আপোনাৰো আছে নেকি এইসমূহ অভ্যাস? তেন্তে হৈ পৰিব পাৰে খিংখিঙীয়া, দুৰ্বল আৰু…

আপোনাৰ পুৱাৰ ৰুটিনে দিনটো নিৰ্ভৰ কৰে। পুৱাৰ কিছুমান অভ্যাসৰ বাবে আপোনাৰ গোটেই দিনটো ভাগৰুৱা, খিংখিঙীয়া, দুৰ্বলতা আদি অনুভৱ হ'ব পাৰে।

আপোনাৰো আছে নেকি এইসমূহ অভ্যাস? তেন্তে হৈ পৰিব পাৰে খিংখিঙীয়া, দুৰ্বল আৰু...

ভাগৰুৱা

Updated On: 

04 Aug 2025 | 02:10 PM

পুৱাৰ সঠিক অভ্যাসে আমাক দিনটো সক্ৰিয় হৈ থকাত সহায় কৰে। যেতিয়া আমি দিনটোৰ আৰম্ভণি ভালদৰে কৰো তেন্তে গোটেই দিনটো ইতিবাচক অনুভৱ হৈ থাকে। ই মানিসক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। ইয়াৰোপৰি পুৱা উঠাৰ পাছত ব্যায়াম, সুষম খাদ্য গ্ৰহণ কৰিলে আমাৰ দিনটো ভাল যোৱাত সহায় হয়। ইয়াৰ ফলত দিনটোত মানুহে দুৰ্বল অনুভৱ নকৰে। কিন্তু কিছুমান মানুহে পুৱা শুই উঠাৰ কিছুসময় পাছতেই ভাগৰুৱা অনুভৱ কৰে। যাৰ ফলত গোটেই দিনটো এলাহ আৰু ভাগৰুৱা অনুভৱ কৰে। ইয়ে মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰে।

পুৱা ৰুটিন ভাল হ’লে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু ফিট হৈ থকাই নহয়, ই আপোনাৰ কৰ্ম উৎপাদনশীলতাকো প্ৰভাৱিত কৰে, লগতে আপোনাৰ ব্যক্তিত্বত প্ৰতিফলিত হয়। আনহাতে, যদি পুৱাৰ আৰম্ভণি ভাল নহয়, তেন্তে আপুনি দিনত এলাহ, ভাগৰ, খিংখিঙীয়া আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। পুৱাৰ কোনবোৰ অভ্যাসে আপোনাক দিনটো দুৰ্বল বা আন সমস্যাৰ সৃষ্টি কৰাব পাৰে সেয়া তলত উল্লেখ কৰা হ’ল।

বহুবাৰ এলাৰ্ম লগোৱা

এনে বহু মানুহে আছে যিয়ে কেইমিনিটমানৰ মূৰে মূৰে এলাৰ্ম ছেট কৰি শুই যায়। পাছত সাৰ পাই এলাৰ্ম বন্ধ কৰি আকৌ শুই যায়। ইয়াৰ ফলত টোপনিৰ চক্ৰত ব্যাঘাত জন্মে। এনে পৰিস্থিতিত টোপনিৰ সমস্যাৰ সৃষ্টি হয়। অৰ্থাৎ সাৰ পোৱাৰ পিছত কিছু সময়ৰ বাবে অতি এলাহ আৰু খিংখিঙীয়া অনুভৱ হয়, যিয়ে আপোনাৰ দিনৰ কামতো প্ৰভাৱ পেলায়।

ফোন চোৱা

বেছিভাগ মানুহে বিচনাৰ কাষত ফোনটো থৈ দিয়ে আৰু সাৰ পোৱাৰ লগে লগে মেছেজ কৰিবলৈ আৰম্ভ কৰে। বিভিন্নজনে ফোনটো লৈ ফেচবুক, বা আন সামাজিক মাধ্যমক ব্যৱহাৰ কৰে। এনে পৰিস্থিতিত কেতিয়া ১ ঘন্টা পাৰ হৈ যায় গমেই নাপায়।এই অভ্যাসে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত আপোনাৰ টোপনি নষ্ট হোৱাৰ লগতে মানসিক চাপ বৃদ্ধি কৰে। যাৰ বাবে দিনটোত আপুনি ভাগৰুৱা আৰু দুখ অনুভৱ কৰিব পাৰে।

পুৱাৰ খাদ্য গ্ৰহণ নকৰা

বহু মানুহ আছে যিয়ে ব্ৰেকফাষ্ট নাখায়। ব্ৰেকফাষ্টৰ নামৰ মাত্ৰ একাপ চাহ-কফি আৰু বিস্কুট আদি খায়। কিন্তু এনে কৰিলে শৰীৰে ভালদৰে শক্তি লাভ নকৰে আৰু ইয়াৰ বেয়া প্ৰভাৱ স্বাস্থ্যত পৰে। ব্ৰেকফাষ্ট নকৰা বা স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ নকৰাৰ ফলতো পুষ্টিকৰ উপাদানৰ অভাৱ হয় আৰু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়, যাৰ ফলত ওজন বৃদ্ধিৰ সম্ভাৱনাও বৃদ্ধি পায়।

হাইড্ৰেইট ৰাখিব লাগে

পুৱা সাৰ পোৱাৰ পাছত পানী খাই দিনটো আৰম্ভ কৰা উচিত। কিয়নো ৰাতি শুৱাৰ পাছত সাৰ পালে আমাৰ শৰীৰক পানীৰ প্ৰয়োজন হয়। গতিকে পুৱা পানী নাখালে সোনকালে দুৰ্বল অনুভৱ কৰিব পাৰে।

প্ৰাকৃতিক পোহৰ

পুৱা সাৰ পোৱাৰ পিছত লঘু শাৰীৰিক কাৰ্যকলাপৰ লগতে প্ৰাকৃতিক পোহৰত ওলাই যোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি সাৰ পোৱাৰ পিছতো আপোনাৰ কোঠাত থাকে বা ঘৰৰ পৰা ওলাই নাযায় আৰু সূৰ্যৰ পোহৰ একেবাৰেই নাপায়, তেন্তে ইয়াৰ ফলত সমস্যা হ’ব পাৰে। আপুনি দিনটো এলাহ, ভাগৰ, মুড বেয়া আদিৰ সমস্যাত ভুগিব পাৰে।

 

অন্য খবৰ পঢ়কঃ বাৰে বাৰে মূৰ ঘূৰাই নেকি? ই কিহৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...