শিক্ষক দিৱসৰ উপলক্ষে বিশেষ অনুভৱ কৰাবলৈ প্ৰিয় শিক্ষকজনক দিয়ক এই উপহাৰ

শিক্ষক দিৱসৰ দিনটোত শিষ্যসকলে উপহাৰৰ জৰিয়তে নিজ নিজ শিক্ষা গুৰুসকলক বিশেষ অনুভৱ কৰাবলৈ চেষ্টা কৰে। যদি আপুনিও শিক্ষক দিৱসৰ দিনা আপোনাৰ প্ৰিয় শিক্ষকজনক বিশেষ অনুভৱ কৰাব বিচাৰে তেন্তে তেওঁক কিছু বিশেষ উপহাৰ দিব পাৰে।

শিক্ষক দিৱসৰ উপলক্ষে বিশেষ অনুভৱ কৰাবলৈ প্ৰিয় শিক্ষকজনক দিয়ক এই উপহাৰ

শিক্ষক দিৱসত কেনেকৈ দিব মনোগ্ৰাহী ভাষণ,

Published: 

31 Aug 2024 | 08:47 PM

স্বাধীন ভাৰতৰ প্ৰথম উপ–ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত ভাৰতত পালন কৰা হয় শিক্ষক দিৱস । এই দিনটোত শিক্ষা গুৰুসকলক সন্মান জনোৱাৰ লগতে সম্বৰ্ধনা আৰু বিশেষ অনুভৱ কৰাবলৈ বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয় । এই বিশেষ দিনটোত শিষ্যসকলে উপহাৰৰ জৰিয়তে নিজ নিজ শিক্ষা গুৰুসকলক বিশেষ অনুভৱ কৰাবলৈ চেষ্টা কৰে। যদি আপুনিও শিক্ষক দিৱসৰ দিনা আপোনাৰ প্ৰিয় শিক্ষকজনক বিশেষ অনুভৱ কৰাব বিচাৰে তেন্তে তেওঁক কিছু বিশেষ উপহাৰ দিব পাৰে।

নিজ হাতেৰে বনোৱা সামগ্ৰী উপহাৰ দিয়ক

শিক্ষকৰ বাবে তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মাণ কৰা যিকোনো সামগ্ৰী অতি গুৰুত্বপূৰ্ণ আৰু অতি সাদৰেৰে গ্ৰহণ কৰে । সেয়েহে শিক্ষক দিৱসৰ উপলক্ষে শিক্ষকৰ বাবে এখন সুন্দৰ শুভেচ্ছা কাৰ্ড বনাব পাৰে। ইয়াৰ বাহিৰেও যদি আপুনি চিত্ৰ অংকন কৰাত ভাল বা কিবা এটা সৃষ্টিশীল কাম কৰি ভাল পায়, তেন্তে আপুনি এখন ভাল ছবি বা ফুলৰ থোপা আদি তৈয়াৰ কৰি শিক্ষকজনক উপহাৰ দিব পাৰে।

ডায়েৰীৰ সৈতে কলম উপহাৰ

এজন শিক্ষকৰ বাবে কলম আৰু এখন ডায়েৰী তেওঁৰ সম্পদ । গতিকে শিক্ষক দিৱসৰ উপলক্ষে আপুনি আপোনাৰ প্ৰিয় শিক্ষক জনক এটা সুন্দৰ কলম আৰু এখন ডায়েৰী উপহাৰ দিব পাৰে। ইচ্ছা কৰিলে ডায়েৰীৰ কভাৰটোও আপুনি ডিজাইন কৰি দিব পাৰে।

সৰস্বতীৰ ফটো বা প্ৰতিমূৰ্তি

মা সৰস্বতীক জ্ঞান, কণ্ঠ আৰু সংগীতৰ দেৱী বুলি কোৱা হয় । সেয়েহে অধ্যয়নৰ ক্ষেত্ৰখনৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ বাবে মা সৰস্বতীৰ প্ৰতিমূৰ্তি বা চিত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষক দিৱসৰ উপলক্ষে আপোনাৰ প্ৰিয় শিক্ষক জনক উপহাৰ হিচাপে মা সৰস্বতীৰ প্ৰতিমূৰ্তি বা ফটো উপহাৰ দিব পাৰে ।

ডিজাইন কৰা কলম থোৱা ষ্টেণ্ড উপহাৰ দিব পাৰে

শিক্ষক দিৱসৰ দিনা আপোনাৰ প্ৰিয় শিক্ষকজনক ডিজাইন কৰা কলম থোৱা ষ্টেণ্ড উপহাৰ দিব পাৰে । য’ত প্ৰিয় শিক্ষক জনৰ নামৰ সৈতে শিক্ষক দিৱসৰ শুভেচ্ছা লিখা থাকে। ইয়াৰ লগতে ষ্টেণ্ডত ৰাখিবলৈ কেইটামান কলমও উপহাৰ দিব পাৰে।

ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ