ঘৰুৱাভাৱে কৰক উচ্চ ৰক্তচাপৰ প্ৰতিকাৰঃ এনে প্ৰাকৃতিক বিধানে দিব সুফল….

ব্যস্ততাপূৰ্ণ জীৱনশৈলী, মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰম কম হোৱাৰ বাবে মানুহৰ মাজত বৰ্তমান উচ্চ ৰক্তচাপৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। আয়ুৰ্বেদত উল্লেখ কৰা বহুতো সহজ আৰু প্ৰাকৃতিক প্ৰতিকাৰে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। এনে কিছুমান ফলপ্ৰসূ আয়ুৰ্বেদিক প্ৰতিকাৰৰ বিষয়ে জানো আহক।

ঘৰুৱাভাৱে কৰক উচ্চ ৰক্তচাপৰ প্ৰতিকাৰঃ এনে প্ৰাকৃতিক বিধানে দিব সুফল….

ৰক্তচাপ নিয়ন্ত্ৰণৰ আয়ুৰ্বেদিক উপায়

Updated On: 

17 Feb 2025 | 06:53 AM

সাম্প্ৰতিক সময়ত সাধাৰণ ৰোগ সদৃশ হৈ পৰিছে উচ্চ ৰক্তচাপ সমস্যা। বয়োজ্যেষ্ঠ লোকৰ পৰা আৰম্ভ কৰি যুৱপ্ৰজন্মৰ লোকো এই ৰোগৰ চিকাৰ হৈছে। প্ৰধানতঃ ব্যস্ততাপূৰ্ণ জীৱনশৈলী, মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰম কম হোৱাৰ বাবে মানুহৰ মাজত এই ৰোগ অধিক বৃদ্ধি পাইছে। সময়মতে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ইয়াৰ ফলত হৃদৰোগ, ষ্ট্ৰোক আৰু বৃক্কৰ ৰোগৰ দৰে সমস্যাৰো সৃষ্টি হ’ব পাৰে। অৱশ্যে ইয়াৰ বাবে আতংকিত হোৱাৰ প্ৰয়োজন নাই।

আয়ুৰ্বেদত উল্লেখ কৰা বহুতো সহজ আৰু প্ৰাকৃতিক প্ৰতিকাৰে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ৰক্তচাপ নিয়ন্ত্ৰণ্ৰ ক্ষেত্ৰত আমাক সহায় কৰিব পৰা এনে কিছুমান ফলপ্ৰসূ আয়ুৰ্বেদিক প্ৰতিকাৰৰ বিষয়ে জানো আহক-

অশ্বগন্ধা

উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত প্ৰথমতে মানসিক চাপ কমোৱাটো অতি প্ৰয়োজনীয়। মনক শান্ত কৰি ৰখাত আৰু মানসিক চাপ কমোৱাত অশ্বগন্ধা এবিধ উৎকৃষ্ট বনৌষধি। নিশা শুবলৈ যোৱাৰ পূৰ্বে গাখীৰ বা কুহুমীয়া পানীৰ লগত অশ্বগন্ধা মিহলাই খাব পাৰে। ইয়াৰ সহায়ত আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব আৰু টোপনিও ভাল হ’ব।

অৰ্জুন গছৰ বাকলি

অৰ্জুন গছৰ বাকলি হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ই ধমনী পৰিষ্কাৰ কৰি তেজৰ সোঁত উন্নত কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। অৰ্জুন গছৰ বাকলি পানীত উতলাই প্ৰতিদিনে ৰাতিপুৱা খাব।

নহৰু আৰু মেথি

নহৰু প্ৰাকৃতিক ৰক্তচাপ নিয়ন্ত্ৰক ঔষধ। ই ধমনীবোৰ শিথিল কৰে আৰু তেজৰ সোঁত সঠিকভাৱে ৰাখে। প্ৰতিদিনে পুৱা খালী পেটত ১-২ ফুটা কেঁচা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ইয়াৰ বাহিৰেও মেথি গুটি ৰাতিটো তিয়াই ৰাতিপুৱা খালী পেটত খালেও উপকাৰিতা লাভ কৰিব।

ত্ৰিফলা পাউদাৰ

আমলখি, শিলিখা আৰু ভোমোৰা গুটিৰ এক ঔষধি সংমিশ্ৰণ ত্ৰিফলা সেৱনে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। প্ৰতি নিশা শুবলৈ যোৱাৰ পূৰ্বে ১ চামুচ ত্ৰিফলা গুড়ি কুহুমীয়া পানীৰ লগত খাব লাগে। ইয়াৰ দ্বাৰা কেৱল ৰক্তচাপ নিয়ন্ত্ৰণেই নহয়, পেটো সুস্থ হৈ থাকিব।

তুলসী আৰু আমলখি

তুলসী আৰু আমলখি দুয়োটাতে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। তুলসীয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। সুফল লাভৰ বাবে ৫-৬ খিলা তুলসীৰ পাত পানীত উতলাই খাব লাগে বা প্ৰতিদিনে পুৱা আমলখিৰ ৰস খাব লাগে।

যোগাসন আৰু ধ্যান

যদি আপুনি উচ্চ ৰক্তচাপৰ পৰা আঁতৰি থাকিব বিচাৰে, তেতিয়া যোগাসন আৰু ধ্যানতকৈ উত্তম সমাধান নাই। অনুলোম-বিলোম, কপালভাটি আদিৰ দৰে প্ৰাণায়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ উপৰিও প্ৰতিদিনে ১০-১৫ মিনিট ধ্যান কৰিলে মানসিক শান্তি পোৱা যায় আৰু মানসিক চাপ হ্ৰাস পায়, যাৰ ফলত ৰক্তচাপো নিয়ন্ত্ৰণত থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব