চাহপাতৰ অবিহনে চাহ বনাওক, অধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব…
চাহৰ বহু স্বাস্থ্যৰ উপকাৰিতা গুণ আছে। বিভিন্ন প্ৰকাৰৰ চাহে পেট ফুলা, বদহজমৰ পৰা আৰম্ভ কৰি ওজন হ্ৰাস কৰা লৈকে বহুতো সমস্যা সমাধান কৰে। চাহপাতৰ উপৰি এনে কিছুমান চাহ খাব পাৰো, য'ত অধিক স্বাস্থ্য উপকাৰিতা আছে ।

অসমীয়া সমাজত চাহৰ বিশেষ গুৰুত্ব আছে । চাহৰ উপকৰিতাৰ কথা বহুতে হয়টো নাজানে । চাহৰ বহু স্বাস্থ্যৰ উপকাৰিতা গুণ আছে। বিভিন্ন প্ৰকাৰৰ চাহে পেট ফুলা, বদহজমৰ পৰা আৰম্ভ কৰি ওজন হ্ৰাস কৰা লৈকে বহুতো সমস্যা সমাধান কৰে। চাহপাতৰ উপৰি এনে কিছুমান চাহ খাব পাৰো, য’ত অধিক স্বাস্থ্য উপকাৰিতা আছে ।
পদিনা চাহ – পদিনা পাত বদহজমৰ বাবে অধিক উপকাৰী । এই পাতৰ পৰাও ঔষধ তৈয়াৰ কৰা হয়। কিন্তু আপুনি জানেনে যে, এই পাতেৰে চাহ বনোৱাও সম্ভৱ। পদিনা পাতৰ চাহ বদহজম, মুখৰ দুৰ্গন্ধ, মানসিক ভাগৰ ৰোধ কৰাত অতি ফলপ্ৰসূ। গৱেষণাৰ পৰা দেখা গৈছে যে এই চাহ মানসিক সংযোগ বৃদ্ধিতো সহায় কৰে । সতেজ পদিনা পাত গৰম পানীত উতলাই কিছু সময় ঢাকি ৰাখিব। ইচ্ছা কৰিলে পদিনা পাতৰ গুড়ি মিহলাই দিব পাৰে।
লং চাহ – হজম শক্তি উন্নত কৰিবলৈ লং অতি উপকাৰী । লঙত থকা পদাৰ্থই পাচন এনজাইম নিৰ্গত কৰাত সহায় কৰে। ইয়াত থকা ইউজেনলে পাচনতন্ত্ৰৰ প্ৰদাহ কমোৱাতো সহায় কৰে। ফলত হজম শক্তি বৃদ্ধি পায়। লঙে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে। লং গৰম পানীত উতলাই লওক। ইচ্ছা কৰিলে আদা দিব পাৰে।
জিৰা চাহ – জিৰাই খাদ্য হজম হোৱাৰ ক্ষেত্ৰত সহায় কৰে বুলি জনা যায়। ইয়াত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। পেট, গেছ, বদহজম দূৰ কৰাত জিৰা অতি উপযোগী। ইয়াৰ উপৰিও ভাল টোপনি অহাৰ ক্ষেত্ৰটো সহায় কৰে। গৰম পানীত জিৰা উতলাই চেকি খালে পেটৰ সমস্যাৰ বাবে উপকাৰী।