অনন্য পুষ্টিৰে ভৰপূৰ বাৰীৰ এইকেইবিধ শাক, সাধাৰণ ভাবি নকৰিব উলাই

জ্যেষ্ঠজনৰ পৰামৰ্শৰ পিছতো অৱশ্যে বহুলোকে শাক-পালি খাবলৈ মন নকৰা দেখা যায়। কিন্তু এই শাক-পাচলিসমূহৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানিলে এনে ভুল কেতিয়াও নকৰে। এই বিষয়ে বিতংকৈ জানো আহক।

অনন্য পুষ্টিৰে ভৰপূৰ বাৰীৰ এইকেইবিধ শাক, সাধাৰণ ভাবি নকৰিব উলাই

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

03 Oct 2025 16:26 PM

সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ অত্যন্ত প্ৰয়োজন। আমাৰ জ্যেষ্ঠজনে সততে দেহৰ উপকাৰিতা লাভৰ বাবে শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। শীতকালৰ আগমনৰ লগে লগে এতিয়া বজাৰত সেউজীয়া শাক-পাচলি সহজলভ্য হৈ পৰিছে। বহুলোকে হয়তো নিজাকৈ বাৰীতে ভিন্ন শাক-পাচলিৰ খেতি কৰিছে। জ্যেষ্ঠজনৰ পৰামৰ্শৰ পিছতো অৱশ্যে বহুলোকে শাক-পালি খাবলৈ মন নকৰা দেখা যায়। কিন্তু এই শাক-পাচলিসমূহৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানিলে এনে ভুল কেতিয়াও নকৰে।

কিছুদিনৰ ভিতৰতে বজাৰত পালেং, লাই শাক, জিলমিল, মেথি, মৰিচা আদি শাক উপলব্ধ হ’ব। এই শাককেইবিধ হয়তো বহুলোকৰে প্ৰিয় নহয়। কিন্তু এই শাকসমূহ অনন্য মাত্ৰাৰ পুষ্টিকৰ গুণেৰে ভৰপূৰ। এই সেউজীয়া শাককেইবিধ স্বাস্থ্যৰ বাবে মহৌষধিতকৈ কোনোগুণেই কম নহয়।

আইৰণ আৰু ভিটামিনৰ পৰা আৰম্ভ কৰি এণ্টিঅক্সিডেণ্টলৈকে বহু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে এই শাককেইবিধত। এইদৰে এই পাঁচবিধ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি চুলি আৰু ছালৰ স্বাস্থ্যলৈ, সকলো দিশতে ছুপাৰফুড হিচাপে পৰিগণিত হয়। এই বিষয়ে বিতংকৈ জানো আহক।

পালেং

হেল্থলাইনৰ প্ৰতিবেদন মতে পালেঙত কেলৰি, প্ৰটিন, কাৰ্ব, চেনি, ফাইবাৰ, চৰ্বি, ফলিক এচিড, কেলচিয়াম আদি থাকে। ইয়াৰ উপৰিও ই আইৰণৰ এক উৎকৃষ্ট উৎস। পালেঙত ভিটামিন চি, কে আদি বহুপ্ৰকাৰৰ ভিটামিন থাকে। পালেঙত উপলব্ধ এণ্টিঅক্সিডেণ্টসমূহে অক্সিডেটিভ চাপ হ্ৰাস কৰে। ইয়াত উপলব্ধ জিএক্সান্থিন আৰু লুটিন চকুৰ বাবে উপকাৰী। ৰক্তচাপ নিয়ন্ত্ৰণতো সহায়ক হয় পালেং।

মেথি

মেথি শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, বি ৬, কে, খনিজ পদাৰ্থ, আইৰণ, পটাছিয়াম, কেলচিয়াম থাকে। এইদৰে মেথি শাকে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে। মেথিত ফাইবাৰৰ পৰিমাণ অধিক হোৱাৰ বাবে হজম শক্তি উন্নত হয়। একেদৰে মেথিত থকা আইৰণৰ পৰিমাণ হিম’গ্লবিন বৃদ্ধিত সহায়ক। ইয়াৰ উপৰিও ইয়াত গেলেক্টাগ’গ থাকে, যি মহিলাৰ স্তনৰ গাখীৰ উৎপাদনত সহায় কৰে।

জিলমিল

জিলমিল শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট থাকে। এইদৰে জিলমিল শাকে হাড় শক্তিশালী কৰে, ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, আৰু ছালৰ উজ্জলতা বৃদ্ধিতো সহায় কৰে। জিলমিল শাকত আইৰণৰ পৰিমাণ অধিক হোৱাৰ বাবে তেজ বিশুদ্ধ কৰাতো সহায় কৰে।

লাই শাক

লাই শাকত ভিটামিন এ, চি, ই, কে, কেলচিয়াম, আইৰণ, ফাইবাৰ আদি পুষ্টিকৰ উপাদান থাকে। এইদৰে লাই শাকে হজম শক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু হৃদৰোগ স্বাস্থ্যৰ বাবেও উপকাৰী বিবেচিত হয়।

মৰিচা

মৰিচাত যথেষ্ট পৰিমাণৰ ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফাইবাৰ আৰু প্ৰটিন থাকে। মৰিচা খালে চকুৰ স্বাস্থ্য উন্নত হয়। ই হাড় মজবুত কৰে, হজম শক্তি আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো মৰিচা যথেষ্ট সহায়ক।

তিতা কেৰেলাৰ পাততো আছে ঔষধি গুণ, এনে উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?
ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি? তেজৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক এই খাদ্য খাওক
সুদীৰ্ঘ ৩২২১ দিনৰ অন্তত ৰাহুলৰ বেটৰ পৰা আহিল শতক! এই দিশতো গঢ়িলে অভিলেখ
অকাল মৃত্যুৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? জনালে প্ৰেমানন্দ মহাৰাজে...