Fatty Liver: আজিয়ে কৰক ত্যাগ! এই ৩টা অভ্যাসে নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক চিকিৎসকৰ পৰা…

Fatty Liver: আজিকালি বহু মানুহৰ ফেটি লিভাৰৰ সমস্যা হোৱা দেখা যায়। আমাৰ কিছুমান অভ্যাসে যকৃতৰ সমস্যা কৰে। গতিকে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান অভ্যাস ত্যাগ কৰা দৰকাৰ। অন্যথা সমস্যা আহিব পাৰে।

Fatty Liver: আজিয়ে কৰক ত্যাগ! এই ৩টা অভ্যাসে নষ্ট কৰিব পাৰে আপোনাৰ যকৃত,  জানক চিকিৎসকৰ পৰা...

ফেটি লিভাৰৰ কাৰণ

Published: 

04 Dec 2025 13:20 PM

আজিকালি প্ৰায়ভাগ মানুহৰে ফেটি লিভাৰৰ সমস্যা হোৱা দেখা যায়। যেতিয়া লিভাৰৰ মুঠ ওজনত ৫ শতাংশ বেছি চৰ্বি জমা হয়. তেতিয়া ফেটি লিভাৰ (Fatty Liver) হয়। এনে অৱস্থাত যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। ইয়াৰোপৰি খাদ্য ভালদৰে হজম নহয়, শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ নোলাই আৰু ব্লাড চুগাৰত সমস্যা আহে। গতিকে যকৃত সুস্থ কৰি ৰখা প্ৰয়োজন।

দ্য লিভাৰ ডক্টৰ নামেৰে জনাজাত ডাঃ চাইৰিএক এবি ফিলিপছে কয় যে, আমি যদি খাদ্য, জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰো তেন্তে ফেটি লিভাৰৰ দৰে ৰোগৰ সম্ভাৱনা কম কৰিব পাৰো। তেওঁৰ মতে, কিছুমান বস্তু এৰাই চলিলে যকৃত সুস্থ হৈ থাকে। তেওঁ কয় যে, মানুহে বিশেষকৈ ৩ টা ভুল কৰিব নালাগে। যি ভুলে যকৃত নষ্ট কৰিব পাৰে।

মিঠা পানীয়ঃ ডাঃ ফিলপছৰ মতে, কোল্ড ড্ৰিংক, পেকেটত লাভ কৰা পানীয়, মিঠা চাহ, এনাৰ্জি ড্ৰিংক আদি যকৃতৰ বাবে শত্ৰু। ইয়াত থকা চেনিয়ে ইনচুলিন বৃদ্ধি কৰে আৰু যকৃতত চৰ্বি জমা কৰাত সহায় কৰে। ফেটি লিভাৰৰ পৰা হাত সাৰিবলৈ এনে পানীয় খোৱা পৰিহাৰ কৰক।

বেছি ঘিউ-মাখনঃ কিছুমান লোকে খাদ্য প্ৰস্তুত কৰাত বেছি ঘিউ, মাখন, নাৰিকল তেল, পাম অইল আদি ব্যৱহাৰ কৰে। কিন্তু এইবোৰ বেয়া। চিকিৎসকগৰাকীয়ে কয় যে, এইবোৰ বস্তু চেচুৰেটেড ফেটৰ দ্বাৰা ভৰপুৰ। গতিকে লিভাৰত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যকৃত সুস্থ কৰি ৰাখিবলৈ এইবোৰ খাদ্য কমকৈ খাব লাগে।

সুৰাঃ সুৰাই যকৃতৰ সবাতোকৈ বেছি ক্ষতি কৰে। সুৰাই যকৃতৰ ক্ষতি কৰি চৰ্বি জমা কৰাত সহায়। আনকি ই লিভাৰ চিৰিচিছৰ দৰে সমস্যাৰ সৃষ্টি কৰিব বিচাৰে। যদি আপুনি যকৃত সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে সুৰাৰ পৰা আঁতৰি থাকক।

 

চিকিৎসকগৰাকীয়ে কয় যে, ব্লেক কফি যকৃতৰ বাবে ভাল। ইয়াক থকা এন্টিঅক্সিডেন্টছ গুণে চৰ্বি কম কৰাত সহায় কৰে। লগতে ই চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

পৰিত্ৰাণৰ উপায়

  • সুষম খাদ্য খাওক।
  • ওজন নিয়ন্ত্ৰণ কৰক।
  • প্ৰতিদিনে ব্যায়াম কৰক।
  • সুৰা ত্যাগ কৰক।
  • জীৱনশৈলী উন্নত কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ নিশা শুৱাৰ পূৰ্বে মাত্ৰ ২টাকৈ ইলাচি খালে কি হয়? জানক সকলো…

ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
এই ৫ টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক চাণক্য নীতিৰ পৰা...
ৰাছিয়াত মুছলিম জনসংখ্যা কিমান? জানক...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ