ঘৰত পুনৰাই নাবান্ধে আৰু মকৰা জাল, এইদৰে সহজতে পাব স্থায়ী সমাধান

যদি ঘৰ পৰিষ্কাৰ কৰাৰ সময়ত কিছুমান দিশৰ প্ৰতি লক্ষ্য ৰখা হয়, তেতিয়া মকৰাজাল আঁতৰোৱাটো সহজ হৈ পৰে। কিছুমান সহজ ঘৰুৱা উপায়ৰ সহায়ত আপুনি মকৰা জাল চিৰদিনৰ বাবে আঁতৰাব পাৰে।

ঘৰত পুনৰাই নাবান্ধে আৰু মকৰা জাল, এইদৰে সহজতে পাব স্থায়ী সমাধান

প্ৰতিনিধিত্বমূলক ছবি

Published: 

21 Aug 2025 | 05:23 PM

আমি সকলোৱে নিজৰ ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখোঁ। পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। লগতে বহু ধৰণৰ ৰোগৰ পৰাও ইয়াৰ দ্বাৰা সকাহ লাভ কৰিব পাৰি। সাধাৰণতে আমাৰ অধিকাংশ লোকৰ ঘৰতে চুকে-কোণে মকৰাৰ জাল দেখা যায়। মকৰাৰ জাল দেখাৰ লগে লগে সকলোৱে চাফ-চিকুণ কৰে। কিন্তু এবাৰ মকৰাৰ জাল আঁতৰাই পেলোৱাৰ পিছতে আকৌ মকৰাই জাল বান্ধে। এনে পৰিস্থিতিত কিছুমান সহজ টিপছ গ্ৰহণ কৰি এই মকৰা জাল আঁতৰাব পাৰে।

যদি ঘৰ পৰিষ্কাৰ কৰাৰ সময়ত কিছুমান দিশৰ প্ৰতি লক্ষ্য ৰখা হয়, তেতিয়া মকৰাজাল আঁতৰোৱাটো সহজ হৈ পৰে। কিছুমান সহজ ঘৰুৱা উপায়ৰ সহায়ত আপুনি মকৰা জাল চিৰদিনৰ বাবে আঁতৰাব পাৰে। জানো আহক এনে কিছুমান সহজ ঘৰুৱা উপায়ৰ বিষয়ে-

মকৰাৰ জাল আঁতৰাবলৈ প্ৰথমে জালখনত যাতে মকৰা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। চাফা কৰাৰ সময়ত জালখন আঁতৰাই দিয়া হয় যদিও মকৰাটোৱে আন এখন বেৰত জাল বনাবলৈ আৰম্ভ কৰিব পাৰে। গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰথমে মকৰা হত্যা কৰা ঔষধ স্প্ৰে কৰি তাৰ পিছত জালখন আঁতৰাই পেলাওক।

পদূনা পাত

মকৰাজাল আঁতৰাই ইয়াৰ পৰা ৰক্ষা পাবলৈ পদূনা পাত মিহলি পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে মকৰাজাল আঁতৰাই তাৰ পিছত তাত পদূনা পাত মিহলি পানী বা তেল ছটিয়াই দিব পাৰে। কোৱা হয় যে মকৰাই পদূনাৰ গোন্ধ সহ্য কৰিব নোৱাৰে, গতিকে সেই স্থানত পুনৰ জাল নবনায়।

নেমু বা কমলাৰ খোলা

মকৰাই ঘৰৰ কোঠা বা বাথৰুমৰ যিকোনো স্থানতে জাল বনাব পাৰে। এনে পৰিস্থিতিত মকৰা খেদি পঠিওৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে মকৰা বেছিকৈ দেখা পোৱা ঠাইত নেমু বা কমলাৰ খোলা ৰাখিব পাৰে। ইয়াৰ গোন্ধৰ বাবে সেই ঠাইত মকৰা দেখা নাযাব।

ডালচেনী

পাকঘৰত ডালচেনি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ গোন্ধই মকৰা খেদি পঠিওৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে মকৰাজাল থকা ঠাইত ডালচেনিৰ গুড়ি ছটিয়াই দিব লাগে। ডালচেনিৰ প্ৰবল গোন্ধই মকৰাক আঁতৰাই ৰাখিব।

ভিনেগাৰ

ভিনেগাৰেও মকৰা ঘৰৰ পৰা আঁতৰাই ৰখাত সহায়ক হ’ব পাৰে। ইয়াৰ বাবে এটা স্প্ৰে বটলত ভিনেগাৰ দি মকৰা থকা ঠাইত স্প্ৰে কৰিব লাগে। ভিনেগাৰৰ গোন্ধ অতি উগ্ৰ হয়, গতিকে সেই স্প্ৰে ব্যৱহাৰৰ পিছত মকৰা আঁতৰি যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...