ডিঙিৰ বিষ হৈ থাকে নেকি? সহজভাৱে নল’ব, হ’ব পাৰে এই ৰোগৰ লক্ষণ…

আপোনাৰ ডিঙিত বিষ হৈ থাকে নেকি? ইয়াৰ লগে লগে কেতিয়াবা জ্বৰ উঠে নেকি? যদি এই সমস্যা হয় তেন্তে ইয়াক সাধাৰণভাৱে নলব। কিয়নো ই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ডিঙিৰ বিষ হৈ থাকে নেকি? সহজভাৱে নলব, হব পাৰে এই ৰোগৰ লক্ষণ...

ডিঙিৰ বিষ

Updated On: 

18 Sep 2025 16:48 PM

বতৰৰ লগে লগে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়া সাধাৰণ কথা। এই সমস্যাবোৰৰ ভিতৰত ডিঙিৰ বিষ অন্যতম। কিন্তু যদি দীৰ্ঘদিন ধৰি ডিঙিৰ বিষৰ লগতে ডিঙিৰ পৰা শব্দ ওলাই থাকে তেন্তে ইয়াক সাধাৰণভাৱে লোৱা ঠিক নহয়। কিয়নো ই ডিপথেৰিয়াৰ লক্ষণ হ’ব পাৰে।  যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু অতি সাধাৰণ বুলি মানুহে ইয়াক আওকান কৰি চলে। কিন্তু ইয়াৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।

চিকিৎসকৰ মতে ডিপথেৰিয়াক বহুতে গলঘটু বুলি কোৱা হয়। এই অৱস্থাত ডিঙিৰ বিষৰ লগতে সামান্য জ্বৰ হ’ব পাৰে। ইয়াৰ লগতে এই ৰোগ হ’লে আন কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ ভিতৰত আছে উশাহ-নিশাহ লোৱাত অসুবিধা, ডিঙিত ফুলা, ধাৰাবাহিক কাহ আদি। ইয়াৰোপৰি গুৰুতৰ ক্ষেত্ৰত ছাল নীলা হৈ পৰিব পাৰে। এই লক্ষণসমূহ সহজভাৱে লোৱা ঠিক নহয়।

এই সন্দৰ্ভত দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে সবিশেষ জনাইছে। তেওঁ কৈছে কিয় এই ৰোগ হয় আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। চিকিৎসকগৰাকীৰ মতে, এই ৰোগ বেক্টেৰিয়াৰ ফলত হয়। এই বেক্টেৰিয়াবোৰ বতাহত থাকে যি বায়ুৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰে আৰু ডিঙিত সংক্ৰমণৰ সৃষ্টি কৰে। এই সংক্ৰমণৰ ফলত শ্বাসনলীত এক পৰ্দা গঠন হয়, যাৰ ফলত ৰোগীয়ে উশাহ-নিশাহ লোৱাক কষ্ট পায়। কেতিয়াবা ই হৃদযন্ত্ৰ আৰু মগজুলৈ বিয়পিব পাৰে। এই সংক্ৰমণে হৃদযন্ত্ৰ আৰু মগজুৰ ক্ষতি কৰিব পাৰে। গতিকে ডিঙিৰ বিষৰ লগত জ্বৰ হৈ থাকিলে সহজভাৱে ল’ব নালাগে।

কেনেকৈ  বিয়পে

ই এক গুৰুতৰ ৰোগ। চিকিৎসকগৰাকীয়ে কয় যে, ডিপথেৰিয়া হৈছে এক সংক্ৰামক ৰোগ যিটো সহজে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। কাহ আৰু হাঁচিৰ দ্বাৰা এই ৰোগ বিয়পিব পাৰে। অৱশ্যে ইয়াৰ চিকিৎসা আৰু প্ৰতিষেধক উপলব্ধ আছে।

কোন সংক্ৰমিত হ’ব পাৰে

এই ৰোগ বিশেষকৈ শিশুৰ ক্ষেত্ৰত দেখা যায়। যিসকল শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম সেইসকলৰ এই সমস্যা বেছিকৈ হোৱা দেখা যায়।

প্ৰতিৰোধৰ উপায়

  • সংক্ৰমিত লোকৰ পৰা আঁতৰি থাকক।
  • ভিৰৰ পৰা আঁতৰি থাকিব লাগে।
  • ভিৰত মাস্ক ব্যৱহাৰ কৰিব লাগে।
  • শিশুক টিকা দিব লাগে।
  • বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়ক- চকু ৰঙা পৰা, খজুৱতি…ভুলতো নল’ব সাধাৰণভাৱে! হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ…

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...