জীৱনত সফল হ’বলৈ হ’লে এইবোৰ অভ্যাস ত্যাগ কৰিব লাগিব…

আপুনি সফলতা লাভ কৰিবলৈ হ'লে জীৱনৰ এনে কিছুমান অভ্যাস ত্যাগ কৰিব লাগিব যিবোৰে সদায় আপোনাৰ প্ৰগতিৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰে । যিকোনো ক্ষেত্ৰতে সফলতাৰ বাবে প্ৰথমে জীৱনটোক শৃংখলাবদ্ধ কৰিব লাগিব । একেদৰে লক্ষ্য স্থিৰ কৰিব লাগিব আৰু লগতে নিজক জিৰণি দিয়াটো অতি প্ৰয়োজন । এই প্ৰতিবেদনৰ জৰিয়তে জানক কি অভ্যাস ত্যাগ কৰিব ।

জীৱনত সফল হ’বলৈ হ’লে এইবোৰ অভ্যাস ত্যাগ কৰিব লাগিব...

প্ৰতীকী ফটো

Updated On: 

09 Jun 2025 | 05:52 PM

জীৱনত সফলতা লাভ কৰিবলৈ হ’লে সংগ্ৰাম কৰিব লাগিব । উচ্চ শিক্ষা লাভ কৰি বা ভাল ডিগ্ৰী এটা থাকিলেই আপুনি সফলতা লাভ নকৰিবও পাৰে । সফলতাৰ বাবে আপুনি আপোনাৰ জীৱনটোক সেই ধৰণে সজাব লাগিব । কিছুমান অভ্যাসে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বাধা সৃষ্টি কৰে । যিবোৰ অভ্যাস ত্যাগ কৰাটো অতি প্ৰয়োজন ।

আপুনি সফলতা লাভ কৰিবলৈ হ’লে জীৱনৰ এনে কিছুমান অভ্যাস ত্যাগ কৰিব লাগিব যিবোৰে সদায় আপোনাৰ প্ৰগতিৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰে । যিকোনো ক্ষেত্ৰতে সফলতাৰ বাবে প্ৰথমে জীৱনটোক শৃংখলাবদ্ধ কৰিব লাগিব । একেদৰে লক্ষ্য স্থিৰ কৰিব লাগিব আৰু লগতে নিজক জিৰণি দিয়াটো অতি প্ৰয়োজন । এই প্ৰতিবেদনৰ জৰিয়তে জানক কি অভ্যাস ত্যাগ কৰিব ।

বিশৃংখল জীৱন

বিশৃংখল জীৱনে আপোনাৰ প্ৰগতিৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে । জীৱনটো শৃংখলাবিহীন হ’লে আপোনাৰ মনটো শান্ত হৈ নাথাকে । কোনো ক্ষেত্ৰতে মনোযোগ দিব নোৱাৰে । মনোযোগ বিহীন এটা কামত সফলতা লাভ কৰাটো কঠিন হৈ পৰিব পাৰে । গতিকে জীৱনটো শৃংখলবদ্ধ কৰিবলৈ পৰিকল্পনাৰ সৈতে এখন ৰুটিন প্ৰস্তুত কৰক । এই ৰুটিন মানি চলিবলৈ চেষ্টা কৰক । ই আপোনাৰ জীৱনটোক সহজ কৰাৰ লগতে যিকোনো বিষয়ত মানসিক চাপ হ্ৰাস কৰাত সহায় কৰিব।

লক্ষ্যহীন

আপোনাৰ যদি কোনো লক্ষ্য নাথাকে তেন্তে আপোনাৰ জীৱনটো কঠিন হৈ পৰিব পাৰে । লক্ষ্যহীন জীৱনক আপুনি কোনো ক্ষেত্ৰতে আগুৱাই নিব নোৱাৰে । জীৱনটোক আগুৱাই নিবলৈ আপুনি লক্ষ্য স্থিৰ কৰাটো অতি প্ৰয়োজন । শিক্ষা ক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে, যেতিয়া আপুনি লক্ষ্য স্থিৰ কৰি আগবাঢ়িব তেতিয়া সকলো কাম সহজ হৈ পৰিব । আত্মবিশ্বাস বৃদ্ধি পাব ।

জিৰণিৰ প্ৰয়োজন

নিজৰ স্বাস্থ্যৰ কথা পাহৰি আপুনি যদি কোনো কামত লাগি থাকে সেই কামত সহজে সফলতা লাভ কৰিব নোৱাৰে । আপোনাৰ শৰীৰটোৱে যদি পৰ্যাপ্ত সময়ৰ জিৰণি নাপায় তেন্তে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব । ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে । চিন্তা শক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে । কামত সফলতা লাভ কৰিবলৈ আপুনি স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন । কিয়নো যিকোনো কাম কৰিবলৈ আপুনি সুস্থ হৈ থাকিব লাগিব । মনটোক শক্তিশালী কৰি ৰাখিব লাগিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...