Rose Day 2025: চঞ্চলা ফাগুনৰ আগমণৰ পূৰ্বেই প্ৰেমৰ সপ্তাহ আৰম্ভ, আজি ভালপোৱাৰ নিবেদন কৰক ৰঙা গোলাপেৰে

Valentine’s Week 2025: এপাহি ৰঙা গোলাপ আৰু এখন ৰঙা হৃদয়! আজি Rose Day, ভেলেন্টাইন সপ্তাহৰ প্ৰথমটো দিন। এই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক ৰঙা গোলাপ ফুল প্ৰদান কৰে। ৰঙা গোলাপক প্ৰেম, ৰোমাঞ্চ আৰু সমৰ্পণৰ প্ৰতীক হিচাপে দেখা যায়।

Rose Day 2025: চঞ্চলা ফাগুনৰ আগমণৰ পূৰ্বেই প্ৰেমৰ সপ্তাহ আৰম্ভ, আজি ভালপোৱাৰ নিবেদন কৰক ৰঙা গোলাপেৰে

৩. তোমালৈ বুলি মৰম, সাঁচি ৰাখিছোঁ বহু দিন ধৰি...এটি চুমাৰে মৰম উপচাই দিম হিয়া উজাৰি

Updated On: 

07 Feb 2025 06:55 AM

আৰম্ভ হ’ল প্ৰেমৰ সপ্তাহ। ফেব্ৰুৱাৰীৰ মাহটো প্ৰেমৰ মাহ হিচাপে ধৰা হয়। সপ্তাহৰ সাতটা দিনেই বিশেষ। এইকেইদিন উপহাৰ আৰু মৰমেৰে আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব পাৰে। এই মাহৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ মনৰ ভাৱ প্ৰকাশ কৰে প্ৰেমিক-প্ৰেমিকাসকলে।

আজি Rose Day, ভেলেন্টাইন সপ্তাহৰ প্ৰথমটো দিন। এই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক ৰঙা গোলাপ ফুল প্ৰদান কৰে। ৰঙা গোলাপক প্ৰেম, ৰোমাঞ্চ আৰু সমৰ্পণৰ প্ৰতীক হিচাপে দেখা যায়। সেইবাবেই প্ৰেমৰ বিশেষ দিনটোত প্ৰেম প্ৰকাশৰ বাবে সংগীক ৰঙা গোলাপ দিয়ে। ৰঙা গোলাপ ফুলে আপোনাৰ হৃদয়ত যি আছে তাক শব্দবিহীনভাৱে প্ৰকাশ কৰে। সেয়ে প্ৰতিদিনে ভেলেণ্টাইন সপ্তাহত মানুহে নিজৰ সংগীক ৰঙা গোলাপ দি নিজৰ প্ৰেম প্ৰকাশ কৰে। এই দিনটোত আপোনাৰ আপোনজনক বিশেষ অনুভৱ কৰা আৰু আপোনাৰ মৰম প্ৰকাশ কৰাৰ এক সুন্দৰ সুযোগ।

প্ৰত্যেক বছৰে প্ৰেমিক যুগলে ৭ দিনীয়াকৈ অনুষ্ঠিত কৰে ভেলেন্টাইন ডে। কিন্তু প্ৰতিটো দিনৰ তাৎপৰ্য তথা পৰিভাষা পৃথক। প্ৰেমৰ দিৱস হিচাপে উদযাপন কৰা ভেলেণ্টাইন ডে আচলতে চেইণ্ট ভেলেণ্টাইন নামৰ এজন ৰোমান সাধুৰ মৃত্যুবাৰ্ষিকী হিচাপে উদযাপন কৰা হয়। ইয়াৰ সৈতে ৰোমৰ লোক বহু কাহিনী আৰু ইতিহাস জড়িত হৈ আছে। এই দিনটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে উৎসৰ্গিত কৰা হৈছে। এই সুন্দৰ দিনটো সাধু চেইণ্ট ভেলেণ্টাইনৰ নামত উদযাপন কৰা হয়।

এই দিনটো কেৱল প্ৰেমিকৰ বাবে নহয়। আমি যিসকলক ভাল পাওঁ,যি মানুহৰ জীৱনত আমাৰ গুৰুত্ব আছে তেওঁলোকৰ বাবেও এই দিন উদযাপন কৰা হয়।

ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
প্ৰতিদিনে পুৱা অত্যধিক ভোক অনুভৱ হোৱাটো ডায়েবেটিছৰ লক্ষণ নেকি? জানি লওক এতিয়াই
পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...