নিশা বেছিকৈ প্ৰস্ৰাৱ অহা, পেটৰ বিষ…কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

Kidney health: আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বৃক্কৰ সমস্যাসমূহো বৃদ্ধি পাইছে। বৃক্ক আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। গতিকে বৃক্কৰ স্বাস্থ্যৰ যত্ন লোৱা অতিকে প্ৰয়োজন।

নিশা বেছিকৈ প্ৰস্ৰাৱ অহা, পেটৰ বিষ...কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

প্ৰস্ৰাৱৰ সমস্যা

Published: 

12 Oct 2025 | 08:20 PM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই আমাৰ শৰীৰৰ বেয়া পদাৰ্থসমূহ বাহিৰ কৰে। ইয়াৰোপৰি বৃক্কই ব্লাড চুগাৰ নিয়ন্ত্ৰণ, শৰীৰৰ ইলেক্ট্ৰল নিয়ন্ত্ৰণ কৰা আদি বহু কাম কৰে। কিন্তু আজিকালি বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। যাক লৈ সাৱধান হোৱা ভাল। বৃক্কৰ সমস্যাৰ বহু লক্ষণ প্ৰস্ৰাৱত দেখা দিয়ে। ইয়াক আওকান কৰা গুৰুতৰ হ’ব পাৰে। গতিকে লক্ষণ দেখা দিলে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

বৃক্কৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ

  • ভৰি ফুলা,
  • চকুৰ আশে পাশে ফুলি উঠা
  • নিশা বেছিকৈ প্ৰস্ৰাৱ অহা বা প্ৰস্ৰাৱৰ পৰিমাণ কমি অহা
  • প্ৰস্ৰাৱত ফেন
  • প্ৰস্ৰাৱত তেজ
  • কোনো কাৰণ নোহোৱাকৈ দুৰ্বল অনুভৱ কৰা,
  • ভোক নলগা
  • বমি বা বমি ভাব
  • দুৰ্বল
  • কঁকালৰ বিষ, পেট আদিৰ বিষ আদি।

এয়া কেৱল সাধাৰণ লক্ষণ। ইয়াৰোপৰি আৰু বিভিন্ন লক্ষণে দেখা দিয়ে। কেতিয়াবা মূৰৰ বিষ, ছালত খজুৱতি, টোপনিৰ সমস্যা, মনোযোগৰ অভাৱ,  উশাহ-নিশাহ লোৱাত কষ্ট আদি বিভিন্ন বৃক্কৰ লগত জড়িত সমস্যাৰ কাৰণ হ’ব পাৰে।

পৰিত্ৰাণৰ উপায়

  • প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক। যাৰ ফলত শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰলৈ ওলাব আৰু পাথৰ নহয়।
  • কমকৈ নিমখ খাব। নিমখ বেছিকৈ খালে বৃক্কত হেঁচা পৰে।
  • সুষম খাদ্য খাওক। খাদ্যৰ তালিকাত ফল, শাক-পাচলি আদি অন্তৰ্ভুক্ত কৰক।
  • বেছি প্ৰটিন নাখাব। বেছি প্ৰটিন শৰীৰৰ বাবে বেয়া।
  • চেনি কমকৈ খাব।
  • প্ৰতিদিনে ব্যায়াম কৰক।

গতিকে দীৰ্ঘদিন ধৰি যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। কেতিয়াবা প্ৰথম অৱস্থাত লক্ষণে দেখা নিদিয়ে। যাৰ বাবে এই সমস্যা পাছলৈ বৃদ্ধি পায়.

 

অন্য খবৰ পঢ়কঃ মুখ শুকাই যোৱা, পিয়াহ লগা…পুৱাৰ সময়ত দেখা দিয়া এই লক্ষণ হ’ব পাৰে ডাঙৰ সমস্যাৰ ইংগিত, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...