Urine: শীতকালত প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তন হোৱা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

শীতকালত মানুহৰ বিভিন্ন শাৰীৰিক সমস্যা দেখা দিয়ে। প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা হোৱাও দেখা যায়। শীতকালক মানুহে শাৰীৰিক কাৰ্যকলাপ কম কৰে, পানী কম খাই, গতিকে এনেবোৰ কাৰণৰ ৰোগ বেছিকৈ হোৱা দেখা যায়।

Urine: শীতকালত প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তন হোৱা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা...

প্ৰস্ৰাৱ

Published: 

24 Dec 2025 21:23 PM

শীতৰ লগে লগে মানুহৰ শৰীৰত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ঠাণ্ডাৰ বাবে মানুহৰ খাদ্যভাস, জীৱনশৈলী আদিৰ পৰিৱৰ্তন হয়। এনে অৱস্থাত বিভিন্ন সমস্যাই দেখা দিয়ে। বহুতৰে প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তন হোৱা দেখা যায়। কিছুমানৰ প্ৰস্ৰাৱৰ ৰং গাঢ় হোৱাৰ বিপৰীতে কিছুমানৰ হালধীয়া বা বেলেগ ৰং দেখা যায়। কেতিয়াবা ৰং পৰিৱৰ্তন হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন এনে হৈ থাকিলে ই সমস্যাৰ কাৰণ হ’ব পাৰে।

এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁৰ মতে, কেতিয়াবা ৰং পৰিৱৰ্তন হোৱাতো সাধাৰণ কথা। পানী কম খালেও ৰং সলনি হয়। ঠাণ্ডাৰ দিনত বহুতে কম পানী খায়। যাৰ প্ৰভাৱ প্ৰস্ৰাৱত দেখা যায়। শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী নাপালে প্ৰস্ৰাৱ ঘনীভূত হৈ গাঢ় হালধীয়া দেখা যায়। কিন্তু দীৰ্ঘদিন এনে হোৱা চিন্তাৰ কাৰণ।

কি হ’ব পাৰে

চিকিৎসকগৰাকীয়ে কয় যে, সাধাৰণতে পাতল হালধীয়া ৰং হোৱাতো স্বাভাৱিক। কিন্তু প্ৰস্ৰাৱ যদি গাঢ় হালধীয়া, বাদামী, ৰঙা, ফেনযুক্ত হয় তেন্তে ইয়াক আওকাণ কৰিব নালাগে। কেতিয়াবা ৰং পৰিৱৰ্তন হৈ নিজে নিজে ঠিক হৈ যায়। কিন্তু যদি দীৰ্ঘদিন এই সমস্যা থাকে, লগতে প্ৰস্ৰাৱত দুৰ্গন্ধ, বিষ, জলা-পোৰা, সঘনাই প্ৰস্ৰাৱ অহা, ভাগৰুৱা, অত্যধিক ফেন আহে তেন্তে ই চিন্তাৰ কাৰণ হ’ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

কি ৰোগ হ;ব পাৰে

প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তনে কিছুমান স্বাস্থ্য় সম্পৰ্কীয় সমস্যাৰ ইংগিত দিব পাৰে। ইয়াৰ ভিতৰত প্ৰস্ৰাৱৰ সংক্ৰমণ, বৃক্কৰ সমস্যা, যকৃতৰ সমস্যা, ডিহাইড্ৰেশ্যন আদি। কেতিয়াবা ব্লাড চুগাৰ আৰু জণ্ডিচতো প্ৰস্ৰাৱৰ ৰং সলনি হয়। প্ৰস্ৰাৱৰ ৰং সলনিৰ লগতে যদি তেজ আহে তেন্তে ই গুৰুতৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱৰ সময় বিষ, জলা পোৰা আদি সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

প্ৰতিৰোধৰ উপায়

  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব।
  • ঠাণ্ডা বতৰতো পিয়াহ লাগিলে পানী খাব।
  • খাদ্যভাস ভাল কৰক।
  • প্ৰস্ৰাৱ ধৰি নাৰাখিব।
  • কিবা সমস্যাই দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

 

অন্য খবৰ পঢ়কঃ  ১ কিলো চৰ্বি হ্ৰাস কৰিবলৈ প্ৰতিদিনে কিমান খোজ কাঢ়িব লাগে? জানক বিশেষজ্ঞৰ পৰা…

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা