ঘৰত পঁইতাচোৰাৰ ত্ৰাসক লৈ আপুনিও চিন্তিত নেকি? এই সহজ পদ্ধতিৰে কৰক দূৰ

ঘৰত এবাৰ পঁইতাচোৰা প্ৰৱেশ কৰিলেই গোটেই ঘৰটো দূষিত কৰি পেলায়। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰলৈ, সকলোতে পঁইতাচোৰা খোজ কাঢ়ি থকা দেখিব। এনে পৰিস্থিতিত যদি আপুনি পঁইতাচোৰাৰ আতংকত অশান্তি পাইছে, তেন্তে আমি আপোনাক কৈছো কিছুমান সহজ আৰু ফলপ্ৰসূ ঘৰুৱা উপায় যিয়ে পঁইতাচোৰা নিৰ্মূল কৰিব।

ঘৰত পঁইতাচোৰাৰ ত্ৰাসক লৈ আপুনিও চিন্তিত নেকি? এই সহজ পদ্ধতিৰে কৰক দূৰ

ঘৰত পঁইতাচোৰাৰ ত্ৰাসক লৈ আপুনিও চিন্তিত নেকি?

Updated On: 

17 Jul 2025 16:19 PM

বাৰিষা অহাৰ লগে লগে ঘৰবোৰৰ আৰ্দ্ৰতা বাঢ়ি যায়। এই আৰ্দ্ৰতাই পোক-পৰুৱাৰ বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰে। এই বতৰত সকলোকে আটাইতকৈ বেছি অশান্তি দিয়ে পঁইতাচোৰাই। ই ঘৰৰ চুকে-কোণে থাকে। পঁইতাচোৰাই কেৱল লেতেৰা বিয়পোৱাই নহয়, খাদ্য সামগ্ৰীও নষ্ট কৰি পেলায়, যাৰ ফলত ৰোগ হ’ব পাৰে।

ঘৰত এবাৰ পঁইতাচোৰা সোমাই গ’লে সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো সহজ নহয়। যদি আপোনাৰ ঘৰত পঁইতাচোৰাৰ সংখ্যা বৃদ্ধিয়ে অশান্তি দিছে, তেন্তে আতংকিত নহ’ব। কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰিলে আপুনি এই অবাঞ্চিত অতিথিসকলৰ পৰা মুক্তি পাব পাৰে। কোনো বিষাক্ত আৰু ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ কৰক এই উপায়। পঁইতাচোৰাৰ পৰা মুক্তি পোৱাৰ সহজ উপায়।

ঘৰৰ পৰা পঁইতা-চোৰাক দূৰ কৰক

বেকিং চোডা আৰু চেনিৰ মিশ্ৰণ

বেকিং চোডা আৰু চেনিৰ মিশ্ৰণে পঁইতাচোৰা পৰা পৰিত্ৰাণৰ এক ফলপ্ৰসূ প্ৰতিকাৰ। আচলতে পঁইতাচোৰাবোৰে মিঠা ভাল পায়। ইয়াৰ বাবে বেকিং চোডা আৰু চেনি সমান পৰিমাণে মিহলাই ঘৰৰ চুক-কোণত ৰাখিব লাগে। চেনিয়ে পঁইতাচোৰাক আকৰ্ষণ কৰিব আৰু যেতিয়া সিহঁতে খাবলৈ আহিব তেতিয়া বেকিং ছ’ডাই সিহঁতৰ শৰীৰত বিক্ৰিয়া কৰি সিহঁতক মাৰি পেলাব।

তেজপাত আৰু লঙৰ গুৰি ছটিয়াই দিয়ক

পঁইতাচোৰা খেদিবলৈ তেজপাত এক ফলপ্ৰসূ প্ৰতিকাৰ। আচলতে উগ্ৰ গোন্ধৰ পৰা পঁইতাচোৰা পলাই যায়। ঘৰৰ চুকত যদি তেজপাত ৰাখে, তেন্তে তাৰ গোন্ধৰ বাবে পঁইতাচোৰা পলাই যাব। ইয়াৰ উপৰিও তেজ পাতৰ লগতে লঙো ৰাখিব পাৰি।

নেমু আৰু নিখৰ পানী

নেমু আৰু নিমখৰ পানীৰ দ্বাৰা পঁইতাচোৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায়। ইয়াৰ বাবে ৰাতি মজিয়া মচি থাকোঁতে বাল্টিটোত পানীৰ লগত নেমুৰ ৰস আৰু অলপ নিমখ মিহলাই লওক। ইয়াৰ ফলত কেৱল পঁইতাচোৰাৰ আঁতৰাই ৰখাই নহয়, ঘৰটো বেক্টেৰিয়ামুক্ত হৈ থাকিব।

টোপনিত আপোনাৰো নাক বাজে নেকি? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা!
শাওনৰ সোমবাৰে পূজাত অন্তৰ্ভুক্ত কৰক এইবোৰ সামগ্ৰী , পাব সফলতা!
প্ৰথমে কোনে, কেতিয়া ইম'জিৰ সৃষ্টি কৰিছিল জানেনে?
এই ৬টা সাধাৰণ অভ্যাসে বিকল কৰিব পাৰে আপোনাৰ বৃক্ক! জানক সকলো...