পুৱা উঠি ধূমপান কৰাৰ অভ্যাস আছে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগ, জানক বিশেষজ্ঞৰ পৰা…

Kidney: আজিকালি মানুহৰ বৃক্কজনিত সমস্যা বহুত হোৱা দেখা যায়। কিন্তু আপুনি জানেনে, কিছুমান সাধাৰণ অভ্যাসে বৃক্ক নষ্ট কৰিব পাৰে। গতিকে এই অভ্যাসবোৰ জানি ইয়াক ত্যাগ কৰা উচিত।

পুৱা উঠি ধূমপান কৰাৰ অভ্যাস আছে নেকি? হব পাৰে এই ডাঙৰ ৰোগ, জানক বিশেষজ্ঞৰ পৰা...

বৃক্ক

Published: 

29 Oct 2025 23:00 PM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰত ফিল্টাৰ হিচাপে কাম কৰি প্ৰস্ৰাৱৰ জৰিয়তে আৱৰ্জনা আঁতৰাই পেলায়। বৃক্কই ভিটামিন ডিক সক্ৰিয় ৰূপলৈ ৰূপান্তৰিত কৰে, যিয়ে কেলচিয়াম শোষণ কৰি দাঁত আৰু হাড় শক্তিশালী কৰে। কিন্তু আজিকালি বহু লোকৰে বৃক্ক সম্পৰ্কীয় বিভিন্ন সমস্যা হোৱা দেখা যায়।

আমাৰ কিছুমান অভ্যাসেও বৃক্ক নষ্ট হোৱাত অৰিহনা যোগায়। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ নেফ্ৰ’লজী আৰু কিডনী ট্ৰান্সপ্লাণ্টৰ সঞ্চালক ডাঃ ৰাজেশ আগৰৱালে। তেওঁ কয় যে, আমি পুৱা কেনেদৰে আৰম্ভ কৰো তাৰ ওপৰতো আমাৰ বৃক্কৰ স্বাস্থ্য নিৰ্ভৰ কৰে।

পুৱাৰ বেয়া অভ্যাস

চিকিৎসকগৰাকীয়ে পুৱাৰ কিছুমান বেয়া অভ্যাসৰ বিষয়ে উল্লেখ কৰে, যি বৃক্কৰ বাবে ক্ষতিকাৰক।

  1. বহুতে সাৰ পোৱাৰ লগে লগে খালী পেটত চাহ, কফি আদি খায়। এয়া সাধাৰণ লাগিলেও ই এক ক্ষতিকাৰক অভ্যাস।
  2. খালী পেটত কেফেইন সেৱন কৰিলে বৃক্কত চাপ পৰে আৰু ডিহাইড্ৰেশ্যন বৃদ্ধি পাব পাৰে।
  3. পুৱা বহুতে প্ৰস্ৰাৱ ধৰি ৰাখে। ইয়াৰ ফলতো বৃক্কত সংক্ৰমণ বা পাথৰ হোৱাৰ সম্ভাৱনা থাকে।
  4. বহুতে ব্ৰেকফাষ্ট নকৰে বা দেৰিকৈ খায়। দীৰ্ঘদিন এনে কৰিলে বৃক্কত বিষাক্ত পদাৰ্থ জমা হব পাৰে।
  5. ব্লাড চুগাৰ আৰু ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন।
  6. পুৱা উঠি ধূমপান কৰা অভ্যাস।

কি কৰিব

  • পুৱা সাৰ পাই উঠি কুহুমীয়া পানী খাব।
  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ব্লাড চুগাৰ, ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰাখক।
  • ব্যায়াম কৰক।
  • বেছি নিমখ আৰু প্ৰচেচড খাদ্য পৰিহাৰ কৰক।
  • পৰ্যাপ্ত টোপনি যাওক।

উল্লেখ্য যে, বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। গতিকে বৃক্কৰ যত্ন লোৱা অতি প্ৰয়োজন। যদি দীৰ্ঘদিন ধৰি শৰীৰত কোনো সমস্যা হৈ থাকে তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ কোনসকল লোকৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা বেছি? জানক চিকিৎসকৰ পৰা…

দিনত ৩ বাৰ ভাত খোৱা স্বাস্থ্যৰ বাবে ভাল নে বেয়া? জানক...
কলেষ্টেৰল বৃদ্ধি হ'লে ছালত কি লক্ষণে দেখা দিয়ে, জানক সকলো...
ৰাতি আহাৰ সোনকালে খালে কি হয়? কি কি সমস্যাৰ পৰা উপশম পাব পাৰি?
হ'ব অমংগল, কেতিয়াও এই স্থানত আৰু এইসকল লোকৰ ভৰি চুব নালাগে!