৩০ বছৰৰ পাছত কিয় বৃদ্ধি পাই ওজন? জানক ইয়াৰ আঁৰৰ কাৰণ…

প্ৰায়ভাগ মানুহৰে ৩০ বছৰৰ পাছত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। এই সময়চোৱাত বিশেষকৈ ওজন বৃদ্ধি হোৱা দেখা যায়। কেতিয়াবা ই সাধাৰণ হ'ব পাৰে,কেতিয়াবা ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে।

৩০ বছৰৰ পাছত কিয় বৃদ্ধি পাই ওজন? জানক ইয়াৰ আঁৰৰ কাৰণ...

ওজন বৃদ্ধি

Published: 

19 Jan 2026 | 03:07 PM

প্ৰায় ৩০ বছৰ মানৰ পাছত বহু মানুহৰ হঠাতে ওজন বৃদ্ধি পাই আৰু ভাগৰুৱা অনুভৱ কৰি থাকে। যিবোৰ কাম আগতে সহজ যেন লাগে এটা বয়সৰ পাছত সেইবোৰা কাম কৰিলে কষ্ট আৰু ক্লান্তি অনুভৱ হয়। বয়স বৃদ্ধি, ৰুটিন পৰিবৰ্তন, খাদ্য আদি বিভিন্ন কাৰণত মানুহে এনে হয় বুলি ভাবে। কিন্তু ইয়াৰ কাৰণ কেতিয়াবা প্ৰয়োজনীয় ভিটামিনৰ অভাৱ হ’ব পাৰে। যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন লাভ নকৰে তেতিয়া এই সমস্যা দেখা দিব পাৰে। ওজন বৃদ্ধি, শক্তিৰ অভাৱ, এলাহ আদি ইয়াৰ লক্ষণ।

কি ভিটামিনৰ অভাৱ

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে, ভিটামিন ডি (Vitamin D) আৰু ভিটামিন বি ১২ (Vitamin B12)ৰ অভাৱৰ ফলত ওজন বৃদ্ধিৰ লগতে ভাগৰুৱা অনুভৱ হ’ব পাৰে। ভিটামিন ডিয়ে বিপাকীয় ক্ৰিয়া বজাই ৰখাত সহায় কৰি পেশী শক্তিশালী কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া চৰ্বি জমা হয় আৰু এলাহ বৃদ্ধি পায়।

ইয়াৰোপৰি ভিটামিন বি১২য়ে শৰীৰক শক্তি প্ৰদান কৰি সুস্থ স্নায়ুতন্ত্ৰ বজাই ৰখাত সহায় কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া শৰীৰে শক্তি সঠিকভাৱে উৎপাদন কৰিব নোৱাৰে। এনে অৱস্থাত ভাগৰ, দুৰ্বলতা, এলাহ আদি বাঢ়ে। যেতিয়া এই দুয়োটা ভিটামিনৰ অভাৱ হয় তেতিয়া ওজন নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে আৰু ভাগৰ বেছি হয়।

কেনেকৈ দূৰ কৰিব?

ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ পুৱাৰ ৰ’দত অলপ সময় কটোৱা প্ৰয়োজনীয়। ইয়াৰোপৰি গাখীৰ, দৈ, আন খাদ্য খাব লাগে।ভিটামিন বি১২ৰ বাবে গাখীৰ, দৈ, পনিৰ, দালি, সেউজীয়া শাক-পাচলি, মাছ, কুকুৰা, কণী আদি খাব পাৰে। প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।দৈনিক লঘু ব্যায়াম কৰক।

কি কৰিব

  • পৰ্যাপ্ত টোপনি লওক।
  • জাংক ফুড নাখাব।
  • নিয়মিতভাৱে ভিটামিনৰ মাত্ৰা পৰীক্ষা কৰক।
  • সুষম খাদ্য খাওক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে পুৱা তিয়াই থোৱা বুট খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...