চকুৰ পৰা বাৰে বাৰে পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক…

কিছুমান মানুহৰ অনবৰতে চকুৰ পৰা পানী ওলাই থাকে। এয়া সাধাৰণ বুলি ভবা হয় যদিও সকলো সময়ত ই সাধাৰণ নহ'ব পাৰে। কেতিয়াবা ই আমাৰ শাৰীৰিক সমস্যাৰ ইংগিত হোৱাৰ সম্ভাৱনা থাকে।

চকুৰ পৰা বাৰে বাৰে পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক...

চকুৰ সমস্যা

Published: 

23 Jan 2026 | 07:14 AM

বহুতৰে বিভিন্ন সময়ত চকুৰ লগত জড়িত সমস্যা হোৱা দেখা যায়। কিছুমানৰ অনবৰতে চকুৰ পৰা পানী ওলাই থাকে। কেতিয়াবা ই সাধাৰণ যেন লাগিলেও সকলো সময়ত সাধাৰণ নহ’ব পাৰে। ই কোনো ৰোগৰ লক্ষণ হোৱাৰ সম্ভাৱনা থাকে। ধূলি, ধোঁৱা, বতাহ, বেছি সময় স্ক্ৰীণ আদি ব্যৱহাৰ কৰাৰ ফলতো চকুৰ পৰা পানী ওলাব পাৰে। কিন্তু এই সমস্যা যদি বাৰে বাৰে আৰু দীৰ্ঘসময় ধৰি হয় তেন্তে এয়া কোনো ৰোগৰ ইংগিত হ’ব পাৰে। গতিকে এইবোৰ আওকাণ কৰিব নালাগে।

বয়স বৃদ্ধিৰ পাছতো চকুৰ পৰা পানী ওলোৱা দেখা যায়। ইয়াৰোপৰি চকুৰ পৃষ্ঠভাগ শুকান হ’লে শৰীৰে অধিক চকুলো উৎপন্ন কৰে, তেনে অৱস্থাতা পানী ওলায়।

বাৰে বাৰে পানী ওলোৱাৰ কাৰণ

এই সন্দৰ্ভত সবিশেষ জনাইছে  ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু বিভাগৰ প্ৰাক্তন এইচ অ’ ডি  ডাঃ এ.কে. গ্ৰ’ভাৰে। তেওঁ কয় যে, বাৰে বাৰে চকুৰ পৰা পানী ওলোৱাতো বিভিন্ন সমস্যাৰ সৈতে জড়িত হ’ব পাৰে। খজুৱতি, ৰঙা পৰা, চকুত পানী ওলোৱা আদি এলাৰ্জিক কনজাংটিভাইটিছৰ সাধাৰণ লক্ষণ। চকুৰ সংক্ৰমণৰ ফলতো চকুৰ পৰা পানী ওলাব পাৰে। ইয়াৰোপৰি চকু শুকান হ’লেও পানী ওলায়।

চকু পানী ওলোৱা নলী বন্ধ হৈ থকাৰ বাবেও অনবৰতে পানী ওলাব পাৰে। চকুৰ পতা ভিতৰলৈ বা বাহিৰলৈ ঘূৰি যোৱা, চকুত আঘাত পোৱা বা চকুত কিবা সোমালেও পানী ওলাব পাৰে। কিছুমান ক্ষেত্ৰত চাইনাছৰ সমস্যা বা বয়স বৃদ্ধিও ইয়াৰ কাৰণ হ’ব পাৰে। গতিকে ইয়াৰ সঠিক কাৰণ চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ।

কি কৰিব?

বাৰে  বাৰে পানী ওলালে চকু ঘঁহি দিব নালাগে। প্ৰথমে ধূলি আৰু ধোঁৱাৰ পৰা চকু ৰক্ষা কৰক। ঠাণ্ডা পানীৰে চকু ধুই দিব পাৰে। লেপটপ, মোবাইল আদিৰ পৰা মাজে মাজে বিৰতি লওক। সমস্যা দীৰ্ঘদিন থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

গুৰুত্বপূৰ্ণ

  • লেতেৰা হাতেৰে চকু চুব নালাগে।
  • পৰিষ্কাৰ পানীৰে চকু ধুব।
  • দীৰ্ঘদিন এনে সমস্যা দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ আজি সৰস্বতী পূজাঃ জানক দেৱীক আৰাধনাৰ শুভ সময়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...