সময় থাকোঁতেই ত্যাগ কৰক এনে অভ্যাস, অন্যথা হেৰুৱাব হেঁপাহৰ চুলিকোচা
শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ, ঔষধ সেৱন, অতিৰিক্ত ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰী বা চুলিৰ বাবে উপযোগী নোহোৱা সামগ্ৰী ব্যৱহাৰৰ বাবেও চুলি সৰিব পাৰে। লগতে আমাৰ কিছুমান অভ্যাসৰ বাবেও আমাৰ চুলি সৰিব পাৰে, সেয়েহে চুলিকোচা সুস্থ কৰি ৰাখিবলৈ আমি এনে অভ্যাস সলনি কৰিব লাগিব। চুলি সৰাৰ কাৰণ এনে কিছুমান ত্যাগ কৰিবলগা অভ্যাসৰ বিষয়ে জানো আহক।

প্ৰতিনিধিত্বমূলক ছবি
বৰ্তমান সময়ত চুলি সৰাটো পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত এক চিন্তনীয় সমস্যা হৈ পৰিছে। বাহ্যিক সৌন্দৰ্যৰ অন্যতম আধাৰ চুলিকোচা হেৰুওৱাৰ ভয়ে সকলোকে চিন্তিত কৰি তুলিছে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অধিকাংশ লোকেই প্ৰতিকাৰৰ বিভিন্ন পন্থাৰ আশ্ৰয় লয়। চুলি সৰা ৰোধ কৰিবলৈ তথা চুলিকোচা মজবুত কৰি তুলিবলৈ বিভিন্ন ধৰণৰ চেম্পু ব্যৱহাৰ কৰে বা চুলিৰ চিকিৎসা কৰে। কিন্তু কেতিয়াবা এনে সকলো চেষ্টাৰ পিছতো চুলি সৰা ৰোধ নহয়। এনে পৰিস্থিতিতো আপুনি কেতিয়াবা চুলি সৰা কাৰণ জানিবলৈ চেষ্টা কৰিছেনে?
দৰাচলতে শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ, ঔষধ সেৱন, অতিৰিক্ত ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰী বা চুলিৰ বাবে উপযোগী নোহোৱা সামগ্ৰী ব্যৱহাৰৰ বাবেও চুলি সৰিব পাৰে। লগতে আমাৰ কিছুমান অভ্যাসৰ বাবেও আমাৰ চুলি সৰিব পাৰে, সেয়েহে চুলিকোচা সুস্থ কৰি ৰাখিবলৈ আমি এনে অভ্যাস সলনি কৰিব লাগিব। চুলি সৰাৰ কাৰণ এনে কিছুমান ত্যাগ কৰিবলগা অভ্যাসৰ বিষয়ে জানো আহক-
গৰম পানীৰে চুলি ধোৱা
শীতকালত অধিকাংশ মানুহেই গৰম পানীৰে গা ধোৱা দেখা যায়। কিন্তু অধিক গৰম পানীয়ে ছাল আৰু মূৰৰ ছালত থকা প্ৰাকৃতিক তেল আঁতৰাই পেলাব পাৰে। গতিকে অতি গৰম পানীৰে চুলি ধুলে চুলি শুকান আৰু দুৰ্বল হৈ পৰে, যাৰ বাবে চুলি সহজে পৰিব পাৰে। গতিকে গৰম পানীৰ সলনি কুহুমীয়া পানী ব্যৱহাৰ কৰাটো ভাল।
অস্বাস্থ্যকৰ খাদ্য
আমাৰ শৰীৰত সকলো ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। এই উপাদানসমূহ আমি সঠিক খাদ্যাভ্যাসৰ পৰা লাভ কৰোঁ। সেয়ে সুষম আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। শৰীৰত প্ৰটিন, ভিটামিন এ, চি বা আইৰণৰ দৰে যিকোনো পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে চুলি সৰা, চুলি শুকান আৰু চুলি পকা আদি নানা সমস্যা হ’ব পাৰে।
চুলি টানকৈ বান্ধি ৰখা
বহু লোকে চুলি খুব টানকৈ বান্ধি থয়। ইয়াৰ ফলত চুলিৰ গুৰিৰ ওপৰত অধিক চাপ পৰে আৰু তেনে অৱস্থাত চুলিৰ বৃদ্ধিত সমস্যা হ’ব পাৰে, লগতে মূৰৰ বিষো হ’ব পাৰে।
মানসিক চাপ
মানসিক চাপৰ ফলতো চুলি সৰিব পাৰে। অত্যধিক মানসিক চাপত থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলত চুলিৰ গুৰিৰ ক্ষতি হ’ব পাৰে। তেনে পৰিস্থিতিত চুলি সৰা সমস্যা হ’ব পাৰে। সেয়েহে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।