Tomato Fever: টমেট’ জ্বৰ কি আৰু কেনেকৈ বিয়পে ? শিশুৰ বাবে ই কিয় বিপদজনক?

টমেট’ জ্বৰে শিশুৰ শৰীৰত বহু ধৰণে প্ৰভাৱ পেলাব পাৰে। প্ৰথম কথা, ই শিশুৰ শক্তি হ্ৰাস কৰে, যাৰ ফলত তেওঁলোকে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

Tomato Fever: টমেট’ জ্বৰ কি আৰু কেনেকৈ বিয়পে ? শিশুৰ বাবে ই কিয় বিপদজনক?

শিশুৰ জ্বৰ

Published: 

09 Sep 2025 | 01:13 PM

টমেট’ জ্বৰ হৈছে এক বিৰল ভাইৰাছৰ সংক্ৰমণ, যিটো বেছিভাগেই সৰু ল’ৰা-ছোৱালীক আক্ৰান্ত কৰে। শৰীৰত ৰঙা ফোঁহা ওলায়, যিবোৰ টমেট’ৰ দৰে দেখা যায়। এই ৰোগ প্ৰায়ে ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত দেখা যায়। বাৰিষাৰ সময়ত এই ৰোগৰ আশংকা অধিক বৃদ্ধি পায়। একেদৰে বাৰিষাৰ সময়ত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে, যাৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকাও বেছি হয়। খেলা-ধূলাৰ জৰিয়তে এটা শিশুৰ আন এটা শিশুলৈ এই ভাইৰাছ দ্ৰুতগতিত বিয়পি পৰে। গতিকে এই ৰোগৰ প্ৰতি সতৰ্ক হোৱাটো অতি প্ৰয়োজনীয়।

শিশু চিকিৎসা বিভাগৰ ডাঃ বিপিন চন্দ্ৰ উপাধ্যায়ে কয় যে, টমেট’ জ্বৰে শিশুৰ শৰীৰত বহু ধৰণে প্ৰভাৱ পেলাব পাৰে। প্ৰথম কথা, ই শিশুৰ শক্তি হ্ৰাস কৰে, যাৰ ফলত তেওঁলোকে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে। শৰীৰত ৰঙা ফোঁহাই তীব্ৰভাৱে জ্বলা-পোৰা আৰু খজুৱতিৰ সৃষ্টি কৰে, যাৰ ফলত শিশুটি অস্থিৰ হৈ পৰিব পাৰে।

বহুক্ষেত্ৰত এই ফোঁহাবোৰ মুখ আৰু জিভাতো দেখা দিয়ে, যাৰ ফলত শিশুৰ খোৱা-বোৱাত অসুবিধা হয়। অবিৰত জ্বৰ আৰু পানীলগা হ’লে মূৰ ঘূৰোৱা, মূৰৰ বিষ আৰু বমি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। সময়মতে চিকিৎসা নকৰিলে এই সংক্ৰমণে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু অধিক দুৰ্বল কৰি তোলে।

টমেট’ জ্বৰৰ লক্ষণসমূহ কি কি?

এইমছৰ শিশু চিকিৎসা বিভাগৰ প্ৰাক্তন ডাঃ ৰাকেশ বাগদীয়ে কয় যে,টমেট’ জ্বৰৰ প্ৰাৰম্ভিক লক্ষণবোৰ চৰ্দি বা ভাইৰেল জ্বৰৰ দৰে যেন লাগিব পাৰে, কিন্তু লাহে লাহে ই এক বেলেগ ৰূপ দিবলৈ আৰম্ভ কৰে। ইয়াৰ আটাইতকৈ প্ৰধান লক্ষণ হ’ল উচ্চ জ্বৰ, যিটো প্ৰায়ে ১০১-১০৩ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে। ইয়াৰ লগে লগে শৰীৰত সৰু সৰু ৰঙা ফোঁহা ওলাবলৈ আৰম্ভ কৰে। বিশেষকৈ হাত, ভৰি আৰু মুখৰ আশে-পাশে এই ফোঁহাবোৰ দেখা যায়। ভোক কমি যাব পাৰে, অহৰহ ভাগৰুৱা, খিংখিঙীয়া আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে।

কেতিয়াবা শৰীৰত তীব্ৰ বিষ, গাঁঠিৰ জঠৰতা, ডিঙিৰ বিষ আদি সমস্যাও হ’ব পাৰে। আক্ৰান্ত শিশুৰ পানীলগা সমস্যা হ’ব পাৰে কাৰণ বমি আৰু ডায়েৰিয়াৰ দৰে সমস্যাও দেখা যায়। এই ৰোগ সংক্ৰামক আৰু এটা শিশুৰ পৰা আন এটা শিশুলৈ সহজে বিয়পিব পাৰে, গতিকে সময়মতে চিনাক্তকৰণ আৰু সাৱধানতা অতি প্ৰয়োজনীয়।

কেনেকৈ প্ৰতিৰোধ কৰিব?

  • শিশুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক।
  • যদি জ্বৰ বা ফোঁহা দেখা যায় তেন্তে শিশুটিক তৎক্ষণাত চিকিৎসকৰ ওচৰত দেখুৱাব লাগে।
  • আক্ৰান্ত শিশুক আন শিশুৰ পৰা পৃথক কৰি ৰাখিব লাগে।
  • শিশুক লেতেৰা পানী আৰু সংক্ৰমিত বস্তুৰ পৰা আঁতৰাই ৰাখিব লাগে।
  • শিশুক পুষ্টিকৰ খাদ্য আৰু পৰ্যাপ্ত পানী খাবলৈ দিব লাগে যাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
  • স্কুল আৰু খেলা-ধূলাত শিশুৰ সামগ্ৰী ভাগ-বতৰা কৰাটো পৰিহাৰ কৰক।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব