ভিটামিন B12ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা
ভিটামিন বি ১২ শৰীৰৰ বাবে অক্সিজেনৰ দৰেই গুৰুত্বপূৰ্ণ। ইয়াৰ অবিহনে শৰীৰৰ বহু প্ৰক্ৰিয়া বন্ধ বা বিপথে পৰিচালিত হ’ব পাৰে। গতিকে শৰীৰত ইয়াৰ অভাৱ হ'ব দিব নালাগে।

ভিটামিন বি ১২
ভিটামিন বি ১২ ক কোবালামিন(Cobalamin) বুলি কোৱা হয়। ই শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ । ই পানীত দ্ৰৱীভূত ভিটামিন, অৰ্থাৎ ই শৰীৰত জমা নহয় আৰু খাদ্যৰ জৰিয়তে নিয়মিতভাৱে সেৱন কৰিব লাগিব। ভিটামিন বি ১২ (Vitamin B12) শৰীৰত ৰক্তকণিকা গঠনৰ লগত জড়িত। ই ডি এন এ (DNA) গঠনত সহায় কৰাৰ লগতে স্নায়ুতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু শৰীৰক শক্তিশালী কৰি ৰাখে।
ভিটামিন বি ১২ শৰীৰৰ বাবে অক্সিজেনৰ দৰেই গুৰুত্বপূৰ্ণ। ইয়াৰ অবিহনে শৰীৰৰ বহু প্ৰক্ৰিয়া বন্ধ বা বিপথে পৰিচালিত হ’ব পাৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ তেজ, মগজু, স্নায়ু আৰু শক্তিত পৰে। গতিকে শৰীৰত ইয়াৰ অভাৱ হ’ব নালাগে। শৰীৰত ইয়াৰ অভাৱ হ’লে কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে দিল্লীৰ জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত কুমাৰে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-
- অনবৰতে ভাগৰঃ যদি কোনো কাম নকৰাকৈ আপুনি ভাগৰ অনুভৱ কৰে তেন্তে এয়া ভিটামিন B12 অভাৱ হোৱাৰ লক্ষণ। শৰীৰত ভিটামিন B12 ৰ অভাৱ হ’লে শৰীৰত শক্তিৰ অভাৱ অনুভৱ হয় আৰু দুৰ্বল হৈ পৰে।
- উশাহত সমস্য়াঃ B12 ৰ অভাৱত অক্সিজেন তেজলৈ নাযায়। ইয়াৰ ফলত আপোনাৰ উশাহ-নিশাহত প্ৰভাৱ পৰে। লগতে অলপ পৰিশ্ৰম কৰিলেও উশাহ বন্ধ বা মূৰ ঘূৰোৱাৰ দৰে হয়।
- ছাল হালধীয়াঃ ভিটামিন B12 ৰ অভাৱত শৰীৰত ৰক্তহীনতা হ’ব পাৰে, যাৰ ফলত ছালখন শেঁতা বা হালধীয়া দেখা যায়। বিশেষকৈ মুখমণ্ডল আৰু চকুৰ তলত এই ৰং দেখা পায়।
- হাত-ভৰি টিংটিং বা অজ্ঞান হোৱাঃ ভিটামিন বি ১২ৰ অভাৱত স্নায়ুতন্ত্ৰত প্ৰভাৱ পৰে। ইয়াৰ ফলত হাত বা ভৰিত টিংটিং, অজ্ঞানতা বা বিন্ধাৰ অনুভূতি হয়।
- মুড সলনিঃ B12ৰ অভাৱেও মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। ই মানুহক খিংখিঙীয়া কৰি তুলিব পাৰে, হতাশ অনুভৱ কৰিব পাৰে বা স্মৃতিশক্তি হেৰুৱাব পাৰে।
কি খাব
- কণীঃ কণীৰ কুহুমত বিশেষকৈ বি১২ প্ৰচুৰ পৰিমাণে থাকে।
- মাছঃ টুনা, ছালমন আৰু চাৰ্ডিন আদি মাছত এই ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়।
- কুকুৰা আৰু ছাগলী: মাংস খোৱা লোকৰ বাবে এইবিধ ভাল উৎস।
- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীঃ গাখীৰ, দৈ, পনিৰতো ভিটামিন বি ১২ থাকে।
নিৰামিষভোজীৰ বাবে
- ফৰ্টিফাইড খাদ্য: বজাৰত বহুতো শস্য আৰু চোয়া গাখীৰ পোৱা যায় য’ত বি১২ উপলব্ধ
- মাশ্বৰুম: কিছুমান বিশেষ ধৰণৰ মাশ্বৰুমত সীমিত পৰিমাণৰ বি১২ থাকে।
যদি আপুনি বহু সমস্যাত পৰিছে তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
অন্য খবৰ পঢ়কঃ Kidney stone: বৃক্কত পাথৰ হোৱাৰ কাৰণ, লক্ষণ আৰু পৰিত্ৰাণৰ উপায়, সকলো জানক চিকিৎসকৰ পৰা…