গৰ্ভাৱস্থাৰ সময়ত নকৰিব এই ৫টা ভুল, শিশুৰ বিকাশৰ ওপৰত পৰিব প্ৰভাৱ…

গৰ্ভাৱস্থাত শৰীৰক অধিক জিৰণিৰ প্ৰয়োজন হয়। এই সময়ছোৱাত সৰু সৰু ভুলেও যথেষ্ট ক্ষতি কৰিব পাৰে। তলত উল্লেখ কৰা ৫টা ভুলৰ পৰা আঁতৰি থাকিলে মাতৃয়ে এটা সুস্থ সন্তান জন্ম দিব পাৰে। ইয়াৰ বাবে সুষম জীৱনশৈলী আৰু ইতিবাচক চিন্তাধাৰা থকাটো জৰুৰী। এই সময়ত শিশুটিৰ লগতে নিজক কেনেকৈ সুৰক্ষিত ৰাখিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰা জানো আহক...

গৰ্ভাৱস্থাৰ সময়ত নকৰিব এই ৫টা ভুল, শিশুৰ বিকাশৰ ওপৰত পৰিব প্ৰভাৱ...

গৰ্ভাৱস্থাৰ সময়ত নকৰিব এই ৫টা ভুল

Published: 

07 Jun 2025 23:21 PM

গৰ্ভাৱস্থা প্ৰতিগৰাকী মহিলাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল সময়। এই সময়ছোৱাত মাতৃৰ প্ৰতিটো অভ্যাস, খাদ্যাভ্যাস আৰু ৰুটিনৰ প্ৰত্যক্ষ প্ৰভাৱ শিশুৰ বিকাশত পৰে। বহু সময়ত মহিলাসকলে অজানিতে এনে কিছুমান ভুল কৰে, যাৰ ফলত গৰ্ভত ডাঙৰ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত গৰ্ভাৱস্থাত সাৱধান হোৱা লগতে সাধাৰণ অথচ বিপদজনক অভ্যাসবোৰ পৰিহাৰ কৰাটো জৰুৰী। গৰ্ভাৱস্থাত শিশুৰ বিকাশ লেহেমীয়া কৰিব পৰা এনে ৫ টা ডাঙৰ ভুলৰ বিষয়ে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰা জানো আহক।

পুষ্টিকৰ খাদ্যৰ অভাৱ

ছফদাৰজং হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ছালনী চাদ্ধাই কয় যে গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰত অতিৰিক্ত পুষ্টিৰ প্ৰয়োজন হয়।কাৰণ তেওঁ কেৱল নিজৰ বাবেই নহয়, গৰ্ভত বাঢ়ি অহা শিশুটিৰ বাবেও খাদ্য গ্ৰহণ কৰে। বহু সময়ত মহিলাসকলে খোৱা-বোৱাত অসাৱধান হৈ পৰে বা ভোক নথকাৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহক আওকাণ কৰে। যাৰ বাবে শিশুৱে প্ৰয়োজনীয় ভিটামিন, আইৰণ, কেলচিয়াম আৰু ফলিক এচিড নাপায়, যাৰ ফলত তেওঁৰ শাৰীৰিক আৰু মানসিক বিকাশত প্ৰভাৱ পৰিব পাৰে। ডাঃ ছালনী চাদ্ধাই কয় যে গৰ্ভাৱস্থাত সুষম খাদ্য গ্ৰহণ কৰিব লাগে য’ত সেউজীয়া শাক-পাচলি, ফল-মূল, গাখীৰ, দাইল, শুকান ফল আৰু ফলিক এচিডযুক্ত বস্তু থাকে মাজে মাজে চিকিৎসকৰ পৰা খাদ্যৰ পৰামৰ্শ লৈ থকাটো দৰকাৰ।

সম্পূৰ্ণ টোপনিৰ অভাৱ

গৰ্ভাৱস্থাত শৰীৰক অধিক জিৰণিৰ প্ৰয়োজন হয়। যদি মাতৃয়ে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে আৰু শিশুৰ বিকাশত প্ৰভাৱ পৰিব পাৰে। টোপনিৰ অভাৱেও মাতৃৰ খিংখিঙীয়া, ভাগৰুৱা আৰু ৰক্তচাপৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।দৈনিক কমেও ৮-৯ ঘণ্টা শোৱাটো নিশ্চিত কৰিব লাগে আৰু লগতে দিনটোত মাজে মাজে কম সময়ৰ বাবে জিৰণি ল’ব লাগে। টোপনিৰ সময় নিয়মীয়া ৰখাৰ লগে টিভি, ফোন আদিৰ সৈতে সময় কম কৰিব লাগে।

মানসিক চাপ আৰু উদ্বেগ

অহৰহ মানসিক চাপ বা উদ্বিগ্নতাৰ পৰিৱেশ মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰে বাবে ক্ষতিকাৰক। মানসিক চাপে শৰীৰত কৰ্টিছল নামৰ হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে, যিয়ে শিশুৰ মগজুৰ বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। ধ্যান, সহজ যোগাসন, ভাল কিতাপ পঢ়া বা প্ৰিয় সংগীত শুনাটোৱে মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে। প্ৰয়োজন হ’লে পৰিয়ালৰ বা পৰামৰ্শদাতাৰ সহায় লওক।

ধূমপান, মদ বা নিচাহৰ আসক্তি

যদি মহিলাগৰাকীয়ে ধূমপান কৰে বা মদ সেৱন কৰে তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ শিশুৰ ওপৰত পৰে। ইয়াৰ ফলত শিশুৰ ওজন কম হ’ব পাৰে, অকালতে প্ৰসৱ হ’ব পাৰে বা কেতিয়াবা গৰ্ভপাত হোৱাৰ সম্ভাৱনাও দেখা যায়। ধূমপায়ীৰ কাষত থাকিলেও ছেকেণ্ড হেণ্ড স্মোকৰ আশংকা থাকে। গৰ্ভাৱস্থাত নিচাহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকক আৰু ধূমপায়ীৰ পৰা দূৰত্ব বজাই ৰাখক।

নিয়মীয়াকৈ পৰীক্ষা আৰু পৰিপূৰক গ্ৰহণ নকৰা

ডাঃ ছালনী চাদ্ধাৰ মতে গৰ্ভাৱস্থাত চিকিৎসকৰ পৰা নিয়মীয়াকৈ পৰীক্ষা কৰা আৰু আইৰণ, কেলচিয়াম আৰু ফলিক এচিডৰ দৰে প্ৰয়োজনীয় পৰিপূৰক সেৱন কৰাটো অতি প্ৰয়োজনীয়। এইবোৰক আওকাণ কৰিলে শিশুৰ অংগসমূহৰ বিকাশত প্ৰভাৱ পৰিব পাৰে আৰু জন্মৰ সময়ত জটিলতাৰ সৃষ্টি হ’ব পাৰে। চিকিৎসকে দিয়া ঔষধ আৰু পৰিপূৰকসমূহ সময়মতে গ্ৰহণ কৰক আৰু প্ৰতিমাহে নিৰ্ধাৰিত পৰীক্ষাসমূহ কৰিবলৈ নাপাহৰিব।

কেতিয়াও নষ্ট নহয়, ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক...
মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে? কিদৰে কৰা হয় কৰ্মৰ ফলৰ বিচাৰ?
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...