17 AUG 2025
TV9 ASSAM
আজিকালি সৰু ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধিলৈ, বহুতে মানসিক চাপত ভোগা দেখা যায়। এই মানসিক চাপেই পাছলৈ ড্ৰিপ্ৰেশ্যনৰ ৰূপ লয়। গতিকে নিজকে মানসিকভাৱে সুস্থ কৰা ৰখা প্ৰয়োজন।
বহু মানুহে নাজানে যে তেওঁলোকে মানসিক চাপত ভুগি আছে। কিন্তু মানসিক চাপত ভুগিলে শৰীৰত কিছুমান লক্ষণ দেখা দিয়ে। যি মানুহে আওকান কৰি চলে।
সকলো সময়তে অস্বস্তি লাগি থাকিব। সকলো কাম খৰখেদাকৈ কৰাৰ চেষ্টা কৰে। হাত-ভৰি অশান্তি লাগি থাকিব। হাত-ভৰি মোহাৰি থকা দেখা যায়। ই মানসিক চাপৰ লক্ষণ হ'ব পাৰে।
যিকোনো কথাকে হঠাতে খং উঠা। সৰু সৰু কথাত বেছিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায়। মানসিক চাপত থাকিলে যিকোনো কথাকেই খং উঠিব পাৰে।
সৰু সৰু কথাত মন বেয়া লাগিব পাৰে। কোনোবাই কিবা অলপ ক'লে কান্দি দিয়া, মন বেয়া কৰি থকা আদি মানসিক চাপত ভুগি থকাৰ লক্ষণ হ'ব পাৰে।
মানসিক চাপত ভুগি থকা লোকসকলে সোনকালে সকলো কাম শেষ কৰাৰ চেষ্টা কৰে। কামটো ভাল হ'বনে বেয়া হ'ব সেয়া জনাৰ চেষ্টা নকৰে। কেৱল পৰিণাম বেয়া হ'ব বুলি ভয় খাই থাকে।
কোনো কথাত মনোযোগ নবহিব। সকলো কথাকে অশান্তি লাগিব থাকিব। কাৰো লগত কথা পাতিব মন নোযোৱা, কথা পাতিলে খং উঠা আদি মানসিক চাপৰ লক্ষণ হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক