খাদ্য কম খোৱাৰ পাছতো কিয় ওজন বাঢ়ে? জানক চিকিৎসকৰ পৰা…

ওজন বৃদ্ধি আজিৰ সময়ত এক ডাঙৰ সমস্যা। মেদবহুলতাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। কিছুমান মানুহৰ খাদ্য কম খোৱাৰ পাছতো ওজন বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ আঁৰত থাকিব পাৰে কিছুমান কাৰণ।

খাদ্য কম খোৱাৰ পাছতো কিয় ওজন বাঢ়ে? জানক চিকিৎসকৰ পৰা...

ওজন

Published: 

23 Jan 2026 | 03:22 PM

আজিকালি বহু মানুহে ওজন বৃদ্ধিৰ সমস্যাত ভোগা দেখা যায়। কিছুমান মানুহে অতি কম খাদ্য খাই, কিন্তু পাছতো ওজন বৃদ্ধি হয়। খাদ্য কম খোৱাৰ পাছতো ওজন নিয়ন্ত্ৰণহীন হৈ পৰে। এই সমস্যা সহজভাৱে ল’ব নালাগে। ইয়াৰ আঁৰত থাকিব পাৰে কাৰণ। ই কোনো শাৰীৰিক সমস্যাৰ লক্ষণ হ’ব পাৰে। এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

কাৰণ

এই বিষয়ে সবিশেষ জনাইছে ৰাজীৱ গান্ধী হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে। তেওঁ কয় যে, কমকৈ খোৱাৰ পিছতো ওজন বৃদ্ধি হোৱাটো বহুতৰ মাজত এক সমস্যা।  বিশেষকৈ ৪০ বছৰৰ পাছত এই সমস্যা বেছিকৈ হয়। ইয়াৰ প্ৰধান কাৰণ হ’ল বিপাকীয় ক্ৰিয়া লেহেমীয়া হোৱা। যেতিয়া মানুহৰ শৰীৰত কম কেলৰি  বাৰ্ণ হয় তেতিয়া বেছি নাখালেও ওজন বাঢ়ে। কেলৰি বাৰ্ণ নহ’লে সোনকালে শৰীৰত চৰ্বি জমা হয়। যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

হৰম’নৰ ভাৰসাম্যহীনতা

হৰম’নৰ ভাৰসাম্যহীনতাৰ ফলতো ওজন বৃদ্ধি হ’ব পাৰে। এই সমস্যা মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। হৰম’নৰ পৰিৱৰ্তন যেনে পিচিঅ’এছ, ৰজোনিবৃত্তি, বা গৰ্ভাৱস্থা আদিৰ বাবে এনে হ’ব পাৰে। মহিলাৰো ৪০ বছৰ বয়সৰ পাছত এই সমস্যা বেছিকৈ দেখা যায়।

ডায়েটিং

কিছুমান মানুহৰ ডায়েট পদ্ধতিৰ বাবেও ওজন বৃদ্ধি হোৱা দেখা যায়। প্ৰয়োজনতকৈ কম খাদ্য খালে, দীৰ্ঘসময় ভোকত থাকিলে শৰীৰ অনাহাৰ অৱস্থালৈ যায়। এনে অৱস্থাত শৰীৰে চৰ্বি জমা কৰে যাৰ ফলত ওজন বৃদ্ধি পায়। ইয়াৰোপৰি যদি কোনো ব্যক্তিয়ে ষ্টেৰইড ঔষধ খাই আছে তেন্তে কম খাদ্য গ্ৰহণ কৰিলেও ওজন বৃদ্ধি হ’ব পাৰে।

কি কৰিব

  • সুষম খাদ্য খাওক।
  • পৰ্যাপ্ত পৰিমাণৰ খাওক।
  • দৈনিক কমেও ৩০ মিনিট ব্যায়াম কৰক।
  • ৭-৮ ঘণ্টা টোপনি নিশ্চিত কৰক।
  • মানসিক চাপ কম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ চকুৰ পৰা বাৰে বাৰে পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক…

শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক...
ব্লাড চুগাৰ হ্ৰাস পালে কি কি লক্ষণে দেখা দিয়ে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...