কেতিয়াও নকৰিব এই ভুল! বৃদ্ধি হ’ব পাৰে ইউৰিক এচিড, জানক কি ক’লে বিশেষজ্ঞই…

দিনক দিনে মানুহৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হৈ গৈ আছে। ইউৰিক এচিড বৃদ্ধিও এক ডাঙৰ সমস্যা হৈ পৰিছে। পিছে ইউৰিক এচিড বৃদ্ধি পোৱাৰ কিছুমান বিশেষ কাৰণ আছে।

কেতিয়াও নকৰিব এই ভুল! বৃদ্ধি হব পাৰে ইউৰিক এচিড, জানক কি কলে বিশেষজ্ঞই...

ইউৰিক এচিড

Published: 

06 Jul 2025 15:30 PM

আজিকালি প্ৰায়ভাগ মানুহৰে ইউৰিক এচিডৰ সমস্যা হয়। ইউৰিক এচিড এক প্ৰকাৰৰ ৰাসায়নিক আৱৰ্জনা, যেতিয়া শৰীৰত থকা পিউৰিন ভাঙি যায় তেতিয়া ইয়াৰ সমস্যা হয়। পিউৰিন প্ৰাকৃতিকভাৱে শৰীৰৰ কোষত পোৱা যায় আৰু কিছুমান খাদ্যতো প্ৰচুৰ পৰিমাণে থাকে। পিউৰিন ভাঙিলে তাৰ ফলত ইউৰিক এচিড গঠন হয়। এই এচিড তেজত দ্ৰৱীভূত হয় আৰু তাৰ পিছত বৃক্কৰ মাজেৰে ফিল্টাৰ হৈ প্ৰস্ৰাৱৰ সৈতে নিৰ্গত হয়।

যদি শৰীৰত অত্যধিক পৰিমাণৰ ইউৰিক এচিড উৎপন্ন হয় বা বৃক্কই ইয়াক সঠিকভাৱে আঁতৰ কৰিব নোৱাৰে তেন্তে তেজত জমা হ’বলৈ আৰম্ভ কৰে। জমা হোৱা ইউৰিক এচিড শৰীৰত ক্ৰিষ্টললৈ পৰিণত হ’ব পাৰে। এইবোৰ সাধাৰণতে গাঁঠিত বা বিশেষকৈ ভৰিৰ আঙুলিত জমা হৈ ফুলা আৰু তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে। এই অৱস্থাক বাতবিষ বা গাউট বোলা হয়।

ইয়াৰোপৰি ইউৰিক এচিড বেছিদিন থাকিলে ই বৃক্কত পাথৰৰ সৃষ্টি কৰিব পাৰে আৰু ক্ৰমান্বয়ে বৃক্কৰ ক্ষতি কৰিব পাৰে। যদি ইউৰিক এচিড স্বাভাৱিকভাৱে বা অন্য কাৰণত উৎপন্ন হয় তেন্তে ই শৰীৰৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে স্বাস্থ্যসন্মত খাদ্য, পৰ্যাপ্ত পানী আৰু নিয়মীয়াকৈ পৰীক্ষা কৰাটো প্ৰয়োজনীয়।

কিয় বৃদ্ধি হয়

আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰীয়ে কয় যে, পিউৰিন(Purine) ভাঙি গঠিত পদাৰ্থক ইউৰিক এচিড বোলে। ই এক প্ৰকাৰৰ আৱৰ্জনা যি স্বাভাৱিক অৱস্থাত বৃক্ক আৰু প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়। কিন্তু যেতিয়া পিউৰিনৰ মাত্ৰা অতি বেছি হয় বা বৃক্কই ইউৰিক এচিড সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে তেতিয়া ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে আৰু বহু সমস্যাৰ সৃষ্টি কৰে, য’ত ইউৰিক এচিড বৃদ্ধিৰ সমস্যা হয়।

  • পিউৰিন বেছি থকা খাদ্য খোৱাঃ ৰেড মীট,সাগৰীয় খাদ্য, বিয়েৰ, দাইল, পটল আৰু ভেঁকুৰৰ দৰে খাদ্যত অধিক পৰিমাণে পিউৰিন থাকে, যাৰ ফলত ইউৰিক এচিড বৃদ্ধি পাব পাৰে।
  • বেছিকৈ মদ আৰু বিয়েৰ খোৱাঃ মদ্যপানে শৰীৰৰ পিউৰিন বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায় আৰু তেতিয়াই বৃক্কইইউৰিক এচিড নিৰ্গত কৰাত বাধা দিয়ে।
  • পানী কমকৈ খোৱাঃ কম পানী খালে বৃক্কই ইউৰিক এচিড সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে, যাৰ ফলত শৰীৰত ইউৰিক এচিড বৃদ্ধি পায়।
  • মেদবহুলতাঃ অতিৰিক্ত ওজনৰ বাবে বিপাকীয় ক্ৰিয়াৰ গতি লেহেমীয়া হয়, যাৰ ফলত ইউৰিক এচিড দ্ৰুতগতিত গঠন হয় আৰু লাহে লাহে বাহিৰ হয়।
  • বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পায়ঃ যেতিয়া বৃক্ক দুৰ্বল হৈ পৰে বা সঠিকভাৱে কাম নকৰে তেতিয়া ই শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ হ’ব নোৱাৰে।
  • কিছুমান ঔষধ সেৱন কৰা: এছপিৰিন বা কেমোথেৰাপি ঔষধেও ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে।
  • ফ্ৰুক্ট’জ বা মিঠা বস্তু বেছিকৈ খোৱা: শীতল পানীয়, পেকেটত ভৰোৱা জুচ আৰু অধিক চেনি থকা বস্তুৱে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।
  • পৰিয়ালৰ ইতিহাসঃযদি কাৰোবাৰ পিতৃ-মাতৃৰ ইউৰিক এচিড বেছি হয়, তেন্তে ই জিনীয় হ’ব পাৰে।
  • দীৰ্ঘদিনীয়া উপবাসঃ শৰীৰৰ বিপাকীয় পৰিৱৰ্তনৰ বাবে ইউৰিক এচিডৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে।

 

অন্য খবৰ পঢ়কঃ ফেটি লিভাৰ হ’লে প্ৰাৰম্ভিক অৱস্থাত শৰীৰৰ কি ৫ টা পৰিবৰ্তন হয়? জানক চিকিৎসকৰ পৰা…

ৰাতিপুৱাৰ এই অভ্যাসে ওজন বৃদ্ধি কৰে, শৰীৰৰ চৰ্বি বৃদ্ধিৰ আঁৰৰ মূল কাৰণ জানক...
চুলি ফণিয়াবলৈ লেতেৰা ফণি ব্যৱহাৰ কৰে নেকি? হ’ব পাৰে এনে সমস্যা
হঠাতে বৃদ্ধি পাব পাৰে ৰক্তচাপ...এই তিনিটা লক্ষণ কেতিয়াও আওকাণ নকৰিব
প্ৰায় সকলোৰে পাকঘৰত ব্যৱহাৰ হোৱা এই মচলা হ'ব পাৰে বৃক্ক নষ্টৰ কাৰণ...