17 AUG 2025
TV9 ASSAM
বহু মানুহক অকালতে বৃদ্ধ হোৱা দেখা যায়। মানুহৰ ৭টা এনে অভ্যাস আছে যিয়ে আপোনাকো অকালতে বৃদ্ধ কৰিব পাৰে। ইয়াৰ বিষয়ে জানি এই অভ্যাস এৰাই চলিব লাগে।
যদি আপুনি নিশা দেৰিকৈ শুৱে তেন্তে আপোনাৰ ছাল আৰু শৰীৰে আৰাম নাপায়। এনে ক্ষেত্ৰত আপোনাৰ ছাল শেতা, চকুৰ কাষত কলা দাগ, ভাগৰুৱা লাগিব পাৰে।
ছানস্ত্ৰীণ ব্যৱহাৰ নকৰাৰ ফলত সূৰ্যৰ পৰা ওলোৱা য়ুবি পোহৰে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে। গতিকে বিশেষকৈ বাহিৰত গলে ছানস্ক্ৰীণ লগাব লাগে।
বহুত বেছি মিঠা আৰু জাংক ফুড খোৱাৰ ফলতো ছালৰ ক্ষতি হ'ব পাৰে। ইয়াৰ ফলত শালমইনাও ওলাব পাৰে। এনে ক্ষেত্ৰত আপোনাক অকালতে বৃদ্ধ লাগিব পাৰে।
যদি আপুনি কোনো শাৰীৰিক কাৰ্যকলাপ নকৰে আৰু বেছি সময় বহি থাকে তেন্তে আপোনাৰ শৰীৰত তেল চলাচল ভালদৰে নহয়। ইয়াৰ ফলত শৰীৰত গঠনত প্ৰভাৱ পৰিব পাৰে।
বেছি মানসিক চাপেও আপোনাক অকালতে বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালক লাইন পৰিব পাৰে। লগতে ছাল শেতা পৰাৰ লগতে চুলি সৰিব পাৰে।
পৰ্যাপ্ত পানী নোখোৱাৰ বাবে আপোনাৰ ছাল প্ৰভাৱিত হ'ব পাৰে। ইয়াৰোপৰি বেছিকৈ মেকআপ বা ছালৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলতো আপোনাৰ ছাল নষ্ট হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক