পুৱা টোপনিৰ পৰা উঠিয়েই হয় নেকি প্ৰচণ্ড মূৰ বিষ? অনিদ্ৰাই নহয়, থাকিব পাৰে এনে কাৰণো..

বহুসময়ত নিশা ভালদৰে টোপনি নাহিলে এনে সমস্যা হয়। কিন্তু টোপনি ভাল হোৱাৰ পিছতো এনে সমস্যা নোহোৱাকৈ নাথাকে। এই সমস্যাই টোপনিৰ বিকাৰ, মানসিক চাপ, বায়ুপথৰ সমস্যা, নিশাৰ অভ্যাস বা আনকি স্নায়ুজনিত সমস্যাৰো ইংগিত দিয়ে।

পুৱা টোপনিৰ পৰা উঠিয়েই হয় নেকি প্ৰচণ্ড মূৰ বিষ? অনিদ্ৰাই নহয়, থাকিব পাৰে এনে কাৰণো..

পুৱাৰ মূৰৰ বিষৰ কাৰণ

Updated On: 

09 Nov 2025 19:05 PM

পুৱা বিচনাৰ পৰা উঠি এক অৱস ভাৱ অনভৱ কৰাটো এক স্বাভাৱিক কথা কিছুসময়ৰ পিছতে এই অৱস ভাৱ দূৰ পাৰে কিন্তু কেতিয়াবা কেতিয়াবা পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছতে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰা দেখা যায় এই বিষৰ প্ৰভাৱত পুৱাৰ সময়খিনি অত্যন্ত কষ্টকৰ হৈ পৰে পুৱাৰ এনে মূৰৰ বিষ সাধাৰণ যেন অনুভৱ পাৰে কিন্তু বহুত লোকৰ ক্ষেত্ৰত এই সমস্যা সঘনাই হোৱা দেখা যায় এনে সমস্যাই গোটেই দিনটোৰ বাবে ব্যক্তিজনৰ উৎপাদনশীলতা ধ্বংস কৰিব পাৰে

বহুসময়ত নিশা ভালদৰে টোপনি নাহিলে এনে সমস্যা হয় কিন্তু টোপনি ভাল হোৱাৰ পিছতো এনে সমস্যা নোহোৱাকৈ নাথাকে এই সমস্যাই টোপনিৰ বিকাৰ, মানসিক চাপ, বায়ুপথৰ সমস্যা, নিশাৰ অভ্যাস বা আনকি স্নায়ুজনিত সমস্যাৰো ইংগিত দিয়ে

পুৱাৰ মূৰৰ বিষৰ কিছুমান সাধাৰণ কাৰণ

টোপনিৰ সময়ত বাৰে বাৰে উশাহ বন্ধ হৈ গ’লে অক্সিজেনৰ মাত্ৰা কমি যায়, কাৰ্বন ডাই অক্সাইড বৃদ্ধি পায় আৰু মগজুৱে আপোনাক জগাই তোলে ইয়াৰ ফলত প্ৰায়ে মূৰৰ বিষ হয়

নিশা টোপনিতে দাঁত দাঁতে ঘঁহাই থকাৰ অভ্যাসৰ ফলতো সাৰ পোৱাৰ সময়ত মূৰৰ বিষ হ’ব পাৰেশেহতীয়াকৈ এক সমীক্ষাত প্ৰায় ৩০% লোকৰ ক্ষেত্ৰত নিশাৰ এই অভ্যাস পুৱাৰ মূৰ বিষ এটা সাধাৰণ লক্ষণ।

টোপনি ভাঙি যোৱা, অনিদ্ৰা, দেৰিকৈ শুই উঠা বা অপৰ্যাপ্ত সময়ৰ টোপনিয়ে পুৱাৰ মূৰৰ বিষৰ আশংকা বৃদ্ধি কৰে। অধ্যয়নত দেখা গৈছে যে অনিদ্ৰাৰ বাবে পুৱা মূৰৰ বিষ হোৱাৰ সম্ভাৱনা সৰ্বাধিক।

শোৱাৰ ভংগীমা বেয়া বেয়া লে বা অস্বস্তিকৰ অৱস্থাত শুলে ডিঙিৰ পেশীবোৰ টান হয় আৰু সাৰ পোৱাৰ সময়ত মূৰৰ বিষৰ সৃষ্টি হ’ব পাৰে।

উচ্চ ৰক্তচাপৰ সমস্যাও পুৱাৰ মূৰৰ বিষৰ কাৰণ পাৰে লগতে নিশা অত্যধিক মদ্যপানো পুৱাৰ এই সমস্যা কাৰণ পাৰে

সকাহৰ বাবে কি কৰিব লাগে

নিয়মীয়াকৈ টোপনিৰ সময়সূচী নিৰ্ধাৰণ কৰক, কোঠাটো আন্ধাৰ আৰু ঠাণ্ডা কৰি ৰাখক, শোৱাৰ অন্ততঃ ১ ঘণ্টা পূৰ্বে মোবাইললেপটপ পৰিহাৰ কৰক।

নিশা গধুৰ খাদ্য বা মদ্যপান পৰিহাৰ কৰক।

শোৱাৰ ভংগীমা ঠিক কৰক গাৰু আৰু বিচনা ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হওক

এনে সমস্যা যদি ৪ সপ্তাহতকৈ অধিক সময় থাকে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ লওক।

জীৱনলৈ আহিব দুৰ্দশা! কেতিয়াও উপহাৰ নিদিব এই ৫ বিধ বস্তু...
চাইনাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকে কি কয় জানক...
কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে দৈনিক কি কি খাদ্য খাব লাগে ? জানক
ঘৰৰ কোন দিশত পাকঘৰ থকাটো আটাইতকৈ ভাল? জানক...