খোৱা বেয়া।এইবোৰত অধিক পৰিমাণৰ কেফেইন থাকে। তাৰ পৰিৱৰ্তে গ্ৰীণ টি, ব্লেক কফি বা বনৌষধি চাহ খাব। কেমোমিল, পদিনা বা সেউজীয়া চাহ খাব পাৰে।

চেনিযুক্ত শস্য

কিছুমান মানুহে ব্ৰেকফাষ্টত চেনিযুক্ত শস্য খায়। এইবোৰত বহু পৰিমাণে কেলৰি থাকে। ব্ৰেকফাষ্টত তেলৰ বস্তু খাব নালাগে। ই ওজন বৃদ্ধি কৰে। ইযাৰ সলনি আলমণ্ড, আখৰোট আদি খাব পাৰে।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...