Air Conditioner: ঘৰৰ কোনফালে AC ৰাখিব নালাগে জানেনে? বাস্তুশাস্ত্ৰই কি কয়?

কোন দিশে জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব ? ভুল দিশত AC ৰাখিলে বেয়া ফল দেখা পাব পাৰে ! বহুতে সেই কথাকলৈ চিন্তিত। ইফালে বাস্তুশাস্ত্ৰই কি কয়? জানক

Air Conditioner: ঘৰৰ কোনফালে AC ৰাখিব নালাগে জানেনে? বাস্তুশাস্ত্ৰই কি কয়?

প্ৰতীকী ফটো

Updated On: 

28 Jul 2025 16:27 PM

ঘৰৰ কোন দিশত বা ক’ত AC ৰাখিব ! কোন দিশে জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব ? ভুল দিশত ৰাখিলে বেয়া ফল দেখা পাব পাৰে ! বহুতে সেই কথাকলৈ চিন্তিত। ইফালে বাস্তুশাস্ত্ৰই কয় যে, ঘৰৰ উত্তৰ বা পূব দিশত AC ৰখাটো সাধাৰণতে শুভ। দক্ষিণ বা পশ্চিম দিশৰ পৰা আঁতৰাই ৰাখিলে ভাল। কিন্তু কেৱল বাস্তু শাস্ত্ৰৰ মতেই নহয়, AC এই দিশত ৰাখিলে বিজ্ঞানসন্মতভাৱে কিছু ইতিবাচক প্ৰভাৱ দেখা যায়। টকাও ৰাহি কৰিব পাৰি বুলি কোৱা হয়।

যেনে উত্তৰ বা পূব দিশ সাধাৰণতে ঠাণ্ডা, সূৰ্যৰ পোহৰ কম পৰে। গতিকে AC এই দিশত ৰাখিলে ঘৰটো শীতল কৰি ৰখাত সুবিধা হয় আৰু বহু পৰিমাণে বিদ্যুতৰ ৰাহি হয়। আনহাতে, দিনৰ ভাগত দক্ষিণ বা পশ্চিম দিশত অধিক ৰ’দ পৰে। ফলত AC এই দিশত ৰাখিলে ঘৰটো ঠাণ্ডা হ’বলৈ বেছি সময় লাগিব। বিদ্যুতৰ ব্যৱহাৰো বৃদ্ধি পাব পাৰে।

আনহাতে AC কেতিয়াও বিচনাৰ পোনে পোনে ৰাখিব নালাগে। AC ৰ ঠাণ্ডাই আপোনাৰ শৰীৰত পোনপটীয়াকৈ প্ৰভাল পেলাব পাৰে। ইয়াৰ ফলত চৰ্দি, কাহ, জ্বৰ আদি হোৱাৰ সম্ভাৱনা থাকে। ই সামগ্ৰিক স্বাস্থ্যৰ বাবেও যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে।

ঘৰৰ দুৱাৰ-খিৰিকী থকা দিশৰ ফালে মুখ কৰি AC নাৰাখিলে ভাল। কাৰণ ইয়াৰ ফলত ঠাণ্ডা বতাহ বাহিৰলৈ ওলাই যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কোঠাটোৰ চুকত ৰাখিব নালাগে। কাৰণ ইয়াৰ ফলত বায়ু চলাচলত বাধা আহিব পাৰে। অৱশ্যে প্ৰথমতে কোঠাটোৰ আকাৰ অনুসৰি এচি ব্যৱহাৰ কৰিব লাগে। ক্ৰয় কৰাৰ সময়ত কোঠাটোৰ আকাৰৰ ওপৰত ভিত্তি কৰি AC বাছি ল’ব লাগে। তেতিয়া কোঠাটো ঠাণ্ডা হ’বলৈ বেছি সময় নালাগিব।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...