শীতকালত গৰম কাপোৰ পিন্ধি শোৱাটো কিমান বিপজ্জনক? জানক….

আমি ভাবো আমি ঠাণ্ডাক পৰাস্ত কৰিছো, কিন্তু বাস্তৱত আপুনি "আৰামদায়ক" বুলি ভবা উষ্ণতাই ৰাতিৰ আন্ধাৰত আপোনাৰ শৰীৰৰ সৈতে এক অদ্ভুত আৰু বিপদজনক খেল খেলে। চুৱেটাৰ পিন্ধি কম্বলৰ তলত শুই থকাটো কেৱল ভুল নহয়, ই এক গুৰুতৰ স্বাস্থ্যজনিত বিপদ।

শীতকালত গৰম কাপোৰ পিন্ধি শোৱাটো কিমান বিপজ্জনক? জানক....

শীতকালত গৰম কাপোৰ পিন্ধি শুলে কি হয়?

Updated On: 

14 Dec 2025 | 03:47 PM

বাহিৰত কুঁৱলী আৰু আপুনি আপোনাৰ কম্বলত তলত আছে,সেই কথা কল্পনা কৰিয়েই ভাল লাগে । ইমান ঠাণ্ডা যে কাপোৰ সলনি কৰাৰ সাহস নহয়, গতিকে আপুনি যদি ভাবিছে, আজি  চুৱেটাৰ আৰু মোজা পিন্ধি শুই যাওঁ ই আপোনাক গৰম কৰি ৰাখিব।”

বৰ আৰামদায়ক যেন লাগে নহয়নে? আমাৰ বেছিভাগেই ঠিক তেনেকুৱাই কৰে। আমি ভাবো আমি ঠাণ্ডাক পৰাস্ত কৰিছো, কিন্তু বাস্তৱত আপুনি “আৰামদায়ক” বুলি ভবা উষ্ণতাই ৰাতিৰ আন্ধাৰত আপোনাৰ শৰীৰৰ সৈতে এক অদ্ভুত আৰু বিপদজনক খেল খেলে। চুৱেটাৰ পিন্ধি কম্বলৰ তলত শুই থকাটো কেৱল ভুল নহয়, ই এক গুৰুতৰ স্বাস্থ্যজনিত বিপদ।

হৃদযন্ত্ৰৰ ওপৰত চাপ

ঊলৰ কাপোৰ বা ডাঠ চুৱেটাৰে শৰীৰৰ তাপ ওলাই যাবলৈ নিদিয়ে। কম্বলখন ইতিমধ্যে গৰম হৈ গৈছে, আৰু তাৰ ওপৰত চুৱেটাৰ পিন্ধিলে শৰীৰৰ উষ্ণতা অত্যধিক বৃদ্ধি পায়। এই বৰ্ধিত তাপে ৰক্তবাহী নলীত চাপ দিয়ে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি বা উদ্বেগ সৃষ্টি হ’ব পাৰে। আনকি এই অভ্যাস হৃদৰোগীৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।

ছালৰ আৰ্দ্ৰতা আৰু ফোহা

শীতকালত বতাহ প্ৰাকৃতিকভাৱে শুকান হয়। আমি যেতিয়া উলৰ কাপোৰ পিন্ধি শুওঁ তেতিয়া কাপোৰ আৰু ছালৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয়, যাৰ ফলত ছালৰ পৰা বাকী থকা আৰ্দ্ৰতা আঁতৰি যায়। ফলত ৰাতিপুৱা সাৰ পাই খজুৱতি, ৰঙা পৰা, বা একজিমাৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে। চিকিৎসকে ইয়াক “শীতকালীন খজুৱতি” বুলি কয়। ঊলৰ আঁহে সুক্ষ্ম ছালত বিৰক্তিকৰ কৰিব পাৰে।

গভীৰ টোপনিত বাধা

বিজ্ঞানৰ মতে সুস্থ, গভীৰ টোপনিৰ বাবে শৰীৰৰ উষ্ণতা অলপ কম হ’ব লাগে। চুৱেটাৰ পিন্ধি শুলে শৰীৰটো অতিমাত্ৰা গৰম হৈ পৰে। ইয়াৰ ফলত গোটেই ৰাতিটো অস্থিৰ অনুভৱ হয়, সঘনাই ঘাম ওলায়, সাৰ পায়। সতেজ অনুভৱ কৰাৰ পৰিৱৰ্তে আপুনি ভাগৰুৱা অনুভৱ কৰি সাৰ পায়।

অক্সিজেনৰ অভাৱ

শুনিবলৈ আচৰিত হ’ব পাৰে, কিন্তু অতি টান আৰু ডাঠ কাপোৰ পিন্ধিলে আৰু নিজকে কম্বলেৰে ঢাকিলে কেতিয়াবা “অক্সিজেন ব্লক” হ’ব পাৰে। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই কথা সঁচা হ’ব পাৰে, কিয়নো তেওঁলোকে নিজৰ অস্বস্তিৰ কথা ক’ব নোৱাৰিব পাৰে।

সঠিক উপায় কি?

ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ আৰু বেমাৰৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপসমূহ চেষ্টা কৰক:
শুই থকাৰ সময়ত সদায় কপাহী বা ৰেচমৰ কাপোৰ পিন্ধিব লাগে। এইবোৰৰ দ্বাৰা ছালখনে উশাহ ল’ব পাৰে।
যদি অতি ঠাণ্ডা হয় তেন্তে থাৰ্মেল পিন্ধক, কিয়নো ই পাতল আৰু শৰীৰত লাগি থাকে।

কাপোৰবোৰ লেয়াৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ কুইল্ট বা কম্বলখন লেয়াৰ কৰক। গৰম অনুভৱ কৰিলে কম্বল আঁতৰোৱাটো সহজ, কিন্তু শুই থকা অৱস্থাত চুৱেটাৰ আঁতৰোৱাটো কঠিন।

(অস্বীকাৰ: ইয়াত উল্লেখ কৰা পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যেহে আৰু ইয়াক পেছাদাৰী চিকিৎসা পৰামৰ্শ বুলি ধৰিব নালাগে। যিকোনো প্ৰশ্ন বা উদ্বেগ থাকিলে সদায় চিকিৎসকৰ পৰামৰ্শ লওক।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...