Vitamin E: ভিটামিন E ৰ অভাৱৰ ফলত শৰীৰত কি কি সমস্যাৰ সৃষ্টি হয়? জানক চিকিৎসকৰ পৰা…

Vitamin E: শৰীৰৰ বাবে ভিটামিন ই অতি গুৰুত্বপূৰ্ণ। ভিটামিন ইৰ অভাৱৰ বহু কাৰণ আছে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণটো হ’ল ভিটামিন ই সমৃদ্ধ খাদ্য গ্ৰহণ নকৰা।

Vitamin E: ভিটামিন E ৰ অভাৱৰ ফলত শৰীৰত কি কি সমস্যাৰ সৃষ্টি হয়? জানক চিকিৎসকৰ পৰা...

ভিটামিন ই

Published: 

22 Jun 2025 | 07:03 PM

শৰীৰৰ বাবে ভিটামিন ই (Vitamin E) অন্যতম পুষ্টিকৰ উপাদান। ই এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে শৰীৰৰ কোষবোৰৰ মেৰামতি কৰে। ই ছাল, চকু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ই শৰীৰৰ পেশী আৰু স্নায়ুতন্ত্ৰৰ কাম-কাজত সহায় কৰে। ভিটামিন ই বহু খাদ্য সামগ্ৰীত প্ৰাকৃতিকভাৱে পোৱা যায়। ইয়াৰ ভিতৰত সূৰ্যমুখী গুটি, আলমণ্ড, কচু আৰু বনস্পতি তেল আদি। এই ভিটামিন শৰীৰ সুস্থ কৰি ৰাখে। ছাল আৰু চুলিৰ বাবেও এই ভিটামিন অতি উপকাৰী। কিন্তু যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ভিটামিন ইৰ অভাৱৰ বহু কাৰণ আছে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণটো হ’ল ভিটামিন ই সমৃদ্ধ খাদ্য গ্ৰহণ নকৰা। ইয়াৰোপৰি কিছুমান ৰোগ যেনে ক্ৰনিক পেনক্ৰিয়াটাইটিছ, চিষ্টিক ফাইব্ৰ’ছিছ আৰু চিলিয়াক ডিজিজে শৰীৰৰ ভিটামিন ই শোষণ ক্ষমতাত প্ৰভাৱ পেলায়।শিশুৰ ক্ষেত্ৰত অকাল জন্মৰ ফলত ভিটামিন ইৰ অভাৱ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত দীৰ্ঘদিনলৈ অতি কম চৰ্বিযুক্ত খাদ্য খোৱাতো এই অভাৱ হয়, কিয়নো ভিটামিন ই চৰ্বিত দ্ৰৱীভূত হয় আৰু পৰ্যাপ্ত পৰিমাণৰ চৰ্বি থাকিলেহে শৰীৰত সঠিকভাৱে কাম কৰে।

ভিটামিন ইৰ অভাৱৰ লক্ষণ

দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ সুভাষ গিৰিয়ে কয় যে, যেতিয়া শৰীৰত ভিটামিন ইৰ অভাৱ হয় তেতিয়া ইয়াৰ লক্ষণসমূহ লাহে লাহে দেখা দিয়ে। যাৰ ফলত শৰীৰৰ স্বাভাৱিক কাম-কাজত গুৰুতৰ প্ৰভাৱ পৰে। ইয়াৰ অভাৱৰ ফলত বিশেষকৈ পেশী আৰু স্নায়ুতন্ত্ৰ প্ৰভাৱিত হয়। ইয়াৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • ভিটামিন ইৰ অভাৱ হোৱাৰ ফলত পেশী দুৰ্বল হয়।
  • সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা বা শক্তিৰ অভাৱ।
  • খোজ কঢ়া বা থিয় হৈ থকাৰ সময়ত অস্থিৰ অনুভৱ কৰা।
  • দৃষ্টিশক্তি ম্লান হোৱা বা চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱা।
  • ছাল শুকান, নিৰ্জীৱ হৈ পৰে আৰু সোনকালে বুঢ়া যেন লাগে।
  • শৰীৰ সহজে সংক্ৰমণৰ কবলত পৰা।
  • শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত প্ৰভাৱ পৰিব পাৰে।

কি কৰিব

  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। খাদ্যত শাক-পাচলি, ফল-মূল আদি অন্তৰ্ভুক্ত কৰক।
  • কম চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰক।
  • বিশেষকৈ পাচনতন্ত্ৰৰ কোনো সমস্যা হ’লে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিপূৰক গ্ৰহণ কৰক।
  • শিশু আৰু বৃদ্ধসকলৰ বিশেষ যত্ন লওক, কিয়নো তেওঁলোকৰ ক্ষেত্ৰত ভিটামিন ইৰ অভাৱ হোৱাৰ সম্ভাৱনা বেছি।
  • স্বাস্থ্যসেৱা

 

অন্য খবৰ পঢ়কঃ নিশা বাৰে বাৰে প্ৰস্ৰাৱ অহা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...