Watery Eyes: পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

Eye Problem: আজিকালি মানুহৰ চকুৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। কিছুমানৰ পুৱা শুই উঠাৰ পাছতে চকুৰ পৰা বহুত পানী ওলায়। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন এই সমস্যা থাকিলে চিন্তাৰ কাৰণ হ'ব পাৰে।

Watery Eyes: পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

চকুৰ সমস্যা

Published: 

24 Nov 2025 | 09:36 AM

পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে বহুতে চকুৰ পৰা পানী ওলোৱা অনুভৱ কৰে। সামান্য পানী ওলোৱা সাধাৰণ কথা। কিয়নো টোপনিৰ সময়ত চকু শুকাই যায় আৰু খোৱাৰ লগে লগে প্ৰাকৃতিকভাৱে পানী ওলায়। কিন্তু এই সমস্যা যদি দীৰ্ঘদিন হৈ থাকে আৰু স্থায়ী হৈ পৰে, লগতে আন কোনো লক্ষণেও দেখা দিয়ে তেন্তে ইয়াক আওকাণ কৰা ঠিক নহয়। ই চকুৰ সংক্ৰমণ, এলাৰ্জি, প্ৰদাহ বা অন্য কাৰণৰ লক্ষণ হ’ব পাৰে।

কি কি সমস্যা হয়

পুৱা চকুৰ পৰা পানী ওলোৱাৰ লগতে যদি খজুৱতি, জলা-পোৰা, বিন্ধা অনুভৱ, চকুৰ পতা লাগি ধৰা, চকু গধুৰ লগা, ম্লান দেখা, ৰঙা পৰা আদি সমস্যা দেখা যায় তেন্তে ইয়াক সহজভাৱে লোৱা ঠিক নহয়। ইয়াৰোপৰি কেতিয়াবা সাৰ পোৱাৰ লগে লগে চকুত বিষ, ফুলা, হেঁচা অনুভৱ কৰিব পাৰে। চকুৰ চাৰিওফালে মলি জমা হোৱা, ৰ’দ বা বতাহ পালে অশান্তি পোৱা আদি লক্ষণে দেখা দিয়ে তেন্তে এয়া স্বাভাৱিক নহয়। গতিকে এনে লক্ষণে দেখা দিলে সাৱধান হোৱা উচিত।

কিহৰ লক্ষণ

এই সন্দৰ্ভত সবিশেষ জনাইছে ডাঃ এ.কে. ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু বিভাগৰ প্ৰাক্তন এইচ অ’ ডি গ্ৰ’ভাৰে। তেওঁ কয় যে, যদি দীৰ্ঘদিন ধৰি এনেকৈ চকুৰ পৰা পানী ওলাই থাকে তেন্তে ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। কেইটামান কাৰণ হ’ল-

  • ড্ৰাই আই চিনড্ৰমঃ এই অৱস্থাত চকু দুটা নিশা শুকাই যায় আৰু পুৱা খুলিলে বহুত পানী ওলায়।
  • এলাৰ্জিক কনকনজাংটিভাইটিছঃ এই অৱস্থাতো চকুৰ পৰা পানী ওলাব পাৰে। এনে অৱস্থাত ধূলি, মলি, কণা, পোহনীয়া জন্তুৰ চুলি, মেকআপৰ সামগ্ৰী আদিৰ ফলত চকু ৰঙা পৰা, পানী ওলোৱা আদি হয়।
  • বেক্টেৰিয়েল বা ভাইৰেল সংক্ৰমণঃ এই অৱস্থাতো চকুৰ পৰা পানী ওলাব পাৰে আৰু ৰঙা পৰিব পাৰে।
  • চকুৰ নলী বন্ধঃ কেতিয়াবা চকুৰ নলী বন্ধ হৈ যোৱাৰ ফলত চকুৰ পৰা পানী ওলাব পাৰে।
  • ফোন,লেপটপঃ যদি আপুনি বহু পৰিমাণে ফোন, লেপটপ আদি ব্যৱহাৰ কৰে তেন্তে চকুৰ পৰা পানী ওলাব পাৰে।
  • টোপনিঃ টোপনিৰ অভাৱ, পুষ্টিকৰ উপাদানৰ অভাৱ আদিৰ ফলতো চকুৰ পৰা সঘনাই পানী ওলাই থাকিব পাৰে।

যদি এই লক্ষণবোৰ দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

পৰিত্ৰাণৰ উপায়

  • নিশা শুৱাৰ পূৰ্বে পৰিষ্কাৰ পানীৰে চকু ধুব।
  • ফোন, লেপটপ কম ব্যৱহাৰ কৰক।
  • চকু কেইটা সুৰক্ষিত ৰাখক।
  • চকুৰ বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ বা ড্ৰপ ব্যৱহাৰ নকৰিব।
  • পুষ্টিকৰ খাদ্য খাওক।

 

অন্য খবৰ পঢ়কঃ অমিতা খালে কি কি ৰোগৰ সম্ভাৱনা কম হয়? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...