ভিটামিন চিৰ অভাৱ পূৰণৰ বাবে এই ৫ বিধ ফল তালিকাত অন্তৰ্ভুক্ত কৰক | Vitamin C Fruits That Help In Losing Weight, Read more in Assamese Assam news - Assam Tv9

Vitamin C Fruits : ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ভিটামিন চিৰ অতি প্ৰয়োজন, ভিটামিন চিৰ অভাৱ পূৰণৰ বাবে এই ৫ বিধ ফল তালিকাত অন্তৰ্ভুক্ত কৰক

Updated On: 

18 Aug 2024 | 01:44 PM

Vitamin C Fruits : গৱেষণাৰ পৰা দেখা গৈছে যে, শৰীৰত ভিটামিনৰ অভাৱেও ওজন বৃদ্ধি কৰিব পাৰে । জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২০০৫ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে মানুহৰ শৰীৰত ভিটামিন চিৰ অভাৱৰ ফলত ওজন বৃদ্ধি পায়। গতিকে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে, আপুনি ভিটামিন চি অভাৱ পূৰণ কৰিব লাগিব । কি কি খাদ্যৰ জৰিয়তে ভিটামিন চিৰ অভাৱ পূৰণ কৰিব পাৰিব ?

1 / 8গৱেষণাৰ পৰা দেখা গৈছে যে, শৰীৰত ভিটামিনৰ অভাৱেও ওজন বৃদ্ধি কৰিব পাৰে ।

গৱেষণাৰ পৰা দেখা গৈছে যে, শৰীৰত ভিটামিনৰ অভাৱেও ওজন বৃদ্ধি কৰিব পাৰে ।

2 / 8

জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২০০৫ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে মানুহৰ শৰীৰত ভিটামিন চিৰ অভাৱৰ ফলত ওজন বৃদ্ধি পায়।

3 / 8

গতিকে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে, আপুনি ভিটামিন চি অভাৱ পূৰণ কৰিব লাগিব । কি কি খাদ্যৰ জৰিয়তে ভিটামিন চিৰ অভাৱ পূৰণ কৰিব পাৰিব ?

4 / 8

আনাৰসত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে খাদ্য হজমত বহুখিনি সহায় কৰে। এই ফলটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। শৰীৰৰ প্ৰদাহ কম কৰিব পাৰে।

5 / 8

পকা অমিতাত এন্টিঅক্সিডেন্ট, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই থাকে। পকা অমিতাৰ এই গুণে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে।

6 / 8

কিৱি উচ্চ আঁহযুক্ত ফল। এতিয়া বজাৰত উপলব্ধ। ওজন কমাবলৈ আঁহ অতি উত্তম। কিৱিত থকা ভিটামিন চিয়ে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। ৰক্তচাপ কমোৱাতো সহায় কৰে।

7 / 8

মধুৰি এবিধ ফল, য’ত কেৱল ভিটামিন চি নহয়, খনিজ পদাৰ্থ, পটাছিয়াম আৰু অন্যান্য উপাদানও থাকে। যিয়ে শৰীৰক পুষ্টি প্ৰদানত বহুখিনি সহায় কৰে।

8 / 8

দৈনন্দিন খাদ্যত ষ্ট্ৰবেৰী সহজেই অন্তৰ্ভুক্ত কৰিব পাৰি। ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। যিয়ে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...