কেৱল মিঠা নহয়! এইসমূহ খাদ্য হ’ব পাৰে ব্লাড চুগাৰ বৃদ্ধিৰ কাৰণ, জানক সকলো…
আজিকালি প্ৰায়ভাগ মানুহৰ মাজত ডায়েবেটিছৰ সমস্যা বৃদ্ধি হোৱা দেখা যায়। বহুতে ভাবে মিঠাই খোৱা বাবে ব্লাড চুগাৰ বৃদ্ধি পায়। কিন্তু অন্য কিছুমান কাৰণতো এই সমস্যা হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

ব্লাড চুগাৰ
আজিৰ সময়ত ডায়েবেটিছ ৰোগীৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাইছে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ প্ৰায় সংখ্যক লোকে এই ৰোগত আক্ৰান্ত হয়। ই এক এনে ৰোগ যাক নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক। বিশেষজ্ঞৰ মতে যদি খাদ্যত কাৰ্বোহাইড্ৰেটৰ পৰিমান অধিক হৈ যায় তেতিয়া ব্লাড চুগাৰ বৃদ্ধি হয়। কাৰ্বোহাইড্ৰেট বেছিকৈ খালে শৰীৰত গ্লুকজ অত্যধিত হাৰত গঠন হয় যাৰ ফলত ব্লাড চুগাৰৰ পৰিমাণ বৃদ্ধি পায়। যাৰ বাবে বিশেষজ্ঞই ডায়েবেটিছ ৰোগীক কাৰ্বছ কম সেৱন কৰিবলৈ কয়।
মিঠাই বা আন মিঠাজাতীয় সামগ্ৰীত সাধাৰণ কাৰ্ব থাকে। যি সোনকালে হজম হয় আৰু ব্লাড চুগাৰ বৃদ্ধি কৰে। যাৰ বাবে ডায়েবেটিছ ৰোগীক মিঠা কম খাবলৈ কোৱা হয়। কিন্তু কেৱল মিঠা বস্তুয়েই নহয়, অন্য কিছুমান খাদ্যইও ব্লাড চুগাৰ বৃদ্ধি কৰে। এই বিষয়ে জনা দৰকাৰ।
গতিকে প্ৰশ্ন হয়, মিঠাইৰ বাহিৰে কোনবোৰ বস্তুই শৰীৰত ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে? তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-
অন্য খাদ্যঃ যদি আপুনি মিঠা নাখাই, কিন্তু খাদ্যত হাই গ্লাইছেমিক খাদ্য অন্তৰ্ভুক্ত কৰে তেন্তে ব্লাড চুগাৰ বাঢ়িব পাৰে। ইয়াৰ ভিতৰত বগা ব্ৰেড, ৰিফাইন কাৰ্বোহাইড্ৰেট, আলু আদি। ইয়াৰ লগতে প্ৰচেচড খাদ্য য’ত চেনি, অস্বাস্থ্যকৰ চৰ্বি, কেলৰি আদি বেছিকৈ থাকে সেইবোৰে ব্লাড চুগাৰ বৃদ্ধি কৰে।
মানসিক অৱসাদঃ কেৱল খাদ্যই নহয় মানসিক অৱসাদেও ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। যেতিয়া শাৰীৰিক কাৰ্যকলাপ কম হয়, লগতে টোপনিৰ অভাৱ আদিয়ে ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে।
ঔষধঃ কিছুমান ঔষধ সেৱন যেনে ষ্টেৰইড আৰু ডায়েবেটিছৰ ঔষধ বা ইনচুলিন লোৱা হঠাতে এৰি দিলে ব্লাড চুগাৰ হঠাতে বৃদ্ধি হ’ব পাৰে। ইয়াৰ লগতে এন্টিডিপ্ৰেছ, ডিকোন্ডেষ্টেটছ, গৰ্ভ নিৰোধক ঔষধ আদি খালেও ব্লাড চুগাৰ বাঢ়িব পাৰে।
সংক্ৰমণঃ যদি কোনো ডায়েবেটিছ ৰোগীয়ে মিঠাই নাখাই কিন্তু বাৰে বাৰে চৰ্দি, জ্বৰ, নিমোনিয়া আদি হৈ থাকে তেন্তে ব্লাড চুগাৰ বাঢ়িব পাৰে।
হৰম’নৰ ভাৰসাম্যঃ মেনোপজৰ পাছত মহিলাসকলৰ হৰমনৰ ভাৰসাম্য নোহোৱা হয়। যাৰ ফলত ব্লাড চুগাৰ বাঢ়িব পাৰে।
গতিকে কেৱল মিঠাই খোৱাৰ ফলতেই নহয়, অন্য বিভিন্ন কাৰণত ব্লাড চুগাৰ বৃদ্ধি হ’ব পাৰে। এই ক্ষেত্ৰত সকলোৱে সজাগ হোৱা ভাল। উল্লেখ্য যে, ডায়েবেটিছ হ’লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। তাৰ ভিতৰত পিয়াহ বৃদ্ধি, সঘনাই প্ৰস্ৰাৱ কৰা, অত্যন্ত ভোক, ওজন হ্ৰাস, ভাগৰুৱা, দৃষ্টিশক্তি ম্লান, সঘনাই সংক্ৰমণ হোৱা আদি অন্যতম। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ সাধাৰণভাৱে নল’ব! সঘনাই হৈ থকা ভৰিৰ বিষ হ’ব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ, জানক সকলো…