শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Top 10 headlines today: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ

ৰাজ্যবাসীৰ বাবে আজিৰ দিনটোৱে কঢ়িয়াই আনিলে এক দুখবৰ। অসমীয়া শিল্প-সাহিত্যৰ ক্ষেত্ৰখন উকা কৰি চিৰদিনৰ বাবে চকু মুদিলে কবি অনুভৱ তুলসীয়ে। কিছুদিন পূৰ্বে ষ্ট্ৰ’কত আক্ৰান্ত হোৱা অনুভৱ তুলসীক গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল। আজি পুৱা প্ৰায় ১০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

Top 10 headlines today: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Published: 01 Jul 2025 22:52 PM

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

  1. গোলাঘাটত সোমবাৰে মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপ কৰা ঘটনাক তীব্ৰ গৰিহণা জনাইছে বিজেপিয়ে। মন্ত্ৰী প্ৰশান্ত ফুকনে এয়া মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ চেষ্টা বুলি অভিহিত কৰে। আন এগৰাকী মন্ত্ৰী কৃষ্ণেন্দু পালে এই ঘটনাৰ সৈতে কাশ্মীৰৰ সংযোগ থাকিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে বিজেপি নেতা-কৰ্মীসকলে।
  2. গো-বিতৰ্ক সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। তেওঁ কয় যে গৰু মৰিব বুলি মুখ্যমন্ত্ৰীয়ে যে কৈছে, তেওঁ গৰু ডাক্তৰ নেকি! গৰু মৰিব কাৰণে বিধায়ক মন্ত্ৰীক দিলে নেকি? গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে বেলেগ ফালে নিবলৈ বিচাৰিছে বুলি কয় সাংসদগৰাকীয়ে।
  3. চাকৰি নিয়মীয়াকৰণৰ আশাৰে ৰৈ থকা কৰ্মচাৰীৰ বাবে সুখবৰ। ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। নিয়মীয়া হ’ব ২০১৩ চনৰ পূৰ্বৰ পৌৰ কৰ্মচাৰীৰ চাকৰি। ২০১৩ আগৰ কৰ্মচাৰীৰ চাকৰিৰ দায়িত্ব পৌৰসভাই ল’ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
  4. প্ৰাপ্ত বয়ষ্কক আধাৰ প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক সমৰ্থন জনাইছে AIUDF এ। বিধায়ক হাফিজ ৰফিকুল ইছলামে কয় যে অযোগ্য় আৰু বিদেশী নাগৰিকৰ হাতত আধাৰ কাৰ্ড থাকিব নালাগে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দ্বাৰা আধাৰ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে।
  5. ৰাজ্যবাসীৰ বাবে আজিৰ দিনটোৱে কঢ়িয়াই আনিলে এক দুখবৰ। অসমীয়া শিল্প-সাহিত্যৰ ক্ষেত্ৰখন উকা কৰি চিৰদিনৰ বাবে চকু মুদিলে কবি অনুভৱ তুলসীয়ে। কিছুদিন পূৰ্বে ষ্ট্ৰ’কত আক্ৰান্ত হোৱা অনুভৱ তুলসীক গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল। আজি পুৱা প্ৰায় ১০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
  6. আজিৰে পৰা হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। ১৯ কিলোগ্ৰাম ওজনৰ প্ৰতিটো চিলিণ্ডাৰত ৫৮.৫০ টকাকৈ হ্ৰাস কৰা হৈছে। অৱশ্যে ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
  7. ১ জুলাইৰ পৰা দেশজুৰি বৃদ্ধি পাইছে ৰে’ল ভাড়া। ৰে’ল মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে মেইল ​​আৰু এক্সপ্ৰেছৰ ক্ষেত্ৰত নন-এচি দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ প্ৰতি কিলোমিটাৰত ১ পইচা ভাড়া বৃদ্ধি কৰা হ’ব। আনহাতে, এচি চেয়াৰ কেয়াৰৰ পৰা এচি ফাৰ্ষ্ট ক্লাছলৈ প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি কৰা হ’ব। অৱশ্যে এই ভাড়া বৃদ্ধিৰ ফলত স্থানীয় ৰে’লৰ ওপৰত কোনো প্ৰভাৱ নপৰে।
  8. ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাছতে কঠোৰ হৈ পৰিছে মেঘালয় চৰকাৰ। পৰ্যটকৰ সুৰক্ষাৰ বাবে অধিক গুৰুত্ব দিছে ৰাজ্যখনে। মেঘালয় কৰ্তৃপক্ষই এক নিৰ্দেশনা জাৰি কৰি ৰাজ্যখনৰ পূৱ খাছি পাহাৰ জিলাত ট্ৰেকিঙৰ বাবে পঞ্জীয়নভুক্ত গাইড ব্যৱহাৰ কৰা বাধ্যতামূলক কৰিছে। এই নিয়ম উলংঘাকাৰীসকলে শাস্তিৰ সন্মুখীন হ’ব পাৰে বা ট্ৰেকিং পথত প্ৰৱেশৰ পৰা বঞ্চিত হ’ব পাৰে।
  9. হিমাচল প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ। মাণ্ডী জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু। একে সময়তে প্ৰায় ১৬ জন লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। পানীৰ দ্ৰুত প্ৰবাহৰ বাবে নদী আৰু নিজৰাবোৰত বানৰ উদ্ভৱ হয়। ইয়াৰ ফলত বহু পথ, দলং, কালভাৰ্ট ভাগি যায়। ধাৰাষাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ বাবে মানুহৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে।
  10. ভাৰতীয় জনতা পাৰ্টিয়ে ধুবুৰী জিলাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰৱেশত বেচৰকাৰী নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰীৰ বাহনলৈ কংগ্ৰেছ কৰ্মীয়ে বটল নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে ক্ষমা খোজাৰ দাবী জনাই এই ঘোষণা কৰিছে বিজেপিয়ে।