ভাৰতত আছে ফুলৰ উপত্যকাঃ য’ত আপুনি দেখা পাব ৫০০০ প্ৰজাতিৰ ফুল…

উত্তৰাখণ্ডৰ এই ফুলৰ উপত্যকা ৮৭.৫ বৰ্গ কিলোমিটাৰত আগুৰি আছে। প্ৰতি বছৰে ইয়ালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। ইয়াত আপুনি কমেও ৫০০ৰো অধিক প্ৰজাতিৰ ফুল দেখা পাব।

ভাৰতত আছে ফুলৰ উপত্যকাঃ যত আপুনি দেখা পাব ৫০০০ প্ৰজাতিৰ ফুল...

ফুলৰ উপত্যকা

Published: 

15 Jun 2024 | 02:15 PM

প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে উত্তৰাখণ্ড বিখ্যাত। বছৰৰ প্ৰায় প্ৰতিটো মাহতে উত্তৰাখণ্ডত ভিৰ কৰে পৰ্যটকে। পাহাৰ-পৰ্বত, জলপ্ৰপাতৰ সৌন্দৰ্যই মন মুহি পেলাই পৰ্যটকৰ। কেৱল এয়াই নহয়, উত্তৰাখণ্ডত থকা ডাঙৰ ডাঙৰ ফুলৰ বাগিছা বোৰেও পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে।প্ৰকৃতিৰ ওচৰলৈ গৈ সকলোৱে সুখ অনুভৱ কৰে, মানসিক শান্তি পায়।

উত্তৰাখণ্ডক দেৱভূমি বুলি কোৱা হয়। প্ৰকৃতিৰ এনে সৌন্দৰ্যৰ বাবে হয়তো প্ৰতি বছৰে লাখ লাখ পৰ্যটকে ভিৰ কৰে উত্তৰাখণ্ডত। যদি আপুনি ফুল ভাল পাই তেন্তে যাব পাৰে উত্তৰাখণ্ডলৈ।  ইয়াৰ বাবে আপুনি জুন আৰু জুলাই মাহত উত্তৰাখণ্ড ভ্ৰমণ কৰিব পাৰে। কিয়নো উত্তৰাখণ্ড ফুলৰ উপত্যকাৰ বাবেও পৰিচিত। এই ফুলৰ উপত্যকাটো পাহাৰৰ  মাজত অৱস্থিত।  ইয়াৰ সৌন্দৰ্য্যই প্ৰথম দৃষ্টিতে আপোনাক মোহিত কৰিবলৈ যথেষ্ট। ইয়াত আপুনি বহু ধৰণৰ ফুল দেখিবলৈ পাব।

উত্তৰাখণ্ডৰ চামোলিত এই ফুলৰ উপত্যকা উপস্থিত। যাক ভেলী অফ ফ্লাৱাৰ্চ (valley-of-flowers) বুলি কোৱা হয়। এই  ফুলৰ উপত্যকাটো বছৰটোত কেৱল ৩-৪ মাহৰ বাবেহে খোলা থাকে। এই সময়চোৱাক বহু দূৰ-দূৰণিৰ মানুহ ফুল চাবলৈ আহে। জুন মাহৰ পৰা অক্টোবৰ মাহলৈকে ইয়াত প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰে। আনকি এই ফুলৰ উপত্যকাটোৱেও বিশ্ব ঐতিহ্য তালিকাত স্থান দখল কৰিবলৈ সক্ষম হৈছে।

উত্তৰাখণ্ডৰ এই ফুলৰ উপত্যকা ৮৭.৫ বৰ্গ কিলোমিটাৰত আগুৰি আছে। প্ৰতি বছৰে ইয়ালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। ইয়াত আপুনি কমেও ৫০০ৰো অধিক প্ৰজাতিৰ ফুল দেখা পাব। য’ত বহুতো বিদেশী ফুলো অন্তৰ্ভুক্ত আছে। এই উপত্যকা উদ্ভিদবিদ ফ্ৰেংক চিডনী স্মিথে আৱিষ্কাৰ কৰিছিল। পৰ্বতাৰোহণৰ বাবে ওলাই যোৱাৰ সময়ত ভুলবশতঃ এই উপত্যকাৰ ওচৰ পাইছিলগৈ তেওঁ।

 

কেতিয়া যাব পাৰে

সকলো সময়তে খোলা নাথাকে এই ফুলৰ উপত্যকা। ১ জুনৰ পৰা ৩১ অক্টোবৰলৈকে পৰ্যটকৰ বাবে মুকলি থাকিব এই ফুলৰ উপত্যকা। চামোলিৰ এই মনোমোহা উপত্যকালৈ যাবলৈ হ’লে প্ৰথমে বদ্ৰীনাথ ঘাইপথৰ পৰা গোবিন্দ ঘাটলৈ যাব লাগিব। ইয়াৰ পৰা প্ৰায় ১১ কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব। তাৰ পাছত হেমকুণ্ড যাত্ৰাৰ বেছ কেম্পেৰে ঘঘৰীয়ালৈ যাব লাগিব। এই বেচ কেম্পৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত  ভেলী অৱ ফ্লাৱাৰ্ছ। যদি আপুনি ইয়ালৈ যাব বিচাৰিছে তেন্তে তাৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব। ভাৰতীয়ৰ বাবে ইয়াৰ মাচুল ১৫০ টকা আৰু  বিদেশীৰ পৰা ৬০০ টকা লয় কৰ্তৃপক্ষই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...