শীতকালত ঠাণ্ডা পানীৰে গা ধোৱা ভাল নে বেয়া? বিশেষজ্ঞই ক’লে এই কথা…

বৰ্তমান শীতৰ সময়। এই সময়চোৱাত বহু মানুহে গা ধোৱা পৰিহাৰ কৰে। ইয়াৰ বিপৰীতে একাংশই গৰম পানী বা ঠাণ্ডা পানীৰ গা ধুৱে। শীতকালক ঠাণ্ডা পানীৰে গা ধুলে কি কয়, বা কি কথা মনত ৰাখিব লাগে এই সন্দৰ্ভত বিশেষজ্ঞই কিছু কথা জনাইছে।

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱা ভাল নে বেয়া? বিশেষজ্ঞই কলে এই কথা...
Published: 

24 Dec 2024 07:05 AM

ভাৰতৰ অত্যাধিক অঞ্চলত বৰ্তমান সময়ত প্ৰচণ্ড শীত পৰিছে। দিল্লী, উত্তৰ প্ৰদেশ, চিক্কিম, অৰুণাচল ,মেঘালয় আদিত ঠাণ্ডা বতাহ আৰু শীতৰ বাবে মানুহ বহু সমস্যাত পৰিছে। এনে সময়ত একাংশই প্ৰতিদিনে গা ধুবলৈ এৰি দিয়ে বা একাংশই গৰম পানীৰে গা ধোৱে। অৱশ্য়ে এনে কিছুমানলোকো আছে যিয়ে ঠাণ্ডাৰ দিনতো ঠাণ্ডা বা স্বাভাৱিক পানীৰে গা ধুই ভাল পায়। কোৱা হয়, গৰম পানীৰে গা ধোৱাৰ পাছত বেছি ঠাণ্ডা অনুভৱ কৰা হয়, কিন্তু ঠাণ্ডা পানীৰে গা ধুলে এনে নহয় বা শৰীৰ স্বাভাৱিক হৈ থাকে।

কিছুমানৰ মতে ইয়াৰ ফলত ষ্ট্ৰোক হ’ব পাৰে আৰু আন একাংশৰ মতে ঠাণ্ডা পানীৰে গা ধুলে দিনটো বেছি ঠাণ্ডা নালাগে। অৱশ্যে বিশেষজ্ঞই কি কয় সেয়া জনা দৰকাৰ। আজিৰ এই লেখাটোত উল্লেখ কৰা হ’ব যে শীতকালত ঠাণ্ডা পানীৰে গা ধুলে কি হয়? ইয়াৰ উপকাৰ কি কি? ইয়াৰোপৰি এই সময়চোৱাত আম কি কথা মনত ৰাখিব লাগে।

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱা

ডাঃ অংকিত বংশালে (পৰামৰ্শদাতা, আভ্যন্তৰীণ চিকিৎসা আৰু সংক্ৰমণ ৰোগ, শ্ৰী বালাজী একচন হস্পিতাল) জনাই যে, শীতকালত বহু মানুহে গৰম পানীৰে গা ধুই ভাল পায়। কিন্তু ইয়াৰ সলনি যদি স্বাভাৱিক পানীৰে গা ধোৱে তেন্তে ই আপোনাৰ বাবে ভাল। সাধাৰণতে শীতকালত ঠাণ্ডা পানীৰে গা ধুলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

ইয়াৰোপৰি ঠাণ্ডা পানীৰে গা ধুলে ছালখন ধুনীয়া আৰু সুস্থ হৈ উঠে। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ পেশীবোৰ শক্তিশালী হৈ উঠে, যিয়ে আপোনাক ব্যায়াম আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপত বহুত সহায় কৰে। ইমানেই নহয়,ঠাণ্ডা পানীৰে গা ধুলে মানসিক স্বাস্থ্যও উন্নত হয়। ইয়াৰ ফলত মানসিক চাপ কমে, শৰীৰ সক্ৰিয় হয় আৰু দৈনন্দিন জীৱনত বহু সহায় হয়।

গৰম পানীৰ অপকাৰিতা

বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডাত কুহুমীয়া পানীৰে গা ধোৱা ভাল। গৰম পানী ছাল আৰু চুলি দুয়োটাৰ বাবে ক্ষতিকাৰক। গৰম পানী চুলিত ঢালিলে চুলি দুৰ্বল হৈ পৰে আৰু সৰিবলৈ আৰম্ভ কৰে। আনহাতে ছালৰ বাবেও ই বেয়া। গৰম পানীৰে গা ধোৱাৰ ফলত ছালৰ উজ্বলতা কমি যায়। গৰম পানীৰে গা ধোৱাৰ সময়ত ভাল লাগিলেও ইয়াৰ বহু অপকাৰী গুণ আছে।

মনত ৰাখিব

ঠাণ্ডা পানীৰে গা ধোৱাৰ সময়ত মনত ৰাখিব লাগে যে, গা ধোৱাৰ সময়ত পোনে পোনে ঠাণ্ডা পানী মূৰত ঢালিব নালাগে। হাত, ভৰিত পানী দিয়াৰ পাছতহে মূৰত দিব লাগে। ইয়াৰোপৰি যদি আপোনাৰ স্বাস্থ্য ভাল নহয় বা আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...